Paran Kumer Baruah Passed Away:
বিশিষ্ট কবি- সাহিত্যিক, সমালোচক , সমাজকৰ্মী,নগাঁও জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ,অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য পৰাণ কুমাৰ বৰুৱাৰ (৬৬) যোৱা নিশা প্ৰায় ১১ বজাত আকস্মিক ভাৱে মৃত্যু হয়। নগাঁও চহৰৰ লাওখোৱা পথৰ বাসিন্দা পৰাণ কুমাৰ বৰুৱা কালি নিশা হঠাৎ হৃদ ৰোগত আক্ৰান্ত হোৱাত পৰিয়ালৰ লোকে ততাতৈয়াকৈ নগাঁও মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰায় যদিও কিছু সময়ৰ পিছত তেওঁৰ মৃত্যু।
আজি পুৱা তেওঁৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে অগনন গুণমুগ্ধ আৰু বিভিন্ন সংগঠন ,অনুষ্ঠান আদিৰ প্ৰতিনিধি তেওঁৰ বাসগৃহত উপস্থিত হৈ শেষ শ্ৰদ্ধা জ্ঞাপন কৰে। পিছত তেওঁৰ মৃতদেহ এখন সুসজ্জিত বাহনত লৈ কিশলয় সাংস্কৃতিক গোষ্ঠী , নগাঁও জিলা সাহিত্য সভাৰ কাৰ্যালয় ,ডচন উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়লৈ নিয়া হয় আৰু সাহিত্য সভা,কিশলয়কে ধৰি বিভিন্ন অনুষ্ঠান – প্ৰতিষ্ঠানে তেওঁৰ প্ৰতি শেষ শ্ৰদ্ধা জ্ঞাপন কৰে।দুপৰীয়া হয়বৰগাঁও শ্মশানত বহু গুণমুগ্ধৰ উপস্থিতিত তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হয়।
উল্লেখ্য যে,১৯৫৯ চনৰ আঠ এপ্ৰিলত জন্মগ্ৰহণ কৰা পৰাণ কুমাৰ বৰুৱাই ডচন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা মেট্ৰিক, নগাঁৱৰ আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লোৱাৰ পাছত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে । পিছত তেওঁ অসম চৰকাৰৰ উদ্যোগ আৰু বাণিজ্য বিভাগৰ চাকৰিত যোগদান কৰি নিজৰ কৰ্মজীৱন আৰম্ভ কৰে।পাছলৈ তেওঁ বিভাগটোৰ বিষয়া হিচাপে অৱসৰ গ্ৰহণ কৰে।
১৯৭৮ চনতে অসম সাহিত্য সভাৰ সদস্য পদ গ্ৰহণ কৰা বৰুৱাই পৰৱৰ্তী সময়ত নগাঁও সাহিত্য সভাৰ সম্পাদক ,নগাঁও জিলা সাহিত্য সভাৰ উপসভাপতি ,সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। অসম আন্দোলনৰ এগৰাকী সক্ৰিয় কৰ্মী ,অসম জাতীয়তাবাদী যুৱ – ছাত্ৰ পৰিষদৰ নগাঁও নগৰ সমিতিৰ প্ৰতিষ্ঠাপক সভাপতি পৰাণ কুমাৰ বৰুৱাই জাতীয়তাবাদী আন্দোলনৰো গুৰি ধৰিছিল। ১৯৮৫ চনত তেওঁ কিছুদিনৰ বাবে অসম গণ পৰিষদ দলৰ লগত জড়িত হৈছিল।
