Uttar Pradesh: ✒️পুনৰ ৰেল দুৰ্ঘটনা! এইবাৰ উত্তৰ প্ৰদেশত লাইনচ্যুত সবৰমতী জন সাধৰণ এক্সপ্ৰেছ। শুকুৰবাৰে বিয়লি কানপুৰ-টুণ্ডলা ষ্টেচনৰ মাজত ৰেলখনৰ দুটা ডবা লাইনচ্যুত হয়। অৱশ্যে সৌভাগ্যক্ৰমে এই ঘটনাত কোনো লোক হতাহতিৰ হোৱা নাই।
তথ্য অনুসৰি, ৰে’লখন দুপৰীয়া পাংকি ষ্টেচনৰ পৰা ভৌলপুৰ অভিমুখে আহিছিল। কিন্তু বিয়লি প্ৰায় চাৰি বাজি ২০ মিনিটত কানপুৰ-টুণ্ডলা ষ্টেচনৰ মাজত হঠাৎ ৰেলখনৰ দুটা ডবা ৰেলপথৰ পৰা ওলাই পৰে। ইয়াৰ পাছতে প্ৰচণ্ড জোকাৰণিৰ পাছত ৰেলখন ৰৈ যায়।
এই ঘটনাত যাত্ৰীসকল আতংকিত হৈ পৰে । তাৰ পাছতেই ৰেলপথৰ লাইনচ্যুত হোৱাৰ খবৰ পোহৰলৈ আহে। অনুমান কৰা হৈছে যে ৰেলখন গতি কম থকাৰ বাবেই কোনো ডাঙৰ দুৰ্ঘটনা হোৱা নাছিল। এই খবৰ পোৱাৰ লগে লগে উদ্ধাৰকাৰী দল আৰু ৰে’লৱেৰ জ্যেষ্ঠ বিষয়াসকলে ততাতৈয়াকৈ সেই স্থানত উপস্থিত হয়।
তথ্য অনুসৰি ,গাৰ্ড ভ্যানৰ ঠিক পাছতেই পঞ্চম আৰু ষষ্ঠ ডবাটো ৰেলপথৰ পৰা ওলাই যায়। অৱশ্যে ৰে’লখনৰ কোনো ক্ষতি হৈছে নে নাই সেয়া এতিয়াও স্পষ্ট নহয়।
ৰেলৱেৰ সূত্ৰ অনুসৰি,ইতিমধ্যে তাত উদ্ধাৰ অভিযান আৰম্ভ হৈছে।যদিও এই ঘটনাৰ বাবে ৰে’ল সেৱাত কোনো ধৰণৰ ব্যাঘাত জন্মাব পৰা নাই, তথাপিও ৰে’লৱে ইতিমধ্যে কেইবাটাও হেল্পলাইন নম্বৰ মুকলি কৰিছে।






























