Apcc President Gaurav Gogoi:
ব্যক্তিগত কথাক লৈ নহয়, নতুন অসমৰ জনতাই সামগ্রিক উন্নয়নৰ স্বাৰ্থ আগত ৰাখি সিদ্ধান্ত গ্রহণ কৰিব বুলি মন্তব্য কৰিছে প্রদেশ কংগ্ৰেছৰ সভাপতি তথা লোকসভাৰ বিৰোধী উপ-দলপতি গৌৰৱ গগৈয়ে। দেওবাৰে অনুষ্ঠিত হোৱা অসম বিধানসভাৰ বিশেষ অধিবেশন প্রত্যক্ষ কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতিজন পুনৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সৰৱ হৈ পৰে। প্রাক্তন মন্ত্রী-সাংসদ ৰিপুন বৰাক লগত লৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি গগৈয়ে অধ্যক্ষৰ গেলাৰীৰ আসনৰ পৰা বিধানসভাৰ কাৰ্যসূচী পৰিদর্শন কৰে।
সমান্তৰালভাৱে সাম্প্রতিক অসমৰ ৰাজনীতিত বিশেষ চর্চিত নাম গগৈ বিধানসভাৰ চৌহদত উপস্থিত হোৱাৰ সময়ছোৱাত বিভিন্নজনে চেলফি ল’বলৈ হেতা-ওপৰা কৰাৰ লগতে অধ্যক্ষ বিশ্বজিৎ দৈমাৰীক তেওঁ সৌজন্যমূলক সাক্ষাৎ কৰে। বিধানসভাৰ বাহিৰত সাংবাদিকৰ সম্মুখত প্রদেশ কংগ্ৰেছৰ সভাপতি গগৈয়ে মুখ্যমন্ত্রীয়ে তেওঁৰ বিৰুদ্ধে উত্থাপন কৰি থকা অভিযোগসমূহৰ সন্দৰ্ভত পুনৰ কয়, ‘অহা বছৰলৈকে সামাজিক মাধ্যমত বিশেষকৈ বিজেপি আইটি চেলৰ টল সেনাবাহিনীৰ পৰা মোৰ পৰিয়ালৰ বিষয়ে বহুখিনি কথা ওলাই থাকিব।
ৰাইজে বিচাৰ কৰিব যে মোৰ পৰিয়ালৰ ব্যক্তিগত কথা লৈ আগন্তুক দিনত ভোট দিব নে নতুন অসমৰ স্বাৰ্থত, সমস্যামুক্ত অসমৰ স্বাৰ্থত ভোট দিব। শিক্ষা, চিকিৎসা, খোৱাপানী, পথ মেৰামতি, বিভিন্ন জনগোষ্ঠী-জনগোষ্ঠীৰ অধিকাৰ পূৰণ কিদৰে হ’ব, এই দিশত কংগ্ৰেছৰ ভূমিকাক ৰাইজে অতি গুৰুত্বসহকাৰে ল’ব। আমাৰ বিশ্বাস অসমৰ ৰাইজ অৱগত হৈছে যে এক উজ্জ্বল অসমৰ পৰিকল্পনা কংগ্ৰেছে কৰিছে, সেই বিষয় লৈহে আমি আগন্তুক দিনত কাম কৰিম।’ আগন্তুক দিনত এক নতুন অসম গঢ় দিয়াৰ লক্ষ্যৰে কংগ্ৰেছে কাম কৰি যাব বুলি উল্লেখ কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি গগৈয়ে কয়, ‘এক নতুন অসম, যি অসমত সকলোৱে যাতে স্থান পায়। কেৱল চাৰিজন ব্যক্তিৰ নহয়, সকলোৰে বাবে এক অসমৰ পৰিকল্পনা কৰিছে কংগ্ৰেছে।’
ইফালে, অধিবেশন প্রত্যক্ষ কৰিবলৈ অধ্যক্ষই অনুমতি প্রদান কৰাৰ বাবে গগৈয়ে ধন্যবাদ জ্ঞাপন কৰি কয়, ‘বিধানসভালৈ আহি ভাল লাগিল। কংগ্ৰেছৰ বিধায়িনী দলৰ লগত অধ্যক্ষকো লগ পালো। এই বিশেষ অধিবেশনৰ নেতৃত্ব লোৱাৰ বাবে কংগ্ৰেছৰ তৰফৰ পৰা অধ্যক্ষক শুভেচ্ছা জ্ঞাপন কৰিলো। লগতে আজিৰ অধিবেশনলৈ কিছু ইউটিউবাৰক নিমন্ত্ৰণ কৰা হৈছিল আৰু তেওঁলোকৰ লগত চেলফি উঠিবলৈও সুযোগ পালো। ভিতৰত প্ৰশান্ত ফুকনে সুন্দৰকৈ ড:ভূপেন হাজৰিকাৰ গীত গাইছে। মনোৰঞ্জন তালুকদাৰে সুন্দৰকৈ সহযোগ কৰিছে।