নগাঁৱৰ অন্যতম আগশাৰীৰ সাংস্কৃতিক সংগঠন কিশলয় সাংস্কৃতিক গোষ্ঠীৰ তেওঁ প্ৰতিষ্ঠাপক সভাপতি আছিল। তেওঁ অসম কবি সন্মিলনৰ উপ-সভাপতিও আছিল। নগাঁৱৰ ডছন উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ,এক নম্বৰ আমোলাপট্টী নিম্ন বুনিয়াদী বিদ্যালয় পৰিচালনা সমিতিৰ সদস্য ,শ্ৰীশ্ৰী বটদ্ৰৱা থান পৰিচালনা সমিতি ,শ্ৰীমন্ত শংকৰ মিছন ,নগাঁও ভাওনা সমাৰোহ সমিতিৰ লগতে নগাঁৱৰ বিভিন্ন সামাজিক – সাংস্কৃতিক অনুষ্ঠানৰ লগত জড়িত , নগাঁৱৰ সমাজ জীৱনৰ এগৰাকী পথিকৃত পৰাণ কুমাৰ বৰুৱা জাতীয়তাবাদী চেতনাৰ অন্যতম হোতা আছিল।
সহজ – সৰল জীৱন যাপন কৰা পৰাণ কুমাৰ বৰুৱাই অসম সাহিত্য সভাৰ ৰহা বিশেষ বাৰ্ষিক অধিবেশনৰ কবি সন্মিলনৰ সঞ্চালক আছিল। ৰাষ্ট্ৰীয় পৰ্যায়ৰ কবি মেলতো বৰুৱাই অংশগ্ৰহণ কৰিছিল। অসম চৰকাৰৰ সাহিত্যিক পেঞ্চনাৰ পৰাণ বৰুৱাই কুৰিখনৰো অধিক গ্ৰন্থ,সম্পাদনা গ্ৰন্থ ,কাব্যগ্ৰন্থৰ জৰিয়তে অসমীয়া ভাষা সাহিত্যলৈ উল্লেখনীয় অবদান আগবঢ়াই গৈছে। উল্লেখ্য যে, বৰুৱাই ভীমৰাও আম্বেদকাৰ বঁটা ,মাইকেল মধুসুদন বঁটাকে ধৰি কেবাটাও বঁটা লাভ কৰিছিল।
পৰাণ কুমাৰ বৰুৱাৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰি ৰাজহ মন্ত্ৰী কেশৱ মহন্তই কয় যে, পৰাণ কুমাৰ বৰুৱাৰ মৃত্যু অসমীয়া সাহিত্য ক্ষেত্ৰখনৰ বাবে অপুৰণীয় ক্ষতি।নগাঁৱৰ বিধায়ক ৰূপক শৰ্মাই বৰুৱাৰ মৃত্যত শোক প্ৰকাশ কৰি কয় যে, মানুহক ভালপোৱা ,অসমীয়া সাহিত্য- সংস্কৃতিৰ একনিষ্ঠ সেৱক পৰাণ কুমাৰ বৰুৱাৰ অকাল বিয়োগ নগাঁৱৰ সাহিত্য- সংস্কৃতিৰ জগতখনৰ লগতে সমাজ জীৱনৰ বাবে অপুৰণীয় ক্ষতি। প্ৰাক্তন মন্ত্ৰী গিৰীন্দ্ৰ কুমাৰ বৰুৱাই নিজৰ শোকবাৰ্তাত কয়-পৰাণ কুমাৰ বৰুৱা যথাৰ্থতে এগৰাকী জাতীয়তাবাদী চিন্তাৰ ব্যক্তি আছিল।
বৰুৱাৰ মৃত্যুত নগাঁও বাসীয়ে এগৰাকী ভাল মানুহ হেৰুৱালে। অসম সাহিত্য সভাৰ উপ-সভাপতি পদুম ৰাজখোৱাই বৰুৱাৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি কয় যে, পৰাণ কুমাৰ বৰুৱাই সকলোকে লেখা- মেলা কৰাত উৎসাহ যোগাইছিল। তথ্যগত ভাবে সুন্দৰ বক্তৃতা দিব পৰাটো তেওঁৰ অন্যতম গুণ আছিল।
নগাঁও জিলা সাহিত্য সভাৰ সভাপতি ড: শৰৎ বৰকটকী আৰু সম্পাদক ৰাজীৱ হাজৰিকাই বৰুৱাৰ অসমীয়া সাহিত্যৰ নিষ্ঠাবান এগৰাকী সাধকৰ মৃত্যু হল বুলি উল্লেখ কৰে।এই মৃত্যু জিলাখনৰ লগতে সাহিত্য জগতৰ বাবে ডাঙৰ ক্ষতি। তেখেতৰ বিয়োগত বিভিন্ন দল,সংগঠন,অনুষ্ঠান প্ৰতিষ্ঠানে গভীৰ শোক প্ৰকাশ কৰিছে। মৃত্যুৰ সময়ত তেওঁ মাতৃ ,পত্নী,পুত্ৰ ,কন্যা সহ বহু আত্মীয় স্বজন ইহসংসাৰত এৰি থৈ যায়।




































