Flood Advisory in Delhi:✒️সমগ্ৰ উত্তৰ ভাৰতত চলিছে আকস্মিক বানৰ তাণ্ডৱ।ইতিমধ্যে কাশ্মীৰৰ পৰা উত্তৰাখণ্ডলৈকে বহু ঠাই আকস্মিক বানত বুৰ গৈছে।এই দুৰ্যোগত গৃহহীন হৈছে বহু লোক। এইবাৰ সতৰ্কতা দিল্লীত। দ্ৰুতগতিত বৃদ্ধি পাইছে যমুনাৰ জলপৃষ্ঠ ।
আগন্তুক দুদিনৰ ভিতৰত যমুনা নদীৰ জলপৃষ্ঠ বিপদৰ সীমাৰ ওপৰলৈ উঠিব পাৰে বুলি দিল্লী চৰকাৰেও এক সতৰ্কবাণী জাৰি কৰিছে।
এই সন্দৰ্ভত দেওবাৰে দিল্লী চৰকাৰে এক সতৰ্কবাণী জাৰি কৰে। জলসিঞ্চন আৰু বান নিয়ন্ত্ৰণ বিভাগে জনোৱা মতে, ১৯ আগষ্টৰ পুৱা দুই বজাৰ ভিতৰত যমুনাৰ জলপৃষ্ঠই ২০৬ মিটাৰ বিপদৰ চিহ্ন অতিক্ৰম কৰিব পাৰে।
চৰকাৰে পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছে। দেওবাৰে বিয়লি হাতনিকুণ্ডা বেৰেজৰ পৰা ১.৭৬ লাখ কিউচেক পানী এৰি দিয়া হয়।
ইয়াৰ পাছত নদীখনৰ জলপৃষ্ঠ দ্ৰুতগতিত বৃদ্ধি পাবলৈ ধৰিছে। কৰ্তৃপক্ষই জনাইছে যে, তেওঁলোকে পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছে। সংশ্লিষ্ট সকলো বিভাগকে সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।
জলপৃষ্ঠ বৃদ্ধি পাই থাকিলে বান পৰিস্থিতিৰ সৃষ্টি হ’ব পাৰে। কেন্দ্ৰীয় বান নিয়ন্ত্ৰণ বিভাগৰ এগৰাকী বিষয়াই জনোৱা মতে, ৱাজিৰাবাদ আৰু হাতনিকুণ্ডা বেৰেজৰ পৰা প্ৰতি ঘণ্টাত যথেষ্ট পানী এৰি দিয়া হৈছে।
ফলত নদীখনৰ জলপৃষ্ঠ বৃদ্ধি পাইছে। দিল্লীৰ যমুনাৰ স্বাভাৱিক স্তৰ ২০৪.৫০ মিটাৰ, বিপদৰ মাত্ৰা ২০৫.৩৩ মিটাৰ। যেতিয়া নদীখনৰ জলপৃষ্ঠ ২০৬ মিটাৰ অতিক্ৰম কৰে তেতিয়া বিপদজনক অঞ্চলৰ পৰা মানুহ উলিয়াই অনাৰ কাম আৰম্ভ হয়।
বান নিয়ন্ত্ৰণ বিভাগে জনোৱা মতে, হাথনিকুণ্ডা বেৰেজৰ পৰা প্ৰতি ঘণ্টাত প্ৰায় ৩৮,৮৯৭ কিউচেক আৰু ৱাজিৰাবাদ বেৰেজৰ পৰা প্ৰায় ৪৫,৬২০ কিউচেক পানী এৰি দিয়া হৈছে। কৰ্তৃপক্ষৰ মতে, হাথনিকুন্দৰ পৰা নিৰ্গত হোৱা পানী সাধাৰণতে ৪৮ৰ পৰা ৫০ ঘণ্টাত ৰাজধানীত উপস্থিত হয়।
শেহতীয়াকৈ কাশ্মীৰত মাত্ৰ তিনিদিনতে দুবাৰকৈ আকস্মিক বানে আঘাত হানিছে।






























