Logistics Park at Darabil :দৰাবিলত কোনোপধ্যে লজিষ্টিক পার্ক স্থাপন কৰিবলৈ নিদিয়ে ৰাইজে

শুনানিৰ এমাহৰ পাছতো স্থিতি স্পষ্ট নকৰিলে কামৰূপ প্রশাসনে,২১ খনগাঁৱৰ জীৱন-জীৱিকা নিঃশেষ কৰাৰ সিদ্ধান্ত মানি নলয়

darabeel

Logistics Park at Darabil :

জ্ঞানপীঠ বঁটা বিজয়ী প্রখ্যাত ঔপন্যাসিক মামণি ৰয়ছম গোস্বামীৰ ‘পঁতাল হাতীৰ উঁয়ে খোৱা হাওদা’ উপন্যাসত উল্লেখ থকা কামৰূপ জিলাৰ পলাশবাৰী ৰাজহ চক্ৰৰ অধীনৰ ৰামপুৰ মৌজাৰ অন্তৰ্গত ‘দৰাবিল লৈ চৰম ভাবুকি কঢ়িয়াই চৰকাৰে | ‘লজিস্টিক পার্ক’ স্থাপন কৰিবলৈ লোৱা সিদ্ধান্ত কোনো কাৰণতে মানি লোৱা নহ’ব বুলি পুনৰ হুংকাৰ দিছে স্থানীয় বহুকেইখন গাঁৱৰ ৰাইজে।

উল্লেখ্য যে ২১খন গাঁৱৰ পৰিয়ালৰ জীৱন-জীৱিকালৈ সংকট নমাই আনি দৰাবিলৰ সংলগ্ন সংৰক্ষিত গো-চৰণীয়া পথাৰৰ ১৫০ বিঘা মাটি লজিস্টিক পার্ক স্থাপনৰ বাবে কলকাতাৰ কোম্পানীক গতাই দিয়াৰ প্ৰক্ৰিয়া অব্যাহত ৰাখিছে চৰকাৰে। ইতিমধ্যে এক জাননীযোগে কামৰূপৰ জিলা আয়ুক্তই এই গো-চৰণীয়া পথাৰখন সংৰক্ষণমুক্ত কৰি ইয়াৰে ১৫০ বিঘা মাটি অসম ঔদ্যোগিক উন্নয়ন নিগমৰ দ্বাৰা মেছার্চ নিউ কলকাতা ইণ্টাৰনেছনেল ডেভেলপমেন্ট প্রাইভেট লিমিটেডক গতাই দিয়াৰ কথা উল্লেখ কৰিছে।

এই সন্দৰ্ভত স্থানীয় ৰাইজৰ ওজৰ-আপত্তি থাকিলে দাখিল কৰিবলৈ আহ্বান জনোৱা হৈছিল। সেই অনুসৰি, ২১ খন গাঁৱৰ গৰিষ্ঠ সংখ্যক লোকে জুনৰ শেষৰ সপ্তাহত জিলা আযুক্ত কাৰ্যালয়ত আহ্বান কৰা ৰাজহুৱা শুনানিত অংশগ্রহণ কৰি ইয়াৰ তীব্র বিৰোধিতা কৰিছিল কিন্তু আজি এমাহে এই ৰাজহুৱা শুনানিৰ ফলাফল ঘোষণা কৰা নাই প্রশাসনে। আনকি প্রস্তাৱিত প্রকল্পটোৰ সন্দৰ্ভত চৰকাৰৰ স্থিতিও ৰাজহুৱা কৰা হোৱা নাই। তাকে লৈ বৃহত্তৰ অঞ্চলটোৰ ৰাইজ শংকিত হৈছে আৰু কোনো কাৰণতে এই প্রকল্প স্থাপন কৰিবলৈ দিয়া নহ’ব বুলি হুংকাৰ দিছে।

ইফালে, ক্ষেত্রভিত্তিক অধ্যয়নৰ বাবে অঞ্চলটোলৈ যোৱা ‘দৈনিক অগ্রদূত’ৰ আগত অঞ্চলটোৰ কে’বাজনো জ্যেষ্ঠ নাগৰিকৰ লগতে দৰাবিল গো-চৰণীয়া পথাৰ সুৰক্ষা আহ্বায়ক সমিতিৰ বিষয়ববীয়াই কয় যে চৰকাৰৰ এই সিদ্ধান্ত – কোনো কাৰণতে মানি লোৱা নহ’ব। ইতিমধ্যে ৰাজহুৱা শুনানি গ্রহণৰ এমাহ উকলিল; কিন্তু জিলা প্রশাসনে পববর্তী সিদ্ধান্ত এতিয়ালৈকে জনোৱা নাই। যদি ৰাইজৰ হিতৰ বিপৰীতে সিদ্ধান্ত গ্রহণ কৰা হয়, তেন্তে ‘মাৰি যাওঁ-মৰি যাওঁ’ নীতিৰে যিকোনো প্ৰকাৰে পৰিৱেশ ধ্বংস কৰিব পৰা লজিষ্টিক পার্ক স্থাপনৰ প্ৰতিৰোধ কৰা হ’ব বুলি তেওঁলোকে দোহাৰে।

