Bollywood Marriage:
বলিউডৰ বিবাহ মানেই আকৰ্ষণৰ কেন্দ্ৰবিন্দু। বহু কোটি কোটি টকা খৰচ কৰি আকৰ্ষণীয় কৰিব তুলিব বিচাৰে বলিউডৰ তাৰকা সকলে নিজৰ বিবাহক অনুষ্ঠান।
আনতকৈ পৃথক কৰাৰ লগতে স্মৰণীয় কৰি ৰাখিব বিচাৰে তেঁওলোকৰ বিবাহ। তাৰেই মাজৰ এখন এনে বিবাহ যি বিবাহৰ অতিথিৰ সংখ্যা আছিল মাথো ৩৭ গৰাকী। কিন্তু খৰচ হৈছিল ৭৭ কোটি টকা। সেই ৩৭ গৰাকী লোককেই আপ্যায়ন কৰাৰ নামত খৰচ হৈছিল বহু কোটি টকা।
বর্তমান বলিউডব সেই তাৰকা যুটি এটি সন্তানৰ পিতৃ-মাতৃয়ো। সেই বহু চৰ্চিত বিবাহ খন আছিল ৰণবীৰ সিং আৰু দীপিকা পাডুকনৰ। ২০১৮ত ইটালীত বিয়া হৈছিল ৰনৰীৰ আৰু দীপিকাৰ।
এই উচ্চ নিৰাপত্তাসম্পন্ন বিয়াত ৭৭ কোটি টকা খৰচ হৈছিল আৰু মাত্র ৩৭জন অতিথিহে আছিল। ১৪ নৱেম্বৰৰ পৰা ১৫ নৱেম্বৰলৈ চলিছিল বিবাহ অনুষ্ঠান। ইটালীৰ লেক কোমোত বিবাহপাশত আবদ্ধ হৈছিল এই দম্পতী। বিবাহৰ ছয় বছৰৰ পাছত ২০২৪ ৰ আঠ ছেপ্টেম্বৰত এই তাঁৰকা যুটিৰ মাজলৈ আগমণ ঘটে এটি কন্যা সন্তানৰ।






























