Ambubachi mela 2025:
নীলাচল পাহাৰস্থিত শক্তিপীঠ কামাখ্যা দেৱালয়ত প্ৰতি বছৰে পালন কৰি অহা অম্বুবাচী মহাযোগলৈ মাজত মাথোঁ পাঁচটা দিন। ২২ জুনৰ বিয়লি দুই বাজি ৫৬ মিনিট যোৱাৰ লগে লগে অম্বুবাচীৰ প্ৰবৃত্তি আৰম্ভ হ’ব আৰু ইয়াৰ লগে লগে কামাখ্যা মন্দিৰৰ দুৱাৰ বন্ধ হৈ পৰিব।
এই সন্দর্ভত কামাখ্য দেৱালয়ৰ মুখ্য দলৈ কবিন্দ্র প্রসাদ শর্মা, কামৰূপ মহানগৰ জিলা আযুক্ত সুমিত ছাত্তাবান আৰু আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথি মহন্তই মন্দিৰৰ চৌহদত এক সংবাদমেল সম্বোধন কৰি ধৰ্মীয় অনুষ্ঠানটোলৈ আহিবলগীয়া ভক্তসকলৰ সহায় হোৱাকৈ কে’তবোৰ নীতি-নির্দেশনা সদৰী কৰিছে। এই সন্দৰ্ভত মুখ্য দলৈ শর্মাই কয় যে তিনি দিনধৰি এই দুৱাৰ বন্ধ থকাৰ পাছত ২৬ জুনৰ পুৱা দুৱাৰ মুকলি হ’ব।
২৬ আৰু ২৭ জুনত সৰ্বসাধাৰণ যাত্ৰীয়ে দৰ্শনৰ সুবিধা পাব বুলি তেওঁ উল্লেখ কৰি এই দুটা দিনত বিশেষ আৰু ভিআইপি দৰ্শনৰ কোনোধৰণৰ ব্যৱস্থা নাথাকে বুলি স্পষ্ট কৰি দিয়ে। আনহাতে, মালিগাঁও উৰণীয়া সেতুৰ তলৰ পৰা তথা নীলাচলৰ পাদদেশ আৰু কামাখ্যা মন্দিৰ সংযোগী মূল পথছোৱাত উল্লিখিত দিনকেইটাত যান-বাহন চলাচল বন্ধ থাকিব।
২২ জুনৰ পৰা ২৫ জুনলৈ নীলাচল পাহাৰত পুৱা পাঁচ বজাৰ পৰা সন্ধিয়া ছয় বজালৈ ভক্তই প্ৰৱেশ কৰিব পাৰিব। অর্থাৎ এই সময়ছোৱাৰ ভিতৰতহে সংশ্লিষ্ট মূল পথৰে ভক্তক প্ৰৱেশৰ অনুমতি প্রদান কৰা হৈছে। একেদৰে ব্যয়োজ্যেষ্ঠ ব্যক্তি আৰু কম বয়সীয়া শিশু পৰাপক্ষত লগত নানিবলৈও কর্তৃপক্ষই ভক্তসকলক আহ্বান জনাইছে। উল্লেখ্য যে পাণ্ডু-কামাখ্যা মন্দিৰ সংযোগী নতুন পথছোৱা জৰুৰীকালীন সেৱাৰ বাহিৰে সকলোৰে বাবে বন্ধ থাকিব।
লগতে প্রশাসনে অম্বুবাচীৰ সময়ছোৱাত দেৱালয়ৰ প্ৰাংগনত উচ্চ স্বৰৰ সংগীত আৰু কোলাহল, সাংস্কৃতিক শোভাযাত্রা নিষিদ্ধ ঘোষণা কৰিছে। যিকোনো ধৰণৰ সহায় তথা জৰুৰীকালীন অৱস্থাত ১১২ নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনোৱা হৈছে। উল্লেখ্য যে এই অনুষ্ঠানক লৈ জিলা আয়ুক্তৰ কাৰ্যালয়ত পর্যটন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে সংশ্লিষ্ট বিষয়াসকলৰ স’তে এক পর্যালোচনা বৈঠপ অংশ লয়।