Three Drugs Paddlar Arrested:
নগাঁও আৰক্ষীয়ে এক বিশেষ সূত্ৰৰ খবৰৰ ভিত্তিত নগাঁও বাইপাছৰ বৰঘাটত অভিযান চলাই বুজন পৰিমাণৰ নিষিদ্ধ হেৰ’ইন আৰু কফ ছিৰাপসহ এজন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে। ধৃত ড্ৰাগছ সৰবৰাহকাৰীজনৰ নাম মফিদুল ইছলাম। তেওঁ শিলচৰৰ পৰা এখন স্কুটীত ড্ৰাগছখিনি সৰবৰাহ কৰি আনিছিল বুলি আৰক্ষী সূত্রই জনাইছে। সূত্রটোৱে আৰু জনোৱা মতে, মফিদুলে ১৬ টা চাবোনৰ বাকচত বিশেষ কৌশলৰে ড্ৰাগছখিনি স্কুটীখনৰে কঢ়িয়াই আনিছিল। আৰক্ষীয়ে নম্বৰ প্লেটবিহীন স্কুটীখনো জব্দ কৰিছে।
ইপিনে, জিলাখনৰ ৰূপহীহাটৰ পুঠিখাইতিতো সোমবাৰে দুপৰীয়া আৰক্ষীয়ে অভিযান চলাই ১০ টাকৈ ড্রাগছভর্তি কন্টেইনাৰ, ১১ টা নিচাজাতীয় কফছিৰাপৰ বটল আৰু নগদ ১১,২৪০ টকা জব্দ কৰাৰ লগতে গ্ৰেপ্তাৰ কৰে দুজন ড্ৰাগছ সৰবৰাহকাৰীক। ধৃত ড্ৰাগছ সৰবৰাহকাৰী দুজনৰ নাম আবু নছৰ আৰু গুলজাৰ হুছেইন বুলি আৰক্ষী সূত্রই জনাইছে। ধৃত ড্রাগছ সৰবৰাহকাৰী দুজনক নগাঁও আৰু ৰূপহীহাট আৰক্ষীয়ে অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে।






























