Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Drugs Seized in Chirang:চিৰাঙত নিষিদ্ধ ড্ৰাগছ সহ এজনক আটক

    Drugs Seized in Chirang:চিৰাঙত নিষিদ্ধ ড্ৰাগছ সহ এজনক আটক

    Abhi- Neel Murder Case:সোমবাৰে অভি-নীল হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান 

    Abhi- Neel Murder Case Judgement:অভি-নীল হত্যাকাণ্ডৰ দোষীৰ শাস্তি ঘোষণা আদালতৰ

    অসহায়তাৰ অন্ধকাৰৰ পৰা আত্মনিৰ্ভৰতাৰ পোহৰলৈ : পূর্ণিমা শইকীয়া

    অসহায়তাৰ অন্ধকাৰৰ পৰা আত্মনিৰ্ভৰতাৰ পোহৰলৈ : পূর্ণিমা শইকীয়া

    ৰাঘৱ চাড্ডাসহ সাত জন সাংসদ বিজেপিত যোগদান

    ৰাঘৱ চাড্ডাসহ সাত জন সাংসদ বিজেপিত যোগদান

    British Parliament:ব্ৰিটিছ সংসদলৈ আমন্ত্ৰণ মাজুলীৰ আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডঃ পীতাম্বৰ দেৱগোস্বামীক

    British Parliament:ব্ৰিটিছ সংসদলৈ আমন্ত্ৰণ মাজুলীৰ আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডঃ পীতাম্বৰ দেৱগোস্বামীক

    তুৰস্কত ১৫ বছৰৰ তলৰ শিশুৰ বাবে নিষিদ্ধ ছ’চিয়েল মিডিয়া

    তুৰস্কত ১৫ বছৰৰ তলৰ শিশুৰ বাবে নিষিদ্ধ ছ’চিয়েল মিডিয়া

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

Meghalaya Murder Incident:নৱ বিবাহিতাই কাহিনী ৰচনা কৰি ভাড়াতীয়া অপৰাধীৰে হত্যা কৰিছিল ব্যৱসায়ী স্বামীক

মেঘালয়ত মধুচন্দ্রিকালৈ যোৱা ইন্দোৰৰ নৱ দম্পতীৰ হত্যা-নিৰুদ্দেশৰ চাঞ্চল্যকৰ ঘটনাৰ ১৬ দিন পাছত পর্দা আঁতৰিল,আত্মসমর্পণ ছোনমৰ-প্রেমিকসহ চাৰিজনক গ্ৰেপ্তাৰ, উত্তৰ প্ৰদেশৰ ধাবাত মাজনিশা অকলশৰে উপস্থিত হ'ল অভিযুক্ত যুৱতী, অনাহকত মেঘালয়ৰ সুনাম নষ্ট কৰিলে: আক্ষেপ মুখ্যমন্ত্রী চাংমাৰ

publisher by publisher
June 10, 2025
in News, Assam, Crime
Reading Time: 3 mins read
0
Meghalaya Murder Incident:নৱ বিবাহিতাই কাহিনী ৰচনা কৰি ভাড়াতীয়া অপৰাধীৰে হত্যা কৰিছিল ব্যৱসায়ী স্বামীক
1
SHARES
9
VIEWS
ShareShareShareShare

Meghalaya Murder Incident:

অৱশেষত নতুন পাক ল’লে মেঘালয়ত সমগ্র দেশতে চাঞ্চল্যৰ সৃষ্টি কৰা মধ্যপ্ৰদেশৰ যুৱ ব্যৱসায়ীৰ হত্যকাণ্ডই। মেঘালয় আৰু ইন্দোৰ আৰক্ষীয়ে শনিবাৰে নিশাৰে পৰা অভিযান চলাই এই হত্যাকাণ্ডত জড়িত থকাৰ অভিযোগত নিহত ব্যৱসায়ী ৰাজা ৰঘুবংশীৰ নৱ বিবাহিতা পত্নী ছোনম ৰঘুবংশী, তেওঁৰ ‘চর্চিত’ প্রেমিক ৰাজ কুছৱাহাসহ মুঠ চাৰিজনক গ্ৰেপ্তাৰ কৰা হয়। গ্ৰেপ্তাৰৰ পূৰ্বে ছোনমে উত্তৰপ্ৰদেশত আৰক্ষীৰ ওচৰত আত্মসমর্পণ কৰিছিল। মেঘালয়ৰ পূব খাছী জিলাৰ আৰক্ষী অধীক্ষক বিবেক চিয়েমে দেওবাৰে সংবাদ মাধ্যমৰ আগত এই কথা সদৰী কৰে। আৰক্ষীয়ে লগতে জনাইছে এই ঘটনাৰ আন এজন অভিযুক্তৰ সন্ধান অব্যাহত আছে।

