Donald Trump:লছ এঞ্জেলছত উত্তেজনা বৃদ্ধি পোৱাৰ লগে লগে নেশ্যনেল গাৰ্ড মোতায়েনৰ কথা ঘোষণা কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে।ইফালে নেচনেল গাৰ্ডে তেওঁলোকক আক্ৰমণ কৰাৰ অভিযোগ প্ৰতিবাদকাৰীৰ।
ইয়াৰ প্ৰতিবাদত দেওবাৰে লছ এঞ্জেলছৰ ৰাজপথত আৰম্ভ হয় এক নতুন আন্দোলন। প্ৰতিবাদকাৰীয়ে কেবাখনো আৰক্ষীৰ গাড়ীত জুই লগাই দিয়ে। আৰু এইবাৰ আন্দোলন দমন কৰিবলৈ আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে মাস্ক পৰিধান কৰা প্ৰতিবাদকাৰীক গ্ৰেপ্তাৰ কৰাৰ নিৰ্দেশ দিলে।
ছ’চিয়েল মিডিয়াত ট্ৰাম্পৰ নিৰ্দেশ, “এতিয়াই মাস্ক পিন্ধা প্ৰতিবাদকাৰীক গ্ৰেপ্তাৰ কৰা হওক।” নেশ্যনেল গাৰ্ডে যাতে চিনি নাপায় আৰু কন্দুৱা গেছৰ পৰা হাত সাৰিবলৈ মাস্ক পৰিধান কৰি কেবাজনো প্ৰতিবাদকাৰীয়ে এই আন্দোলনত যোগদান কৰিছে।
ইফালে, আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পে পূৰ্বে ঘোষণা কৰিছিল যে, “এতিয়াৰ পৰা মাস্ক পিন্ধি প্ৰতিবাদ কৰিব নোৱাৰিব।”
শুকুৰবাৰৰ পৰা ট্ৰাম্পৰ অনুপ্ৰৱেশ নীতিৰ বিৰুদ্ধে প্ৰতিবাদত বহুতেই যোগদান কৰিছে। ডেম’ক্ৰেটিক দলৰ গৱৰ্ণৰ গেভিন নিউছমে এই সিদ্ধান্তক অনৈতিক বুলি অভিহিত কৰিলেও ট্ৰাম্প প্ৰশাসনে এই আন্দোলন প্ৰতিহত কৰিবলৈ নেশ্যনেল গাৰ্ড মোতায়েন কৰাৰ কথা ঘোষণা কৰে।