Iran’s newly appointed army chief Ali Shadmani has been killed in an Israeli attack:
যুদ্ধবিধ্বস্ত ইজৰাইল আৰু ইৰানত এতিয়া কেৱল জুই আৰু ধোঁৱাৰ কুণ্ডলী ৷ কিছুদিন আগলৈকে আটকধুনীয়া ঘৰবোৰ আজি ক’লা বৰণীয়া,কংকালসাৰ ৰূপ লৈ কোনোমতে থিয় দি আছে অথবা ছাইত পৰিণত হৈছে ৷ ক্ৰমাৎ তীব্ৰতৰ দুয়ো দেশৰ আক্ৰমণ – প্ৰত্যাক্ৰমণ। এনে ঘটনাক্ৰমৰ মাজতে ইৰানৰ বাবে আহিল এটা বেয়া খবৰ ৷ ইজৰাইলৰ বিধ্বংসী ড্ৰ’ণ ক্ষেপণাস্ত্ৰৰ আক্ৰমণত নিহত হ’ল ইৰাণৰ নৱ-নিযুক্ত সেনাধ্যক্ষ আলী ছাদমানি ৷
উল্লেখ্য কেইদিন পূৰ্বে তদানীন্তন সেনাধ্যক্ষ সহ আঠজনকৈ পাৰমানৱিক বিজ্ঞানী ইজৰাইলৰ ড্ৰ’ণ ক্ষেপণাস্ত্ৰৰ আক্ৰমণত কৰুণ মৃত্যুক সাবটি লয় ৷
আনহাতে ইজৰাইল আৰু ইৰানৰ মাজত সংঘটিত যুদ্ধত মাৰ্কিন যুক্তৰাষ্ট্ৰৰ প্ৰৱেশৰ সম্ভাৱনা ঘনীভূত হৈ পৰিছে ৷ ইতিমধ্যে চ’ছিয়েল মেডিয়াত চৰ্চা লাভ কৰিছে যে ট্ৰাম্পে ইৰানৰ ৰাজধানী তেহৰান তৎকালেই খালী কৰিবলৈ আহ্বান জনাইছে ৰাজধানী বাসীক ৷ যাৰবাবে যোৱা নিশাৰে পৰা তেহৰানত নগৰবাসীয়ে নিজৰ বাহন লৈ নিৰাপদ স্থানলৈ ধাপলি মেলাত ৰাজপথত তীব্ৰ যানজঁটৰ সৃষ্টি হয়।
শেহতীয়া খবৰ অনুসৰি আর্মেনিয়া সীমান্তৰে ইৰাণ এৰিছে শ শ ভাৰতীয়ই। আনহাতে ইৰান-ইজৰাইলৰ সংঘৰ্ষ আৰম্ভ হোৱাৰ পাছতে ভাৰতৰ কমেও ১০ হেজাৰ শিক্ষাৰ্থীৰ পৰিয়াল শংকিত হৈছে। কিয়নো, এই বৃহৎ সংখ্যক শিক্ষার্থী ইৰানৰ নানা চহৰত অধ্যয়নৰত হৈ আছে। ইতিমধ্যে এই শিক্ষার্থী সকলক নিৰাপদে ভাৰতলৈ প্রেৰণৰ বাবে তেহৰানক অনুৰোধ জনাইছে নতুন দিল্লীয়ে।
আন এক খবৰ অনুসৰি কানাডাৰ অনুষ্ঠিত হৈ থকা জি৭ শিখৰ সন্মিলন আধাতে সামৰি ৱাশ্বিংটনলৈ উভতি আহিছে ৰাষ্ট্ৰপতি ট্ৰাম্প ৷ আন্তৰাষ্ট্ৰীয় মহলে সন্দেহ কৰা মতে আজি বা কালিৰ ভিতৰত এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল’ব পাৰে হোৱাইট হাউচে ৷ ইপিনে,তেহৰাণত বসবাস কৰা ভাৰতীয়ক শীঘ্ৰে ইৰাণস্থিত ভাৰতীয় দূতাবাসৰ সৈতে যোগাযোগৰ আহ্বান জনাইছে ভাৰতীয় বৈদেশিক মন্ত্ৰণালয়ে ।
ইতিমধ্যে ইৰাণস্থিত ভাৰতীয় হাই কমিচনাৰে তেহৰাণত বসবাস কৰা ভাৰতীয়ৰ বাবে নিম্নোক্ত ফোন নম্বৰসমূহ কেইটা মুকলি কৰিছে নম্বৰ কেইটা হ’ল :+989010144557; +989128109115; 989128109109 |
আনহাতে বিমানৰে ভাৰতলৈ উভতি অহাৰ কোনো উপায় নাই। অৱশ্যে স্থলবন্দৰ হৈ ইৰান এৰিব পাৰিব ভাৰতীয় পঢ়ুৱৈসকলে। এই ক্ষেত্ৰত আজাৰ বাইজান, তুর্কমেনিস্তান আৰু আফগানিস্তান হৈ স্থলপথৰে ভাৰতলৈ উভতিব পাৰিব এই ভাৰতীয় শিক্ষাৰ্থী সকল ।
দেওবাৰে নিশা ইউনিভাবছিটি অৱ মেডিকেল ছায়েন্সৰ শিক্ষাৰ্থীসকলৰ আৱাসৰ নিচেই কাষতে হোৱা ক্ষেপণাস্ত্র আক্রমণত কমেও দুই ভাৰতীয় পঢ়ুৱৈ আহত হয়। তাৰ পাছতে উদ্ধাৰ অভিযানৰ বাবে ভাৰতীয় দূতাবাসক আবেদন জনাইছিল শিক্ষার্থীসকলে। বহু শিক্ষার্থীয়ে ক্ষেপণাস্ত্র আক্ৰমণৰ আশংকাত নিশা শুব পৰা নাই বুলি কৈছে। বিস্ফোৰণৰ শব্দত নিদ্রাহৰণ হৈছে, আতংকৰে কটাইছে প্রতিটো মুহূর্ত।
তেহৰানৰ ভাৰতীয় দূতাবাসে জনোৱা মতে, পৰিস্থিতিৰ ওপৰত দৃষ্টি ৰখা হৈছে আৰু ইৰানৰ নিৰাপদ স্থানলৈ ভাৰতীয় শিক্ষার্থীক স্থানান্তৰ কৰা হৈছে। অৱশ্যে তেহৰানৰ উপৰি ইৰানৰ বিভিন্ন প্রান্তত আকাশমাৰ্গৰে ইজৰাইলে আক্রমণ চলাইছে। সেইবাবেই নিৰাপদ স্থান বিচাৰি পোৱাটো দুৰূহ বিষয় হৈছে। ইজৰাইলী আক্ৰমণৰ পাছতে ইৰানৰ বিমান সেৱা বন্ধ কৰা হয়। দেশৰ ভিতৰতো বিমানৰ চলাচল বন্ধ কৰা হৈছে।