ADVERTISEMENT

উল্লেখ্য যে মধুচন্দ্ৰিকাৰ বাবে যোৱা মে’ত বিয়াৰ পাছতে মেঘালয় ভ্রমণ কৰিছিল ৰাজা ৰঘুবংশী আৰু তেওঁৰ পত্নী ছোনমে। যোৱা ২৩ মে’ৰ পৰা তেওঁলোক হঠাৎ সন্ধানহীন হৈ পৰে। প্ৰথম অৱস্থাত ৰঘুবংশী দম্পতী মেঘালয়ৰ কোনো দুর্গম অঞ্চলত সন্ধানহীন হোৱা বুলি ধাৰণা কৰা হৈছিল। যদিও পৰৱৰ্তী সময়ত ৰাজাৰ মৃতদেহ উদ্ধাৰৰ পাছতে সেয়া এক হত্যাকাণ্ড বুলি সন্দেহ হয়। ইয়াৰ পাছতে এই ঘটনাত ছোনম জড়িত থকা বুলিও সন্দেহ কৰা হৈছিল।

RelatedPosts

Meghalaya Coal Mine Blast:মেঘালয়ৰ কয়লাখনিত মৃতকৰ সংখ্যা বৃদ্ধি ২৫জনলৈ

Namrata Murder Case Update:যুৱ অধিবক্তা নম্ৰতা বৰা কাণ্ডৰ তদন্ত ক্ষিপ্ৰতাৰে আৰম্ভ আৰক্ষী

Raja Raghubangsri Murder Case Update:ৰাজা ৰঘুবংশীৰ হত্যাকাণ্ডত জড়িত ৪ অভিযুক্তক ৭ দিনৰ ট্রেনজিৎ ৰিমাণ্ডত ল’লে মেঘালয় আৰক্ষীয়ে

সেই ঘটনাৰ তদন্ত তথা বিভিন্ন সূত্ৰৰ ভিত্তিত মেঘালয় আৰক্ষীৰ দল এটাই ইণ্ডোৰত উপস্থিত হয়। শনিবাৰে নিশা মেঘালয় আৰক্ষীৰ উক্ত দলে ইণ্ডোৰ আৰক্ষীৰ সহযোগত অন্যতম অভিযুক্ত তথা ছোনমৰ প্রেমিক বুলি সন্দেহ কৰা ৰাজক ইণ্ডোৰত গ্ৰেপ্তাৰ কৰে। আনহাতে, ছোনমে দেওবাৰে পুৱতি নিশা উত্তৰপ্ৰদেশৰ গাজীপুৰ আৰক্ষী থানাত আত্মসমর্পণ কৰে। তেতিয়াই প্রাথমিকভাৱে আৰু তিনিজনক গ্ৰেপ্তাৰৰ তথ্য সদৰী হয়। অৱশ্যে সেই সময়ত তেওঁলোকৰ পৰিচয় প্রকাশ পোৱা নাছিল। আজি দুপৰীয়া পূব খাছী জিলাৰ আৰক্ষী অধীক্ষক চিয়েমে কয় যে ২১ বছৰীয়া ৰাজৰ উপৰি ইণ্ডোৰৰ পৰা ২২ বছৰীয়া বিশাল সিং চোহান আৰু উত্তৰপ্ৰদেশৰ ললিতপুৰত অভিযান চলাই ১৯ বছৰীয়া আকাশ ৰাজপুত নামৰ দুই অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে। আৰক্ষী অধীক্ষকজনে জনায় যে প্রথমে ললিতপুৰৰ পৰা আকাশক গ্ৰেপ্তাৰ কৰা হয়।