এই সুন্দৰ পৰিৱেশ অতিবাহিত কৰিলো। বিধায়িনী দলৰ দলপতি দেৱব্ৰত শইকীয়াই দলৰ কিছু গুৰুত্বপূর্ণ কথা কৈছে। আমি বিচাৰো যে সুধাকণ্ঠ আমাৰ মাজত সদায় সজীৱ হৈ থাকক।’ ডিব্ৰুগড়ৰ বিমানবন্দৰ ভাৰতৰত্ন ড° ভূপেন হাজৰিকাৰ নামেৰে নামকৰণত পূৰ্ণ সমর্থন আগবঢ়াই প্রদেশ কংগ্ৰেছৰ সভাপতি গগৈয়ে লগতে কয়, ‘সুধাকণ্ঠৰ নামত ডিব্ৰুগড় বিমান বন্দৰ নামকৰণ কৰাৰ চৰকাৰৰ যি সিদ্ধান্ত, আমি সকলোৱে সমর্থন কৰিছো। এই সম্পর্কতে আজি মই বিধানসভালৈ আহিছো।
এতিয়াৰ পৰা যিসকল পর্যটক আহিব, তেওঁলোকে সুধাকণ্ঠৰ বিষয়ে জানিবলৈ চেষ্টা কৰিব।’ গগৈয়ে পুনৰ কয়, ‘মোৰ প্ৰয়াত পিতৃ তথা প্রাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ লগত সুধাকণ্ঠৰ ভাল সম্পর্ক আছিল। সুধাকণ্ঠৰ নামত ডিব্ৰুগড় বিমান বন্দৰটো নামকৰণ কৰা হৈছে। আমি আশাকৰো যে বিমান বন্দৰটোৰ যোগাযোগ ব্যৱস্থা তথা এই ক্ষেত্ৰত থকা সমস্যাসমূহ সমাধান হ’ব।’ প্ৰদেশ কংগ্ৰেছৰ সভাপতিজনে কয় যে ডিব্ৰুগড় বিমান বন্দৰৰ যোগাযোগৰ ক্ষেত্ৰত বহু সমস্যাৰে ভাৰাক্ৰান্ত। এতিয়াও সন্ধিয়া হ’লে ডিব্ৰুগড়ৰ পৰা গুৱাহাটী, দিল্লীলৈ যাব নোৱাৰে। চিকিৎসাজনিত জৰুৰীকালীন সমস্যা হ’লে সন্ধিয়া বিমান নাই। চৰকাৰৰ নামকৰণৰ সিদ্ধান্ত আদৰণি জনাইছো; কিন্তু চৰকাৰৰ কাম ইয়াৰ লৈকে যাতে সীমিত নাথাকে।
গুৱাহাটী বিমান বন্দৰৰ যোগাযোগ ব্যৱস্থা আজিৰ দিনত বেয়ালৈ গৈছে বুলি উল্লেখ কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি গগৈয়ে কয়, ‘কিছুদিন আগতে শিলচৰলৈ গৈছিলো, তাত এয়াৰ ইণ্ডিয়াৰ বিমান নাই। তেজপুৰলৈও আগৰ দৰে যোগাযোগ ব্যৱস্থা নাই। গুৱাহাটীৰ ভিতৰৰ্ত যদি চোৱা যায় অহা-যোৱা কৰিবলৈ টিকটৰ দাম ১৭-২০ হেজাৰ টকা। আন্তঃগাঁথনি হৈছে; কিন্তু সাধাৰণ মানুহে বিমানত উঠিবলৈ দুবাৰ চাবলগীয়া হৈছে। এই সমস্যাসমূহ দূৰ কৰি সাধাৰণ নাগৰিকৰ বাবেও বিমান সেৱা সুলভ কৰি তুলিব লাগিব বুলি তেওঁ কয়।
# ১০ ছেপ্টেম্বৰত অসমৰ ৰাইজৰ ওচৰত ক্ষমা খুজিব লাগিব মুখ্যমন্ত্রীয়ে
ইফালে, প্রদেশ কংগ্ৰেছৰ সভাপতিজনৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীয়ে উত্থাপন কৰি অহা পাকিস্তান সংযোগৰ সন্দৰ্ভত তথা অহা ১০ ছেপ্টেম্বৰত মুখ্যমন্ত্ৰীয়ে তথ্য ৰাজহুৱা কৰিব বুলি কৰি অহা দাবীৰ প্ৰসংগত গগেয়ে কয়, ‘১০ ছেপ্টেম্বৰত অসমৰ ৰাইজৰ আগত মুখ্যমন্ত্রীয়ে ক্ষমা বিচাৰিব লাগিব। আমি তাৰ কাৰণে সাজু আছো।
যদি ১০ ছেপ্টেম্বৰত মুখ্যমন্ত্ৰীয়ে কিছু কথা প্রকাশ কৰে, আমিও নিজৰ ফালৰ পৰা কিছু কথা ১১ ছেপ্টেম্বৰত প্ৰকাশ কৰিম।’ প্রসংগত গগৈয়ে কয়, ‘ৰাজনীতি চলি থাকি। বিধানসভাৰ ভিতৰতো হ’ব আৰু বাহিৰতো হ’ব। আমিও উত্তৰ বিধানসভাৰ ভিতৰত আৰু বাহিৰত দিবলৈ প্রস্তুত।’ ৰাইজৰ মাজত এটা শান্তি, সম্প্রীতিৰ সমন্বয় পৰিৱেশ থাকক বুলি উল্লেখ কৰি গগৈয়ে কয়, ‘ৰাইজৰ মাজত এটা শান্তি সম্প্ৰীতিৰ সমন্বয় পৰিৱেশ গঢ়াত কংগ্ৰেছৰ ভূমিকা যথেষ্ট গুৰুত্বপূৰ্ণ। কংগ্ৰেছে সংবিধানৰ সুৰক্ষা কৰচৰ দৰে কাম কৰিব লাগিব। লোকতন্ত্ৰৰ সুৰক্ষা কৱচৰ দৰে কাম কৰিব লাগিব। আমাৰ কাম যদি ৰাইজে ভাল পায়, আগন্তুক দিনত ৰা্ইজক সেৱা কৰিবলৈ ৰাইজে সুবিধা দিব।’