Uttar Pradesh:✒️উত্তৰ প্ৰদেশৰ নয়ডাত সংঘটিত শেহতীয়া হিংসাত্মক ঘটনাক লৈ ৰাজ্য চৰকাৰে এক গুৰুত্বপূর্ণ দাবী উত্থাপন কৰিছে। চৰকাৰৰ মতে, এই অশান্তিৰ স’তে জড়িত অধিকাংশ লোক স্থানীয় শ্রমিক নহয়, বৰং বহিৰাগত দুষ্কৃতী।
চৰকাৰী তথ্য অনুসৰি, এই ঘটনাত এতিয়ালৈকে মুঠ ৬৬ জনক গ্ৰেপ্তাৰ কৰা হৈছে, যাৰ ভিতৰত ৪৫ জনেই শ্রমিক নহয়। ইয়াৰ ফলত এইটো স্পষ্ট হয় যে শ্রমিক বিক্ষোভৰ নামত আন কিছুমান লোকে পৰিস্থিতি উত্তপ্ত কৰি তুলিছিল।
প্ৰশাসনৰ মতে, কিছুমান বহিৰাগত ব্যক্তি শ্রমিকৰ মাজত সোমাই বিভিন্ন স্থানত অশান্তি সৃষ্টি কৰে। এই ঘটনাক এক সুপৰিকল্পিত ষড়যন্ত্ৰ হিচাপে বৰ্ণনা কৰি চৰকাৰে কয় যে ইয়াৰ লক্ষ্য আছিল ৰাজ্যৰ আইন-শৃঙ্খলা বিঘ্নিত কৰা।
আৰক্ষীৰ অনুসন্ধানত ধ্বংস কৰা চৰকাৰী সম্পত্তি নষ্ট কৰা আৰু অগ্নিসংযোগৰ স’তে জড়িত থকাৰ অভিযোগত কেবাজন লোকক চিনাক্ত কৰা হৈছে। ইয়াৰে বহুজনক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে। লগতে, ষড়যন্ত্ৰ কৰাৰ অভিযোগত কেবাজনক মূল চক্ৰান্তকাৰী বুলি সন্দেহ কৰা হৈছে।
প্ৰাথমিক তদন্তত এইটোও পোহৰলৈ আহিছে যে এই অশান্তিৰ পৰিকল্পনা আগদিনা নিশাই কৰা হৈছিল। হোৱাট্ছএপ গোটৰ জৰিয়তে লোকসকলক একত্ৰিত কৰি উস্কানিমূলক বাৰ্তা প্ৰচাৰ কৰা হৈছিল বুলি অভিযোগ উত্থাপন হৈছে।
ঘটনাৰ পাছত মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে (Yogi Adityanath) পৰিস্থিতিৰ বিৱৰণ লৈ দোষীসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়ে। লগতে সমাজিক মাধ্যমত নজৰদাৰী বৃদ্ধি কৰাৰো নিৰ্দেশ দিয়া হৈছে।






