meghlaya 2তাৰ পাছত আৰক্ষীয়ে ইণ্ডোৰৰ পৰা ৰাজ আৰু বিশালক গ্ৰেপ্তাৰ কৰা হয়। আনহাতে, আৰক্ষীৰ অভিযান আৰম্ভ হোৱাৰ তথ্য লাভ কৰিয়ে ছোনমে গাজীপুৰ আৰক্ষী থানাত আত্মসমর্পণ কৰে। ছোনমক জিম্মাত লোৱাৰ বাবে মেঘালয়ৰ পৃথক আৰক্ষী দল এটা ইতিমধ্যে উত্তৰপ্ৰদেশলৈ ৰাওনা হৈছে। মেঘালয় আৰক্ষীয়ে সন্দেহ কৰিছে যে অভিযুক্তসকলে ২৩ মে’তে ৰাজাক হত্যা কৰিছিল। সেইদিনাই তেওঁলোকে মেঘালয় ত্যাগ কৰিছিল বুলি আৰক্ষীয়ে প্রাথমিকভাৱে সন্দেহ কৰিছে।

আৰক্ষী অধীক্ষক চিয়েমে কয়, ‘প্রাথমিকভাৱে বিষয়টো হত্যাকাণ্ড বুলি ধাৰণা হোৱা নাছিল। কোনো পর্যটক নিৰুদ্দেশ হোৱা বুলিয়ে ধাৰণা কৰা হৈছিল আৰু সেই অনুসৰিয়ে অনুসন্ধান অব্যাহত আছিল। অৱশ্যে যুৱকজনৰ মৃতদেহ বিচাৰি পোৱাৰ পাছত সেই ঘটনা ‘হত্যাকাণ্ড’ বুলি স্পষ্ট হয়।’ তেওঁ লগতে কয় যে ইয়াৰ পাছতে বিশেষ তদন্তকাৰী দল (ছিট) গঠন কৰা হয়। ইণ্ডোৰত ধৃত বাজ কুছৱাহা ছোনমৰ প্ৰেমিক নেকি? তেওঁলোকে পৰিকল্পনা কৰিয়ে ৰাজাক হত্যা কৰিছিল নেকি? এই দুই প্রশ্নৰ উত্তৰত আৰক্ষী অধীক্ষকজনে কয় যে ঘটনাৰ পৰম্পৰাবোৰ যুক্ত কৰিলে তেনেকুৱাই ধাৰণা হয়। অন্যতম অভিযুক্ত ৰাজ ঘটনাৰ সময়ত ছোনমৰ স’তেই আছিল বুলি প্রাথমিক তদন্তত ইংগিত পোৱা বুলিও তেওঁ জনায়। আৰক্ষী অধীক্ষকজনে লগতে কয় যে অভিযুক্তসকলক মেঘালয়লৈ আনি জেৰা কৰিলে সমগ্ৰ বিষয়টো আৰু স্পষ্ট হ’ব।

# ১৬ দিনৰ ‘বিভ্রান্তি’ৰ পাছত আৰক্ষীৰ সাফল্য: কিদৰে আগবাঢ়িছিল তদন্ত

একেৰাহে ১৬ দিন ধৰি হাৰাশাস্তিভোগ কৰিছিল মেঘালয় আৰক্ষীয়ে। কোনো শুংসূত্ৰ আৰক্ষীয়ে পোৱা নাছিল। ইণ্ডোৰৰ পৰা মেঘালয়ত ফুৰিবলৈ আহি নৱ দম্পতী ক’ত হেৰাল, তাৰ কোনো উমঘাম পোৱা নাছিল আৰক্ষীয়ে। সন্ধানহীন হোৱাৰ ১১ দিনৰ অন্তত এটা জলপ্রপাতৰ পাৰত যুৱ ব্যৱসায়ী ৰাজাৰ মৃতদেহ উদ্ধাৰ হয়। তথাপি সেয়া কোনো সাফল্য নাছিল। কাৰণ যুৱকজনৰ পত্নী ছোনম তেতিয়াও সন্ধানহীন হৈ আছিল। বৰঞ্চ আৰক্ষীয়ে সন্দেহ কৰিছিল যে ছোনমক দুষ্কৃতিকাৰীয়ে অপহৰণ কৰিছে। অৱশ্যে ১৬ দিনৰ পাছত ঘটনাই নতুন পাক লয়। অৱশেষত সফলতা অর্জন কৰে মেঘালয় আৰক্ষীয়ে। ছোনমে আত্মসমর্পণ কৰিবলৈ বাধ্য হয়।

