Jaljeevan Abhiyan:
দুর্নীতি-কমিছনৰাজৰ ভৰত অসমত চূড়ান্ত ব্যর্থ হোৱা কেন্দ্রীয় চৰকাৰৰ ধ্বজাবাহী আঁচনি জল জীৱন মিছনৰ ওপৰত শেষৰটো গজাল মাৰিলে দিল্লীয়ে। যোৱা ১৬ জুনত কেন্দ্ৰীয় চৰকাৰৰ জলশক্তি মন্ত্রণালয়ে দেশৰ সকলো ৰাজ্য আৰু কেন্দ্রীয়শাসিত অঞ্চললৈ প্ৰেৰণ কৰা এখন অত্যন্ত গুৰুত্বপূৰ্ণ পত্ৰতে স্পষ্ট কৰি দিয়ে যে আঁচনিখনৰ বাবে এতিয়াৰে পৰা আৰু চৰকাৰে পুঁজি ব্যয় নকৰে। আঁচনিখনৰ বাকী ৰোৱা কামৰ ব্যয় ৰাজ্য চৰকাৰে বহন কৰিব লাগিব। ইতিমধ্যে দেশৰ কে’বাখনো ৰাজ্যই আঁচনিখন এশ শতাংশ ৰূপায়ণ
কৰিবলৈ সক্ষম হৈছে। বেছিভাগ ৰাজ্যই আঁচনিখনৰ এশ শতাংশ ৰূপায়ণৰ দুৱাৰডলিত উপনীত হৈছে। অসমকে ধৰি কেইখনমান ৰাজ্যহে এই ক্ষেত্ৰত পিছপৰি ৰৈছে। তদুপৰি অসমত আঁচনিখন ৰূপায়ণৰ নামত কেলেংকাৰিৰ অন্ত নাই। কমিছনৰাজৰ দৌৰাত্ম্যত আঁচনিখন অসমত একপ্ৰকাৰ কোঙা হৈ পৰিছে। অসমৰ ক্ষেত্ৰত আঁচনিখন ৰূপায়ণৰ বাবে ধাৰ্য কৰা পুঁজিৰ অংশৰ পৰিমাণ অত্যন্ত গুৰুত্বপূর্ণ।
বিশেষ ৰাজ্যৰ স্বীকৃতি থকা হেতুকে অসমত আঁচনিখন ৰূপায়ণৰ বাবে ৰাজ্য চৰকাৰে কেৱল ১০ শতাংশ পুঁজিহে ব্যয় কৰিব লাগে। বাকী ৯০ শতাংশ কেন্দ্রীয় চৰকাৰে বহন কৰে। এনে পৰিস্থিতিত কেন্দ্ৰৰ শেহতীয়া স্থিতিয়ে অসমক অধিক শ’লঠেকত পেলোৱাটো নিশ্চিত হৈছে। তদুপৰি আঁচনিখন ৰূপায়ণৰ নামত ব্যাপক অনিয়ম হোৱাৰ পৰিপ্ৰেক্ষিতত বিগত বৰ্ষৰ পৰা আঁচনিখন ৰূপায়ণৰ কাম প্রায় স্থৱিৰ হৈ পৰিছে।
আনকি তৃতীয় পক্ষৰ দ্বাৰা অসমত আঁচনিখনৰ মান নিৰূপণৰ তদন্ত কৰিবলগীয়া হয়। এনে তদন্তৰ বাবে কেন্দ্ৰীয় চৰকাৰে পুঁজি যোগান সম্পূর্ণ বন্ধ কৰি ৰাখিছে। ফলত নতুন প্রকল্প ৰূপায়ণ, নির্মীয়মাণ প্ৰকল্পৰ কাম সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে। প্রায় আঠ হেজাৰ ঠিকাদাৰেও কে’বা হেজাৰ কোটি টকা পাবলৈ বাকী আছে। অসমে নিজাকৈ সৃষ্টি কৰা এই জটিল পৰিস্থিতিৰ মাজতে কেন্দ্ৰৰ শেহতীয়া সিদ্ধান্ত ভূতৰ ওপৰত দানহ পৰাৰ দৰে হৈছে।
জল জীৱন আঁচনিখন গ্ৰহণ কৰা হৈছিল ২০১৯-২০৩। আঁচনিখন সম্পূৰ্ণ কৰাৰ লক্ষ্য লোৱা হৈছিল ২০২৩-২৪ত। আঁচনিখনৰ মূল উদ্দেশ্যই আছিল দেশৰ গ্রামাঞ্চলৰ জনসাধাৰণক নলযোগে বিশুদ্ধ পানী যোগান ধৰা। কেন্দ্ৰৰ পত্ৰখনত উল্লেখ কৰা অনুসৰি, ২০১৯-২০ৰ পৰা ২০২৩-২৪লৈ যি পুঁজি ধাৰ্য কৰা হৈছিল, সেয়া ইতিমধ্যে সম্পূৰ্ণৰূপে ব্যয় কৰা হৈছে; বৰঞ্চ অতিৰিক্তকৈ কে’বা হেজাৰ কোটি টকা মোকলাই দিয়া হৈছে।
