Body of missing police Constable found after 11 months:
অৱশেষত উদ্ধাৰ হ’ল ১১ মাহ পূর্বে ৰহস্যজনকভাৱে সন্ধানহীন হোৱা অসম আৰক্ষীৰ এজন বেটেলিয়ন জোৱানৰ মৃতদেহ। জোৱানজনক তেওঁৰ দ্বিতীয় পত্নীয়ে দুই পুত্র আৰু এজন ডাম্পাৰ চালকৰ স’তে মিলি হত্যা কৰি মৃতদেহ পুতি থোৱাৰ সন্দেহত আৰক্ষীয়ে চাৰিওকে গ্ৰেপ্তাৰ কৰিছে।
তদুপৰি ঘটনা সংক্রান্তত আৰক্ষীয়ে জোৱানজনৰ শহুৰেক (দ্বিতীয়) ক আৰু এজন অভিযুক্তৰ ভনী জোঁৱায়েককো আটক কৰিছে। আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি যোৱা বছৰৰ ২৭ জুলাইত ৰহস্যজনকভাৱে সন্ধানহীন হয় নাজিৰাৰ মথুৰাপুৰ আৰক্ষী থানাৰ অন্তর্গত ৰহদৈ নিমাইগড় হাবিগাঁৱৰ নিৱাসী তথা মানকাচাৰস্থিত অসম আৰক্ষীৰ ২৬ নম্বৰ বেটেলিয়নৰ হাবিলদাৰ ৰবিউল হুছেইন (৫১)।
হুছেইন ৰহস্যজনকভাৱে সন্ধানহীন হোৱাৰ পাছতে তেওঁৰ দ্বিতীয়া পত্নী বেবী বেগম আৰু দুই পুত্র বিদুল আৰু মাফুছৰ বিৰুদ্ধে তেওঁৰ প্ৰথমা পত্নী আৰক্ষীৰ দ্বাৰস্থ হয়। এই অভিযোগৰ ভিত্তিত আৰক্ষীয়ে জোৱানজনৰ দ্বিতীয়া পত্নী, দুই পুত্র আৰু দ্বিতীয় শহুৰেকক গ্ৰেপ্তাৰ কৰে। কিছুদিন ন্যায়িক জিম্মাত থকাৰ পাছত আটাইকেইজন জামিনত মুকলি হৈ আহে। অৱশ্যে ঘটনাটোৰ অন্যতম অভিযুক্ত মুকিব আলী নামৰ ডাম্পাৰচালকজনে আত্মগোপন কৰে।
আলীৰ স’তে জোৱান হুছেইনৰ দ্বিতীয়া পত্নীৰ গোপন সম্পর্ক থকাৰো অভিযোগ উত্থাপন হৈছে। শনিবাৰে আৰক্ষীয়ে গোচৰটোত হুছেইনৰ দ্বিতীয়া পত্নী, দুই পুত্ৰ, ডাম্পাৰচালক মুকিবক গ্ৰেপ্তাৰ কৰে। ইয়াৰে মুকিবক চেন্নাইত আত্মগোপন কৰি থকা অৱস্থাৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি আনে।
আনহাতে, হুছেইনৰ প্ৰথমা পত্নীয়ে অভিযোগ উত্থাপন কৰা অনুসৰি, যোৱা বছৰৰ ২৭ জুলাইৰ নিশা তেওঁৰ স্বামীক দ্বিতীয়া পত্নী বেগম, দুই পুত্ৰ আৰু ডাম্পাৰচালক মুকিবে মিলি আঠটা টোপনি অহা টেবলেট পানীত মিলাই খোৱাই অচেতন কৰে। তাৰ পাছতে তেওঁক মুখত গাৰুৰে হেঁচা মাৰি ধৰে দলটোৱে। তদুপৰি বেবী বেগমৰ প্ৰথম পুত্ৰই চোকা অস্ত্ৰৰে পিতৃৰ পেটত আঘাত হানে।
ইপিনে, আৰক্ষীৰ জেৰাত অভিযুক্ত মুকিবে প্ৰকাশ কৰিছে যে জোৱানজনক হত্যা কৰাৰ পাছতে নিশাই মৃতদেহ বস্তাত ভৰাই তেওঁৰ ঘৰৰ পিছফালে পুতি পেলোৱা হয়। তাৰ পৰাই শনিবাৰে পুৱা আৰক্ষীয়ে দণ্ডাধীশৰ উপস্থিতিত জোৱানজনৰ মৃতদেহ (কংকাল) গাঁত খান্দি উলিয়ায়। জোৱানজনৰ প্ৰথমা পত্নীৰ ১১ মাহজোৰা চেষ্টাৰ অন্তত এই সমগ্ৰ ঘটনা পোহৰলৈ আহে।
আৰক্ষীয়ে অভিযুক্ত মুকিবৰ ভনী জোঁৱায়েক আৰু বেবী বেগমৰ পিতৃকো আটক কৰিছে।আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি, জোৱান হুছেইনে দ্বিতীয় বিবাহ কৰাৰ পাছতে তেওঁৰ প্ৰথমা পত্নী অর্জুনগুৰিস্থিত পিতৃৰ গৃহলৈ গুচি যায় দুয়োৰে এজন পুত্ৰ আৰু এগৰাকী কন্যাও আছে। পাছত তেওঁৰ দ্বিতীয় পত্নীয়েও দুটি পুত্র সন্তান জন্ম দিয়ে। জোৱানজনে দুয়োগৰাকী পত্নী আৰু আটাইকেইটি সন্তানক চোৱাচিতা কৰিছিল।
তেওঁৰ দ্বিতীয় পত্নীৰ ফালৰ দুই পুত্ৰই একাদ্বশ আৰু দ্বাদশ শ্ৰেণীত অধ্যয়ন কৰি থকা অৱস্থাত ঘটনাটো সংঘটিত হয়। জোৱানজনে দুখন ডাম্পাৰো ক্ৰয় কৰে। ইয়াৰে এখন ডাম্পাৰ পাছত তেওঁ বিক্ৰী কৰে। আনখন ডাম্পাৰৰ চালকৰূপে তেওঁ নিমাইগাঁৱৰ হাবিগাঁৱৰ মুকিব আলী (৩৫)ক নিযুক্তি দিয়ে। অৱশেষত এই মুকিব জোৱানজনৰ হত্যাত অভিযুক্ত হয়।
একাংশৰ মতে, মুকিবৰ বেবী বেগমৰ স’তে গোপন সম্পর্ক আছিল। ইয়াৰ পৰিণতিত হত্যাকাণ্ডটো সংঘটিত হয় বুলি অভিযোগ উত্থাপন হৈছে। অৱশ্যে হত্যাকাণ্ডৰ কাৰণ সম্পত্তিকেন্দ্রিক হোৱাৰো সন্দেহ প্রকট হৈছে। কাৰণ পিতৃক হত্যাত জোৱানজনৰ দ্বিতীয় পত্নীৰ ফালৰ দুই পুত্ৰই সহযোগ কৰাৰ অভিযোগ উত্থাপন হৈছে। আনকি যোৱা বছৰৰ ২৭ জুলাইত পিতৃক কৰ্মস্থলীলৈ বুলি ঘৰৰ পৰা আগবঢ়াই দিয়া বুলিও জোৱানজনৰ জ্যেষ্ঠ পুত্রই প্রথমাৱস্থাত দাবী কৰিছিল।