meghalaya 1যোৱা ২৩ মে’ত নৱ দম্পতীক শেষবাৰলৈ একেলগে মেঘালয়ত দেখা পোৱা গৈছিল। এখন ওখ পাহাৰত আৰোহণ কৰিছিল তেওঁলোকে। প্রায় তিনি হেজাৰ খটখটী বগাই ওপৰলৈ উঠিছিল। পৰিয়ালৰ স’তেও সেই দিনাই তেওঁলোকৰ অন্তিমবাৰ ফোনত কথা হৈছিল। ৰাজাৰ মৃতদেহ উদ্ধাৰৰ পাছত আৰক্ষী নিশ্চিত হয় যে সেয়া এক হত্যাকাণ্ড। এখন ৰক্তাক্ত দা, এটা বগা টি-ছার্ট আৰু এটা ক’লা ৰেইনকোট মৃতদেহৰ সমীপৰ পৰা উদ্ধাৰ হৈছিল। ইয়াৰ পাছতে মেঘালয় আৰক্ষীৰ বিশেষ তদন্তকাৰী দল এটাই ইণ্ডোৰতো উপস্থিত হয়। ৰাজাক হত্যা কৰা বুলি নিশ্চিত হ’লেও ছোনমক কেন্দ্র কৰি ৰহস্য ঘনীভূত হৈছিল। অপহৰণকাৰীয়ে তেওঁক বাংলাদেশলৈ সৰবৰাহ কৰা বুলিও বহুতে সন্দেহ কৰিছিল।

অৱশ্যে শনিবাৰে নিশা পর্যন্ত আৰক্ষীয়ে বিশেষ সফলতা লাভ কৰা নাছিল। মেঘালয় আৰক্ষীৰ তদন্তই নতুন পাক লৈছিল যোৱা সাত জুনত। এজন স্থানীয় ট্যুৰিষ্ট গাইডে আৰক্ষীক জনায় যে ২৩ মে’ৰ পূৱা তেওঁ ৰঘুবংশী দম্পতীক দেখা পাইছিল। সেই সময়ত নৱ দম্পতীৰ স’তে তিনিজন হিন্দীভাষী লোক আছিল আৰু তেওঁলোক স্থানীয় নহয়। ইয়াতে আৰক্ষীৰ সন্দেহ বাঢ়ে আৰু ছোনমো এই সন্দেহত আওতাত সোমাই পৰে। ৰঘুবংশী দম্পতীয়ে যিটো হোম স্টেত আছিল, তাৰ চিচি টিভি ফুটেজ পৰীক্ষা কৰি আৰক্ষীয়ে গম পালে যে মৃতদেহৰ কাষত পোৱা বগা টি-ছার্ট আৰু ক’লা ৰেইনকোটটো সেইদিনা ছোনমে পৰিধান কৰি আছিল। ইয়াতে ছোনম সন্দেহৰ আৱৰ্তত সোমাই পৰে আৰু আৰক্ষীৰ তদন্তয়ো নতুন গতি লাভ কৰে।

উল্লেখ্য যে ৰঘুবংশী দম্পতীয়ে মেঘালয় দৰ্শনৰ বাবে এখন স্কুটী ভাড়া কৰিছিল। আৰক্ষীয়ে স্কুটীখন উদ্ধাৰ কৰাৰ সময়ত তাত চাবিও লাগি আছিল। মেঘালয় আৰক্ষীয়ে জনাইছে যে এই পর্যন্ত চাৰিজনক গ্ৰেপ্তাৰ কৰা হৈছে যদিও আৰু কেইজনমানৰ সন্ধান অব্যাহত আছে। স্বামীক হত্যাৰ বাবে ছোনমে প্ৰেমিক ৰাজৰ স’তে মিলি ভাড়াতীয়া হত্যাকাৰী নিয়োগ কৰিছিল বুলিও আৰক্ষীয়ে সন্দেহ কৰিছে। ইতিমধ্যে ছোনম আৰু ৰাজৰ একাধিক ফোনকলৰ সন্ধান পাইছে আৰক্ষীয়ে। ৰাজ্যক এই হত্যাকাণ্ডৰ অন্যতম পৰিকল্পনাকাৰী বুলি আৰক্ষীয়ে সন্দেহ কৰিছে। অৱশ্যে এই বিষয়ত আৰক্ষীয়ে বিশেষ তথ্য সদৰী কৰা নাই। আৰক্ষীয়ে লগতে সন্দেহ কৰিছে যে ৰাজৰ স’তে ছোনমৰ আগৰে পৰাই সম্পর্ক আছিল আৰু স্বামীক তেওঁলোকৰ পৰা আঁতৰাই পঠোৱাৰ বাবেই মধুচন্দ্ৰিকাৰ বাবে মেঘালয়ৰ দৰে পাৰ্বত্য অঞ্চলক বাছি লৈছিল।

