280 bags of urea fertilizer seized in Jorabat:
যি সময়ত ৰাজ্যৰ খেতিয়কসকলে প্রয়োজনীয় সাৰ বিচাৰি হাহাকৰ কৰিবলগীয়া হৈ আহিছে, সেই একে সময়তে ৰাজ্যত এতিয়া অব্যাহত আছে ইউৰিয়া সাৰৰ চোৰাং বেহা। বিশেষকৈ প্রধানমন্ত্রীৰ বিশেষ ধ্বজাবাহী আঁচনিৰ অধীনত কৃষকক সুবিধার্থে কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰা ৰাজসাহায্যযুক্ত ইউৰিয়া সাৰক লৈ এতিয়া একাংশ অসাধু ব্যবসায়ীয়ে অব্যাহত ৰাখিছে এই চোৰাং বজাৰখন। বিগত সময়ছোৱাত অসমৰ কৃষকৰ বাবে আবণ্টিত ইউৰিয়া সাৰ চুবুৰীয়া ৰাষ্ট্র বাংলাদেশ পর্যন্ত সৰবৰাহৰ তথ্য উন্মোচিত
হৈছিল।
এই চোৰাং বজাৰখনৰ লগত জড়িতসকলক সময়ে সময়ে ৰাজ্যৰ কৃষি বিভাগে হুংকাৰ প্ৰদান কৰি আহিছে যদিও বিভাগটোক বুঢ়া আঙুলি দেখুৱাই বিভিন্ন চক্রই ইউৰিয়া সৰৰ চোৰাং বেহা অব্যাহত ৰাখিছে। আজি পুনৰ পূব গুৱাহাটী আৰক্ষী জিলাৰ অধীনৰ বশিষ্ঠ আৰক্ষীৰ অভিযানত বৃহৎ সংখ্যক চেৰাং ইউৰিয়া জব্দ হোৱা ঘটনাই ইয়াক পুনৰবাৰ প্ৰমাণিত কৰিলে।
উল্লেখ্য যে এক গোপন খবৰৰ ভিত্তিত আৰক্ষীয়ে যোৰাবাটৰ নাকা চেকিং পইন্টত এখন ট্রাক জব্দ কৰে। এএছ-২৮ চি-৯৪৩০ নম্বৰৰ ট্রাকখনত তালাচী চলাই আৰক্ষীয়ে ‘প্রধানমন্ত্রী ভাৰতীয় জন উৰ্বৰক পৰিযোজনা’ৰ অধীনৰ ২৮০ বেগ ভাৰত ইউৰিয়া জব্দ কৰে। ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে বাহনখনৰ চালক বৰপেটাৰ ছাহিদুল খান (৩৬)ক গ্রেপ্তাৰ কৰিছে বুলি বশিষ্ঠ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া কপিল পাঠকে সদৰী কৰিছে। লগতে তেওঁ কয় যে প্রাথমিক তদন্তৰ ভিত্তিত জব্দকৃত ইউৰিয়াখিনি বৰপেটাৰ পৰা অনা হৈছিল আৰু মেঘালয়লৈ সৰবৰাহৰ চেষ্টা কৰা হৈছিল।
ধৃতই ইউৰিয়াখিনি সৰবৰাহৰৰ কোনো সঠিক নথি দাখিল কৰিব পৰা নাই। সম্প্রতি ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে এক গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে।