Leopard Cub Rescued :
নাজিৰাৰ গড়আলিত উদ্ধাৰ দুটাকৈ নাহৰফুটুকীৰ পোৱালি ৷ গড়আলিৰ জংঘলৰ মাজত বিচৰণ কৰি থকা অৱস্থাত নাহৰফুটুকীৰ পোৱালি দুটাক স্থানীয় লোকে উদ্ধাৰ কৰি চমজাই দিয়ে বন বিভাগক ৷
ADVERTISEMENT
উল্লেখ্য যে হাবিতলীয়া অঞ্চলটোত বহুদিন ধৰি স্থানীয় গঞাৰ পশুধন ভ্ৰক্ষণ কৰি আহিছিল নাহৰফুটুকীয়ে ৷ যাৰবাবে গঞা ত্ৰস্তমান হৈ থকাৰ মাজতে শনিবাৰে দুটাকৈ নাহৰফুটুকীৰ পোৱালি উদ্ধাৰ হোৱাৰ ঘটনাই ৰাইজক পুনৰ কৰি তুলিছে সন্ত্ৰস্ত । গঞাই সন্ত্ৰাস সৃষ্টিকাৰী নাহৰফুটুকীক অচিৰেই পিঞ্জৰাবদ্ধ কৰিবলৈ দাবী জনাইছে বন বিভাগক I






