# কেনেকৈ আত্মসমর্পণ কৰিলে ছোনমে: নিজ ভ্রাতৃয়েই দিছিল আৰক্ষীক খবৰ

দেওবাৰে পুৱতি নিশা প্রায় এক বজাত উত্তৰপ্ৰদেশৰ গাজীপুৰৰ এখন ধাৰাত ছোনমৰ আবিৰ্ভাৰ হয়। ধাবাৰ গৰাকী ছাহিল যাদবে ইতিমধ্যে তদন্তকাৰী দলক এই বিষয়ত সবিস্তাৰে জনাইছে। ছোনমে ধাবাত উপস্থিত হৈ তেওঁৰ সহায় ভিক্ষা কৰিছিল। তাৰ পাছতে ছাহিলৰ ফোনৰ পৰা ছোনমে নিজৰ ভ্রাতৃ গোবিন্দৰ স’তে কথা পাতে। গোবিন্দই আৰক্ষীক খবৰ দিয়াৰ লগতে ছাহিলকো ফোন কৰি ছোনমৰ কথা আৰক্ষীক জনাবলৈ উপদেশ দিয়ে। তাৰ পাছতে ছাহিলে আৰক্ষীক খবৰ দিয়ে। প্রায় দুঘণ্টা ছোনম তেওঁৰ ধাবাত থকা বুলি সদৰী কৰি ছাহিলে কয় যে পুৱতি নিশা প্রায় তিনিৰ পৰা চাৰি বজাত গাজীপুৰ আৰক্ষীৰ দল উপস্থিত হৈ ছোনমক নিজৰ জিম্মাত লয়।

সংবাদ মাধ্যমৰ আগত ছাহিলে কয় যে পুৱতি নিশা প্রায় এক বজাত ছোনমে তেওঁৰ ওচৰলৈ আহি কান্দি কান্দি ফোন বিচাৰে। ধাবাত প্রৱেশ কৰি ছোনমে প্রথমে দুজনমান গ্রাহকৰ পৰা ফোন বিচাৰিছিল; কিন্তু কোনেও নিদিলে। তাৰ পাছতে ছোনমে ছাহিলৰ ওচৰলৈ আহি কয় যে তেওঁক কোনোবাই আনি ধাবাৰ সন্মুখত এৰি গৈছে। ছোনমে লগতে কয় যে মেঘালয়ত তেওঁৰ গহনা আদি চুৰি হৈছে। তাৰ পাছতে তেওঁ অজ্ঞান হৈ পৰে। কিদৰে আহি উত্তৰপ্ৰদেশৰ ধাবাত উপস্থিত হ’ল সেই বিষয়ে ছোনমে নাজানে বুলিও ছাহিলক জনাইছিল।

অৱশ্যে কোনে এই কাম কৰিছিল, সেই বিষয়ত ছোনমে বিশেষ একো জনোৱা নাছিল। ইয়াৰ পাছতে ছাহিলৰ পৰা ফোন লৈ ছোনমে নিজৰ ভ্ৰাতৃলৈ ভিডিঅ’ কল কৰে। কিছু সময়ৰ পাছতে ছোনমৰ ভ্রাতৃয়ে ছাহিলৰ স’তে যোগাযোগ কৰি শীঘ্ৰে আৰক্ষীক জনাবলৈ উপদেশ দিয়ে। ছাহিলে কয়, ‘ছোনমৰ ভ্রাতৃয়ে মোলৈ ফোন কৰি আৰক্ষীক ক’বলৈ কয় যে এই যুৱতী গৰাকীয়েই শ্বিলং কাণ্ডত জড়িত।’ তেওঁৰ কথা শুনিয়ে ছাহিলে আৰক্ষীলৈ ফোন কৰে। তাৰ পাছতে আৰক্ষীয়ে আহি ছোনমক জিম্মাত লয়।

