Arunachal’s Nocte Queen Dies:✒️সমগ্র দেশৰে অন্যতম বয়স্ক মহিলা অৰুণাচল প্ৰদেশৰ ফলিয়াম বাংচা আৰু নাই। ৰাজ্যখনৰ ম্যানমাৰ সীমান্তবর্তী টিৰাপ জিলাৰ আঠখন নক্টে জনগোষ্ঠীয় গাঁৱৰ মহাৰাণী ৱাংচাৰ যোৱা ২৮ জুলাইত দেহাৱসান ঘটে।
মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ১১৪ বছৰ। মহাৰাণী ৱাংচাৰ নিজ গাঁও দদমতে বিয়োগ ঘটে। মহাৰাণীক স্বজনগোষ্ঠীয় লোকসকলে নিজৰ শশ বছৰ পুৰণি প্রাচীন পৰম্পৰাৰে শেষ বিদায় জনায়।
এই উপলক্ষে শুকুৰবাৰে টিৰাপৰ নক্টে সম্প্ৰদায়ৰ আটাইকেইখন গাঁৱৰ লোকসকল দদম গাঁৱত সমবেত হয়। প্রাচীন পৰম্পৰাৰে ৱাংচাক শেষ বিদায় জনোৱাৰ সময়ত পৰম্পৰাগত যুদ্ধ নৃত্য, টোপধ্বনি আদি কৰা হয়।
উল্লেখ্য যে এই আঠখন নক্টে গাঁৱৰ লোকে বাংচাক ৰাণীসকলৰ ৰাণী বুলি সম্মান প্ৰদৰ্শন কৰি আহিছে। মহাৰাণীক শেষ বিদায় জনোৱাৰ সময়ত থম-ছিয়াত নামৰ এক পৰম্পৰাগত সমদল উলিওৱা হয়। এই সমদলত অংশগ্রহণকাৰী গাঁওবাসীয়ে কাঠৰ কুণ্ডাৰে তৈয়াৰী এক বাদ্যযন্ত্র মহাৰাণীৰ ঘৰলৈ নিয়ে।
মহাৰাণীক নক্টেসকলে পৰম্পৰাগত জ্ঞান, লোককথা আৰু পৰম্পৰাগত চিকিৎসা বিদ্যাৰ অভিভাৱকৰূপেও সম্মান জনায়। নক্টে পৰম্পৰা অনুসৰি মহাৰাণীৰ শেষকৃত্য কেৱল পৰিয়াল বা তেওঁৰ গাঁৱৰে কাৰ্য নহয়।
এই শেষকৃত্য পর্বক তেওঁৰ অধীনত থকা আটাইকেইখন গাঁৱৰে সামূহিক অনুষ্ঠানৰূপে তেওঁলোকে গণ্য কৰে। আজি মহাৰাণীৰ অন্তিম শেষকৃত্য সম্পন্ন কৰা হয়। এই উপলক্ষে ৰাজ শেষকৃত্য অনুষ্ঠানস্থলীত আঠোখন গাঁৱৰ নষ্টে লোকসকলে উপস্থিত হৈ মহাৰাণীৰ মৃত্যুত শোকপ্ৰকাশ কৰাৰ লগতে তেওঁৰ প্রতি সম্মান প্রদর্শন কৰে।
অনুষ্ঠানত পৰম্পৰাগত বাদ্যশিল্পী, বাদ্যযন্ত্রী, চিকাৰী আদিয়ে মহাৰাণীৰ শেষ যাত্ৰাত অংশ লয়।






























