CBSE:কেন্দ্ৰীয় মাধ্যমিক শিক্ষা ব’ৰ্ডে ছাত্ৰ-ছাত্ৰীৰ ওপৰত থকা হেঁচা হ্ৰাস কৰাৰ বাবে এক অভিনৱ পদক্ষেপ গ্ৰহণ কৰিছে। ২০২৬-২৭ শিক্ষাবৰ্ষত দুবাৰকৈ চিবিএছইৰ দশম শ্ৰেণীৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা হৈছে। এবাৰ পৰীক্ষা দিয়াটো বাধ্যতামূলক। দ্বিতীয়বাৰ পৰীক্ষা দিয়াটো ঐচ্ছিক।
এজন ছাত্ৰই নিজৰ প্ৰদৰ্শন উন্নত কৰিব বিচাৰিলে দ্বিতীয়বাৰ পৰীক্ষাত বহিব পাৰে। এই নিয়ম সমগ্ৰ ভাৰত আৰু বিশ্বৰ ২৬০খন চিবিএছই বিদ্যালয়ত প্ৰযোজ্য হ’ব।
চিবিএছইয়ে জনাইছে যে ফেব্ৰুৱাৰী মাহৰ মাজভাগত দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ প্ৰথম পৰীক্ষা অনুষ্ঠিত হ’ব। সকলো ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষাত উপস্থিত হ’ব লাগিব।
এই পৰীক্ষাৰ ফলাফল এপ্ৰিল মাহত প্ৰকাশ পাব।একেটা শ্ৰেণীৰ দ্বিতীয় পৰীক্ষা মে’ মাহত অনুষ্ঠিত হ’ব। এই পৰীক্ষা ঐচ্ছিক। ফেব্ৰুৱাৰীৰ ফলাফলত সন্তুষ্ট নোহোৱা ছাত্ৰ-ছাত্ৰীয়ে পুনৰ পৰীক্ষাত অৱতীৰ্ণ হ’ব পাৰিব।
যদি কোনো ছাত্ৰই ফেব্ৰুৱাৰী পৰীক্ষাত সৰ্বাধিক তিনিটা বিষয়ত ‘ফেল’হয় তেন্তে মে’ মাহত দ্বিতীয়বাৰৰ বাবেও পৰীক্ষা দিব পাৰে।
পৰীক্ষা দুটাৰ পূৰ্বে এটাকৈ ‘আভ্যন্তৰীণ মূল্যায়ন’ হ’ব। এই পৰিকল্পনা যোৱা ফেব্ৰুৱাৰী মাহত চূড়ান্ত কৰা হৈছিল। সেই পৰিকল্পনাক এইবাৰ অনুমোদন দিলে কেন্দ্ৰই ।






