ইপিনে, নিহত ৰাজাৰ ভাতৃ বিপুল ৰঘুবংশীয়ে সংবাদ মাধ্যমক জনায় যে দেওবাৰে পুৱতি নিশা গাজীপুৰৰ নন্দগঞ্জৰ ‘কাশী ধাবা’ৰ পৰা ছোনমে তেওঁৰ ভ্ৰাতৃ গোবিন্দ ৰঘুবংশীলৈ ফোন কৰে। ভিডিঅ’ কলত ছোনমে জনায় যে তেওঁ গাজীপুৰত আছে। ইয়াৰ পাছতে গোবিন্দই ইণ্ডোৰ আৰক্ষীক অৱগত কৰাৰ লগতে ধাবাৰ মালিককো আৰক্ষীক জনাবলৈ কয়। বিপুলে কয়, ‘ছোনমে আত্মসমর্পণ কৰা নাই। গোবিন্দৰ স’তে মোৰ পুৱাই কথা হয়। তেওঁ জনায় যে তেওঁৰ ভগ্নীক উত্তৰপ্ৰদেশত পোৱা গৈছে। লগে লগে আমি আৰক্ষীক খবৰ দিলো। আৰক্ষীয়েই ছোনমক গ্ৰেপ্তাৰ কৰে।’

ৰাজাৰ ভ্ৰাতৃয়ে লগতে সদৰী কৰে যে ছোনম যিমানদিন তেওঁলোকৰ ঘৰত আছিল, নৱ দম্পতীক কেতিয়াও কাজিয়া কৰা দেখা নাছিল। বিয়াৰ পাছত দুয়ো আনন্দতে আছিল। তেওঁ কয়, ‘যদি বৌরে সঁচাকৈয়ে এই কাম কৰিছে, তেন্তে তেওঁৰ কঠোৰ শান্তি বিচাৰো।’ আনহাতে, ছোনমৰ মাতৃ সংগীতা ৰঘুবংশীয়ে কয়, ‘কোনটো ঠিক, কোনটো ভুল সেয়া তদন্তৰ পাছতহে জনা যাব। যদিও ছোৱালীজনীক বিচাৰি পোৱা গৈছে, এতিয়া সেইটোৱেই স্বস্তিৰ।’

# ছোনমৰ পৰিয়ালৰ দোকানতে চাকৰি সূত্ৰে প্ৰেমত পৰিছিল ৰাজ

আৰক্ষীৰ তদন্ততে পোহৰলৈ আহিছে যে ছোনমৰ বিয়াৰ পূৰ্বেই হত্যাকাণ্ডৰ অন্যতম অভিযুক্ত ৰাজৰ স’তে প্ৰেমৰ সম্পর্ক আছিল। পূব খাছী জিলাৰ আৰক্ষী অধীক্ষক চিয়েমে জনাইছে যে বিয়া পাছতো দুয়ো যোগাযোগ অব্যাহত ৰাখিছিল। ছোনমৰ পৰিয়ালৰ ছানমাইকাৰ ব্যৱসায় আছে। তাতেই কৰ্মচাৰীৰূপে কাম কৰিছিল ২১ বছৰীয়া ৰাজে। সেই সূত্রেই ছোনমৰ স’তে ৰাজৰ আলাপ হৈছিল আৰু দুয়ো সঘনাই ফোনত বাৰ্তালাপ কৰিছিল। আনকি দেওবাৰে নিশা গ্ৰেপ্তাৰ হোৱাৰ পূৰ্বে দিনৰ ভাগত ৰাজে ছোনমৰ পৰিয়ালৰ গুদামত নিজৰ কৰ্তব্য সম্পাদন কৰিছিল।

# মোৰ ছোৱালীয়ে এনে কাম কৰিব নোৱাৰে পিতৃয়ে দূষিলে মেঘালয় আৰক্ষীক

ইপিনে, ধৃত ছোনমৰ পিতৃ দেৱী সিঙে কন্যাৰ বিৰুদ্ধে উত্থাপিত সমস্ত অভিযোগ খণ্ডন কৰিছে। সিঙে দাবী কৰিছে যে তেওঁৰ কন্যাই তেনে কাম কোনোপধ্যেই কৰিব নোৱাৰে। সমস্ত বিষয়টো মেঘালয় আৰক্ষীয়ে সৃষ্টি কৰা গল্প বুলিহে তেওঁ দাবী কৰে। লগতে তেওঁ কয় যে চিবিআই তদন্ত হ’লেই সকলো কথা স্পষ্ট হৈ পৰিব। সংবাদ মাধ্যমৰ আগত সিঙে কয়, ‘মোৰ ছোৱালী নিৰপৰাধী। কন্যাৰ ওপৰত মোৰ বিশ্বাস আছে। তেওঁ এই কাম কৰিব নোৱাৰে।’

