IndiGo Fligh:✒️দেশৰ আকাশমাৰ্গৰ আতংকৰ অন্ত নাই। এইবাৰ আহমেদাবাদৰ পৰা দিউগামী ইণ্ডিগ’ বিমানৰ দুয়োটা ইঞ্জিনতে জুই লাগিল!
ADVERTISEMENT
উৰণৰ মাত্ৰ কেইমুহূৰ্তমান পূৰ্বে সংঘটিত হয় এই ঘটনা। পাইলটে বিমানখন মূল ৰাণৱেৰ ফালে আগুৱাই নিছিল।
তেতিয়াই বিপদৰ উপলব্ধি কৰি পাইলটে এ টি এছলৈ মেডেৰ ফোন পঠিয়াই।
ততাতৈয়াকৈ যাত্ৰীসহ মুঠ ৬০ জনক বিমানখনৰ পৰা উলিয়াই অনা হয়, যাৰ ফলত এক বৃহৎ দুৰ্যোগৰ পৰা হাত সাৰিলে।






