অঞ্চলটোৰ সমাজ সচেতন ব্যক্তি তথা শিক্ষক প্রসেনজিৎ কলিতাই কয় যে এই গো-চৰণীয়া পথাৰত পশু পালনৰ জৰিয়তে অঞ্চলটোৰ বহু পৰিয়ালে জীৱিকা নিশ্চিত কৰি আহিছে। একেদৰে বহুকেইখন গাঁৱৰ মাছমৰীয়া পৰিয়ালে জীৱিকাৰ পথ প্রশস্ত কৰি আহিছে। ইয়াৰ উপৰি পথাৰৰ চৌদিশে থকা ১২খন গাঁৱৰ প্ৰায় পাঁচশ পৰিয়াল মৃৎ শিল্পৰ লগত জড়িত আৰু এই শিল্পৰ বাবে প্রয়োজনীয় উপযুক্ত মাটি এই গো-চৰণীয়া পথাৰতে উপলব্ধ বুলি তেওঁ উল্লেখ কৰি লগতে কয় যে বহু পৰিয়াল কৃষিকৰ্মৰ লগতো জড়িত হৈ আছে।

ইতিমধ্যে অঞ্চলটোৰ বাকী পথাৰসমূহক নিশ্ছিন্ন কৰি গঢ়ি উঠা বৃহৎ বৃহৎ উদ্যোগসমূহে অঞ্চলটোৰ পৰিৱেশ বিনষ্ট কৰাৰ লগতে জনস্বাস্থ্যৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে বুলি তেওঁ কয়। ইয়াৰ মাজত ভূতৰ ওপৰত দানহ পৰা দি মাটি বুলিবলৈ বাকী ৰোৱা গো-চৰণীয়া পথাৰখনকো যদি কোম্পানীক গতাই দিয়া হয়, তেন্তে বৃহত্তৰ অঞ্চলটোৰ ২১ খন গাঁৱৰ জীৱন জীৱিকা নিশ্ছিন্ন হৈ যাব বুলি কলিতাই মন্তব্য কৰে। সেয়ে প্ৰতিখন গাঁৱৰ ৰাইজে ইয়াৰ বিৰোধিতা কৰিছে বুলি তেওঁ কয়।

উল্লেখ্য যে এই প্রকল্পই অঞ্চলটোলৈ উন্নয়ন কঢ়িয়াই আনিব আৰু স্থানীয় যুৱক-যুৱতীৰ সংস্থাপনৰ বাট প্রশস্ত হ’ব বুলি চৰকাৰী পক্ষৰ পৰা প্ৰচাৰ কৰা হৈছে। এই সন্দৰ্ভত স্থানীয় একাংশ যুৱকে কয় যে ইতিমধ্যে অঞ্চলটোৰ চাৰিওকাষে থকা খালী মাটিসমূহত বৃহৎ বৃহৎ উদ্যোগ গঢ় লৈ উঠিছে। একমাত্র খালী মাটি বুলিবলৈ এতিয়া এই পথাৰখনেই আছে।

এতিয়া চাকৰি পাব বুলি কোৱা হৈছে; কিন্তু ইতিমধ্যে যিসমূহ উদ্যোগ গঢ় লৈ উঠিছে, তাত কিমানজন স্থানীয় যুৱক-যুৱতীয়ে সংস্থাপন পাইছে চৰকাৰে দেখুৱাই দিয়ক। তেনে কোনো সংস্থাপন নাই বুলিয়েই ক’ব পাৰি বুলি দাবী কৰি তেওঁলোকে এই বিলৰ বৃহৎ ভূমিখণ্ডৰ ওপৰত ৰাজনৈতিকভাবে প্রভাৱশালী এক চক্ৰৰ চকু পৰিছে বুলি কয়।

তেওঁলোকে কয়, ‘গোঁজেই গজালি। প্রথমে লজিষ্টিক পার্কৰ নামত মাটি ল’ব। তাৰ পাছতে এটাৰ পাছত আন এটা উদ্যোগ স্থাপনৰ নামত গোটেই মাটিখিনি কুক্ষিগত কৰিব। আমি উন্নয়ন বিৰোধী নহয়, কিন্তু প্রকৃতি ধ্বংস কৰি ভৱিষ্যৎ প্ৰজন্মৰ কাৰণে শংকা নমাই আনি আমাক সংস্থাপন নালাগে।’

উল্লেখ্য যে স্থানীয় ৰাইজৰ তীব্ৰ বিৰোধিতাৰ বাবে চৰকাৰে এই সিদ্ধান্তক কাৰ্যকৰী কৰিবলৈ হোঁহকা পিছলা কৰা বুলি চৰ্চা হৈছে। বিশেষকৈ সন্মুখত ২০২৬ৰ বিধানসভা নির্বাচন আছে। স্থানীয় লোকৰ মাজত চর্চা চলিছে যে ২০২৬ৰ নিৰ্বাচনত যদি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা পুনৰ শাসনলৈ আহে, তেন্তে বলপূর্বকভাবে এই মাটি অধিগ্রহণৰ চেষ্টা কৰিব: কিন্তু কোনে-পধ্যে এই ভূমি এৰি দিয়া নহ’ব বুলি স্থানীয় লোকসকলে স্পষ্ট কৰি দিছে।

Exit mobile version