Mou Sarma
is lecturer in Dept of Archeology at University of Cambridge:
ভাৰতীয় শাস্ত্ৰীয় নৃত্যৰ বিশালতা, বিস্তৃতি আৰু সুগন্ধিক সাত সাগৰ তেৰ নদীৰ সিপাৰে উপস্থাপন কৰি মাৰ্কিন যুক্তৰাষ্ট্ৰত এক সুকীয়া পৰিচিতি অৰ্জন কৰিছে অসম কন্যা মৌ শৰ্মাই । ইংলেণ্ডৰ কেম্ৰিজ বিশ্ববিদ্যালয়ৰ প্ৰত্নতত্ত্ব বিভাগৰ প্ৰবক্তা তেজপুৰৰ মৌ শৰ্মা এতিয়া যুক্তৰাষ্ট্ৰৰ অসমীয়া গোটৰ এক পৰিচিত নাম ।
বিদেশতো তেওঁ চাকৰিৰ সমান্তৰালভাৱে বিলাই গৈছে ভাৰতীয় ধ্ৰুপদী নৃত্য আৰু অসমৰ লোকনৃত্য বিহুৰ সৌৰভ । ইপিনে, দিল্লীৰ পাৰ্ল একাডেমীত ডিজাইনিঙৰ স্নাতক পাঠ্যক্ৰম গ্ৰহণ কৰি থকা তেওঁৰ ভগ্নী কুঁহি শৰ্মায়ো দেশৰ ৰাজধানীৰ ভিন্ন অনুষ্ঠান তথা মঞ্চত পৰিৱেশন কৰি আহিছে ভাৰত নাট্যম । দুয়ো ভগ্নীয়েই নগাঁৱৰ বিশিষ্ট নৃত্যশিল্পী মন্দিৰা ভট্টাচাৰ্যৰ তত্বাৱধানত ভাৰত নাট্যমৰ প্ৰশিক্ষণ গ্ৰহণ কৰিছিল ।
অসমলৈ আহিয়েই এতিয়া দুয়ো ভগ্নীয়ে সাক্ষাৎ কৰেহি তেওঁলোকৰ গুৰু মন্দিৰা ভট্টাচাৰ্যক । শিষ্যৰ এনে পাৰদৰ্শিতা আৰু ভাৰতীয় কলা-সংস্কৃতিৰ প্ৰতি থকা প্ৰবল ধাউতিক জাতীয় সন্মান বুলি অভিহিত কৰে গুৰু মন্দিৰা ভট্টাচাৰ্যই । উল্লেখ্য যে, মৌ শৰ্মা আৰু কুঁহি শৰ্মা হৈছে তেজপুৰৰ মাজগাঁৱৰ জিতেন্দ্ৰ কুমাৰ শৰ্মা আৰু শিখাজ্যোতি গোস্বামীৰ জীয়ৰী ।






