ইয়াৰ পাছতে মেঘালয় চৰকাৰ আৰু আৰক্ষীক সমালোচনা কৰি ছোনমৰ পিতৃয়ে কয়, ‘প্রথমৰ পৰাই ৰাজ্যখনৰ চৰকাৰে মিছা কথা কৈ আহিছে। মেঘালয় আৰক্ষীয়েও মিছা কথা কৈছে। মোৰ ছোৱালীয়ে কিয় এনে কাম কৰিবলৈ যাব?’ সিঙে লগতে দাবী কৰিছে যে দুই পৰিয়ালৰ সন্মতিতে ৰাজা আৰু ছোনমৰ বিয়া হৈছিল। প্রকৃত সত্য পোহৰলৈ অহাৰ বাবে তেওঁ চিবিআই তদন্তৰো দাবী জনাইছে। এই আবেদন লৈ তেওঁ মধ্যপ্ৰদেশৰ মুখ্যমন্ত্রী মোহন যাদৱ আৰু কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহক সাক্ষাৎ কৰিব বুলিও সদৰী কৰে।

# মেঘালয়ৰ বদনাম হ’ল: চাংমা

দেওবাৰে ছোনমসহ চাৰিজনক গ্ৰেপ্তাৰৰ পাছতে মুখ খুলিলে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনবাড চাংমাই। এই হত্যাকাণ্ড প্রসংগত মেঘালয় আৰক্ষীয়ে প্রয়োজনীয় সকলো পদক্ষেপ গ্রহণ কৰিব বুলি মন্তব্য কৰি চাংমাই নকয়, ‘যি কৰিব লাগে আমি সকলো কৰিম। কোনো এজন অভিযুক্ত মেঘালয়ৰ নোহোৱা সত্ত্বেও আমাৰ চৰকাৰ আৰু ৰাজ্যখন এই ঘটনাত বদনামী হৈছে।’ মুখ্যমন্ত্রীজনে লগতে কয়, ‘আমাৰ ৰাজ্য অতি শান্তিপ্রিয়। আমি পৰ্যটকক সম্মান কৰো। যি ঘটিল সেয়া অত্যন্ত দুর্ভাগ্যজনক। আমি চাৰি অভিযুক্তক গ্ৰেপ্তাৰ কৰিছো। আমি তেওঁলোকক মেঘালয়লৈ আনিম।’

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Four Person ArrestedMeghalaya PoliceRaja Raghubangshi Murder Case
publisher

publisher

Related Posts

Drugs Seized in Chirang:চিৰাঙত নিষিদ্ধ ড্ৰাগছ সহ এজনক আটক
News

Drugs Seized in Chirang:চিৰাঙত নিষিদ্ধ ড্ৰাগছ সহ এজনক আটক

April 24, 2026
Abhi- Neel Murder Case:সোমবাৰে অভি-নীল হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান 
Crime

Abhi- Neel Murder Case Judgement:অভি-নীল হত্যাকাণ্ডৰ দোষীৰ শাস্তি ঘোষণা আদালতৰ

April 24, 2026
অসহায়তাৰ অন্ধকাৰৰ পৰা আত্মনিৰ্ভৰতাৰ পোহৰলৈ : পূর্ণিমা শইকীয়া
News

অসহায়তাৰ অন্ধকাৰৰ পৰা আত্মনিৰ্ভৰতাৰ পোহৰলৈ : পূর্ণিমা শইকীয়া

April 24, 2026
ৰাঘৱ চাড্ডাসহ সাত জন সাংসদ বিজেপিত যোগদান
News

ৰাঘৱ চাড্ডাসহ সাত জন সাংসদ বিজেপিত যোগদান

April 24, 2026
British Parliament:ব্ৰিটিছ সংসদলৈ আমন্ত্ৰণ মাজুলীৰ আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডঃ পীতাম্বৰ দেৱগোস্বামীক
News

British Parliament:ব্ৰিটিছ সংসদলৈ আমন্ত্ৰণ মাজুলীৰ আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডঃ পীতাম্বৰ দেৱগোস্বামীক

April 24, 2026
তুৰস্কত ১৫ বছৰৰ তলৰ শিশুৰ বাবে নিষিদ্ধ ছ’চিয়েল মিডিয়া
News

তুৰস্কত ১৫ বছৰৰ তলৰ শিশুৰ বাবে নিষিদ্ধ ছ’চিয়েল মিডিয়া

April 24, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d