জলশক্তি মন্ত্রণালয়ৰ তথ্য অনুসৰি, আঁচনিখনৰ বাবদ ইতিমধ্যে ২.০৮ লাখ কোটি টকালৈ ব্যয় বৃদ্ধি হৈছে। বাজেট বহির্ভূতভাৱে ব্যয় হয় ২২,৬৯৪ কোটি টকা। সেয়াও যোৱা ৩১ মাৰ্চৰ ভিতৰত সম্পূৰ্ণৰূপে ব্যয় কৰা হয়। সেয়েহে পত্ৰখনত উল্লেখ কৰা হৈছে যে আঁচনিখনৰ বাবদ প্রায় সম্পূর্ণ পুঁজি ইতিমধ্যে ব্যৱহাৰ কৰা হৈছে। গতিকে ইয়াৰ পাছত অতিৰিক্ত যি ব্যয় হ’ব, সেয়া ৰাজ্য চৰকাৰসমূহে বহন কৰিব লাগিব। পত্ৰখনত এই বুলিও স্পষ্ট কৰি দিয়া হৈছে যে পানীৰ বিষয়টো সম্পূৰ্ণৰূপে ৰাজ্যবোৰৰ আওতাৰ ভিতৰত পৰে।
গতিকে ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলবোৰে জল জীৱনৰ বাকী ৰোৱা কামখিনি নিজৰ পুঁজিৰে আগবঢ়াই নিব লাগিব। পত্ৰখনত এই বিষয়টোও স্পষ্ট কৰি দিয়ে যে আগন্তুক দিনত কেন্দ্ৰীয় চৰকাৰে আৰু জল জীৱনৰ নামত পুঁজি ব্যয় নকৰে। পত্ৰখনত লগতে উল্লেখ কৰা হৈছে যে যদিহে আঁচনিখনৰ সময়সীমা বৃদ্ধি কৰা হয়, তেন্তে যোগ্যতা অর্জনকাৰী ৰাজ্যবোৰেহে কেন্দ্ৰৰ পৰা এই ক্ষেত্ৰত অনুদান লাভ কৰিবলৈ সক্ষম হ’ব। অৱশ্যে তাৰ বাবেও সংশ্লিষ্ট কর্তৃপক্ষৰ অনুমোদন লাগিব। সংশ্লিষ্ট কর্তৃপক্ষ হিচাপে জলশক্তি মন্ত্রণালয়কে বুজোৱা হৈছে বুলি অসম চৰকাৰৰ জল জীৱন মিছনৰ লগত জড়িত উচ্চস্তৰীয় সূত্রই উল্লেখ কৰে।
যোগ্যতা অর্জনকাৰী ৰাজ্যৰ ভিতৰত অসম পৰিবনে, সেয়াও এটা ডাঙৰ প্রশ্ন হৈ আহিছে। কাৰণ অসমত আঁচনিখন ৰূপায়ণৰ নামত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ তথ্য কেন্দ্ৰীয় চৰকাৰে কেতিয়াবাই লাভ কৰিছিল। সেই কাৰণেই নিৰপেক্ষ সংস্থাৰ দ্বাৰা অসমত ৰূপায়িত প্রকল্পৰ নমুনাভিত্তিক তদন্ত কৰা হয়। অসমত আঁচনিখনৰ ৰূপায়ণো যথেষ্ট লেহেমীয়াকৈ চলি আহিছে। আকৌ কার্যক্ষম হোৱা বহু প্রকল্প অতি কম দিনৰ ভিতৰতে বিকল হৈ পৰিছে। কেন্দ্ৰীয় চৰকাৰে ধাৰ্য কৰি দিয়া মানসম্পন্ন নীতি-নির্দেশনা উলংঘা কৰি নিম্নমানৰ সামগ্ৰীৰ ব্যৱহাৰৰে ৰূপায়ণ কৰা বহু প্ৰকল্প অকামিলা হৈ পৰাটো এটা মুকলি সত্য। চৰকাৰীভাৱেও এই কথা স্বীকাৰ কৰি ল’বলৈ বাধ্য হৈছে।
অসমত আঁচনিখনৰ সফলতা কেৱল মুখেৰেহে দাবী কৰি আহিছে ৰাজ্য চৰকাৰে। অসমত প্রায় ৮০ শতাংশ লোকলৈ জলজীৱনৰ আঁচনিৰ সংযোগ দিয়াৰ দাবী ৰাজ্য চৰকাৰে কৰি আহিছে; অথচ ইয়াৰ বিপৰীতে বাস্তৱত ৫০ শতাংশৰো কম লোকেহে পানী পাবলৈ সক্ষম হৈছে। তাৰেও বহু শতাংশ লোকে নিয়মীয়াকৈ পানী লাভ নকৰে।
কেন্দ্ৰৰ এই গুৰুত্বপূৰ্ণ পত্ৰখনৰ সন্দৰ্ভত অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মুখ্য অভিযন্তা অশোক দেৱচৌধুৰীয়ে কয় যে জলশক্তি মন্ত্রণালয়ৰ পত্ৰখনৰ বহু কথা অদ্যাপি স্পষ্ট হোৱা নাই। পত্ৰখনৰ সন্দৰ্ভত বিতং তথ্য কেন্দ্ৰৰ পৰা লাভ কৰাৰ পাছতহে কথাবোৰ স্পষ্ট হ’ব। বিশেষকৈ যোগ্যতা আহৰণকাৰী ৰাজ্য বুলি কাক কিদৰে বুজোৱা হৈছে, সেয়াও অস্পষ্ট হৈ ৰৈছে বুলি তেওঁ দায়সৰা মন্তব্য কৰে।
