Guwahati:
দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:মহানগৰীত দীৰ্ঘদিন ধৰি ডকাইতি কাৰ্যৰে একপ্ৰকাৰ সন্ত্ৰাস সৃষ্টি কৰি অহা দহটাকৈ কুখ্যাত ডকাইত অৱশেষত বশিষ্ঠ আৰক্ষীৰ জালত পৰে ৷বিশেষ খবৰৰ ভিত্তিত বশিষ্ঠ আৰক্ষীয়ে অভিযান চলাই খানাপাৰাৰ পৰা পাঁচজনক,হাতীগাঁৱৰ পৰা পাঁচজনক আটক কৰে। ইয়াৰে এজনক ৰয়েল ইন লজৰ পৰা গ্ৰেপ্তাৰ কৰে। ধৃত ডকাইত কেইটা হ’ল বিপুল আলী, ৰমজান, গাজী, নাছিব, আছাদুৰ, আব্দুৰ, ছাহিদ, ছামদুৰ আৰু মকতুল হুছেইন। একেদৰে আৰক্ষীয়ে ডকাইত কেইটাৰ পৰা এটা এয়াৰ গান, দুখন চাৰিচকীয়া বাহন, দুখন বাইক আৰু ডকাইতি কাৰ্যত ব্যৱহৃত বিভিন্ন চোকা জাতীয় অস্ত্র উদ্ধাৰ কৰে। ইতিমধ্যে ধৃত ডকাইত কেইটাক অধিক তথ্যৰ বাবে জেৰা চলাইছে বশিষ্ঠ আৰক্ষীয়ে ৷





























