2025 World Police & Fire Games:
মাৰ্কিন যুক্তৰাষ্ট্ৰত উজ্জ্বলিল দুগৰাকীকৈ অসম সন্তান ৷ দেশ খনৰ আলাবামাৰ বাৰ্মিংহামত ৩০ জুনৰ পৰা পহিলা জুলাইলৈ অনুষ্ঠিত হোৱা ৱৰ্ল্ড পুলিচ এণ্ড ফায়াৰ গেমছত অংশগ্ৰহণ কৰি বিশ্ব পুলিচ পাঞ্জাত দুটাকৈ সোণৰ পদক অৰ্জন কন্দৰ্পৰ বৰাৰ। আনহাতে বিশ্ব পুলিচ টাইকোৱান-ডো’ত অংশগ্ৰহণ কৰি ব্ৰঞ্জ পদক লাভ কৰিবলৈ সক্ষম হয় সবিতা ৰামছিয়াৰী ৷ উল্লেখ্য যে, ৰামছিয়াৰী ভাৰতৰ হৈ অংশগ্ৰহণ কৰা এছএছবি টাইকোৱান-ডো’ দলৰ একমাত্ৰ খেলুৱৈ ৷
আনহাতে অসম আৰক্ষীৰ হৈ প্ৰতিযোগিতাত যোগদান কৰা কন্দৰ্পই পাঞ্জাত ৭০কেজি শাখাৰ সোঁহাত আৰু বাওঁহাত দুই শাখাতে সোণৰ পদক জয় কৰি ৰাজ্যৰ লগতে সমগ্র দেশলৈকে গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।
ইপিনে,শোণিতপুৰ জিলাৰ শালনীবাৰীৰ এছএছবি টাইকোৱান-ডো’ দলৰ প্ৰতিনিধি সবিতা ৰামছিয়াৰীয়ে বৰ্ল্ড পুলিচ এণ্ড ফায়াৰ গেমছত ব্ৰঞ্জৰ পদক জয় কৰি দেশক গৌৰৱান্বিত কৰিবলৈ সক্ষম হৈছে। ৩০ জুনৰ পৰা পহিলা জুলাইলৈকে অনুষ্ঠিত এই প্রতিযোগিতাত সবিতাই তেজস্বিতা আৰু অনবদ্য কৌশলৰে আন্তঃৰাষ্ট্ৰীয় মঞ্চত নিজৰ স্থান সুনিশ্চিত কৰে। সবিতা আছিল এই প্রতিযোগিতাত ভাৰতৰ হৈ অংশগ্ৰহণ কৰা এছএছবি টাইকোৱান-ডো’ দলৰ একমাত্ৰ খেলুৱৈ।
তেওঁৰ এই সফলতা দলটো আৰু সমগ্র এছএছবিৰ বাবে এক বিশেষ গৌৰৱৰ বিষয়। সবিতাই আৰটিচি এছএছবি শালনীবাৰী, তেজপুৰস্থিত টাইকোৱান-ডো’ প্রশিক্ষণ কেন্দ্রত প্রশিক্ষক আব্দুল ৰফিকৰ তত্ত্বাৱধানত কঠোৰ প্রশিক্ষণ লৈ এই সফলতা অর্জন কৰিছে। এই গৌৰৱজনক সফলতাৰ বাবে এছএছবিৰ সঞ্চালক সচিব, আৰটিচি শালনীবাৰী উপ-মহানির্দেশক আৰু অন্যান্য জ্যেষ্ঠ বিষয়াসকলে সবিতাক আন্তৰিক অভিনন্দন জনাইছে।
# লং জাম্পৰ পাছত ট্রিপল জাম্পটো স্বর্ণ লাভ ৰিম্পী বুঢ়াগোহাঁইৰ
মাৰ্কিন যুক্তৰাষ্ট্ৰৰ আলাবামাৰ বার্মিংহামত উজলিছে অসমৰ ৰিম্পী বুঢ়াগোহাঁই। ৱল্ড পুলিচ এণ্ড ফায়াৰ গেমছৰ এথলেটিক চেম্পিয়নশ্বিপত দ্বিতীয়টো সোণ লাভ এথলেটিক গৰাকীৰ ৷ উল্লেখ্য যে লং জাম্পৰ পাছত ট্রিপল জাম্পটো স্বর্ণ লাভ কৰিবলৈ সক্ষম হয় ৰিম্পী বুঢ়াগোহাঁইৰ।































