Horoscope:মেষ : ঘৰুৱাত অস্থিৰতা কিছু পাতলিব। নতুন কোনো সংযোগত আহুকাল। শৰীৰ মধ্যম। আর্থিকত আবেদনকাৰীৰ সুযোগ। বিবাহৰ যোগ। শুভ ৰং হালধীয়া। শুভ সংখ্যা ১০।
বৃষ: পুৱা ১০টাৰ পৰা শুভ কৰ্মাদিত আগনবঢ়াই ভাল। আর্থিকত মজলীয়া ফল পাব। মাতৃৰ শৰীৰ বৰ ভালেৰে নাযাব। প্ৰেমত বাধা। দাম্পত্যত মধ্যম। শুভ ৰং বগা। শুভ সংখ্যা ২।
মিথুন: গধুৰ পৰিৱেশ যেন অনুভৱ হ’ব। সন্তানৰ বাবে চিন্তা থাকিব। ভ্রমণত সমস্যা থাকিব। দাম্পত্যত মধ্যম। বিদ্যাত শুভ। ধনত ভাল। শুভ ৰং নীলা। শুভ সংখ্যা ৫।
কর্কট: কর্মক্ষেত্রত দক্ষতা দেখুৱাব পাৰিব। ভ্ৰমণৰ ইচ্ছা কৰিলে সুযোগ পাব। মামলা-মোকদমাত জয়ী হোৱাৰ সম্ভাৱনা। নাৰীৰ শুভ দিন। বিদ্যাত যত্ন কৰক। শুভ ৰং হালধীয়া। শুভ সংখ্যা ২।
সিংহ: অংশীদাৰী ব্যৱসায়ত উন্নতিৰ কাৰকতা। আৰ্থিকত মধ্যম ফল পাব। বিদ্যাত সফলতা পাব। প্ৰেমত আৱেগিকতা বর্জনীয়। পিতৃত আৰোগ্য লাভ। শুভ ৰং ৰঙা। শুভ সংখ্যা ৩।
কন্যা: শাৰীৰিক দুশ্চিন্তাৰ কাৰণ নাই। চাকৰিয়ালৰ কৰ্মক্ষেত্ৰত সমস্যা আহিব পাৰে। বন্ধুবৰ্গৰ পৰা প্ৰতাৰিত হ’ব পাৰে। দিয়া ধন আদায় হ’ব পাৰে। শুভ ৰং সেউজীয়া। শুভ সংখ্যা ৫।
তুলা: আর্থিক দিশত খৰচ বৃদ্ধি পাব যদিও ব্যৱসায়ত আয়ৰ মাত্রা বৃদ্ধি পাব। বিদ্যাত পাৰিপাৰ্শ্বিক বাধা থাকিব। প্ৰেমত দুশ্চিন্তা। ঘৰুৱা মজলীয়া। শুভ ৰং বগা। শুভ সংখ্যা ৮।
বৃশ্চিক: কিছু পৰিমাণে মনটো ফৰকাল থাকিব। কর্মক্ষেত্রত দক্ষতাৰে আগুৱাব পাৰিব। বিদ্যাত মধ্যম। আর্থিকত মজলীয়া অগ্রগতি। নিবনুৱা শুভ। শুভ ৰং সোণালী। শুভ সংখ্যা-১।
ধনু: নাৰীৰ বাবে দিনটো শুভ। মাটি-বাৰীৰ সম্পৰ্কে সু-সংবাদ লাভকৰিব। বিদ্যাত শুভ। ভ্ৰমণ কৰিব পাৰে। ঘৰুৱা শুভ। প্রেমত বাধা। শুভ ৰং বগা। শুভ সংখ্যা ৪।
মকৰ : ব্যৱসায়-বাণিজ্যত মজলীয়া ফল পাব। সৃষ্টিমূলক চুক্তি আদিত অনুকুলতা থাকিব। শৰীৰৰ প্ৰতি অবজ্ঞা নকৰিব। সন্তানৰ ভালেই। শুভ ৰং গেৰুৱা। শুভ সংখ্যা ৫।
কুম্ভ: কামত উৎসাহ পাব। ঘৰুৱা দিশতো সহানুভূতি থাকিব। বিদ্যার্থীৰ বাবে দিনটো বেয়া নহ’ব। প্রেম প্রণয়ত শুভ। ভনী বিবাহা যোগ। শুভৰং নীলা। শুভ সংখ্যা ৮।
মীন: কোনো সংবাদত মিশ্রত প্রতিক্রিয়া হ’ব পাৰে। বিদ্যাতো ভালে নাযাব। দাম্পত্যত ভবা মতে সুখী নহ’ব। শৰীৰ মধ্যম। শুভ ৰং ৰঙা। শুভ সংখ্যা ১।