Book Fair :
অসম চৰকাৰৰ ‘গ্ৰন্থবৰ্ষ-২০২৫’-ৰ লগত সংগতি ৰাখি চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয়, টীয়কৰ ‘শিৱৰাম বৰা কেন্দ্ৰীয় গ্ৰন্থাগাৰ’ৰ উদ্যোগত, কিতাপ বিক্ৰেতা আৰু যোগান ধৰোঁতা প্ৰতিষ্ঠান ‘অন্বেষা গ্ৰন্থযাত্ৰা’ৰ সহযোগত ১৮, ১৯ আৰু ২০ আগষ্ট, ২০২৫ ত তিনিদিনীয়াকৈ মহাবিদ্যালয় প্ৰাংগণত ‘মহাবিদ্যালয় গ্ৰন্থমেলা-২০২৫’-ৰ আয়োজন কৰিছে।
আজি পুৱা ১০:৩০ বজাত মহাবিদ্যালয়খনৰ ৰেক্টৰ তথা শিৱৰাম বৰা কেন্দ্ৰীয় গ্ৰন্থাগাৰৰ ভাৰপ্ৰাপ্ত গ্ৰন্থাগাৰিক ড: বিনয়ব্ৰত ৰাজখোৱাই গ্ৰন্থমেলাখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। ‘শিৱৰাম বৰা কেন্দ্ৰীয় গ্ৰন্থাগাৰ’ৰ গ্ৰন্থাগাৰ সহায়ক কল্যাণী বৰুৱাই আঁত ধৰা ‘উদ্বোধনী অনুষ্ঠান’ত মহাবিদ্যালয়খনৰ আভ্যন্তৰীণ মান নিশ্চিতকৰণ কোষৰ সমন্বয়ক ড: ৰুবী নাথ, অসমীয়া বিভাগৰ মুৰব্বী তথা ‘বুক বেংক’ বিষয়া ড: কৰবী গগৈ প্ৰমুখ্যে অধ্যাপকসকল, কৰ্মচাৰীবৃন্দ, ছাত্ৰ একতা সভাৰ বিষয়ববীসকল আৰু ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থাকে।
গ্ৰন্থমেলাখনৰ প্ৰতি মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে আন্তৰিক সঁহাৰি আগবঢ়োৱাৰ লগতে তেওঁলোক উপকৃত হৈছে বুলি জানিব পৰা গৈছে। গ্ৰন্থমেলাখনৰ ইতিবাচক দিশ সম্পৰ্কে বহু কেইগৰাকী ছাত্ৰ-ছাত্ৰীয়ে কয় : “আমাৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত প্ৰসংগ পুথি এখন কিনিবলৈ আমি যোৰহাট নগৰ পৰ্যন্ত যাব লাগে, তেনে পৰিস্থিতিত আমাৰ মহাবিদ্যালয়তে গ্ৰন্থমেলা এখন আয়োজন কৰাত আমি যথেষ্ট উপকৃত হৈছোঁ আৰু আমাৰ যাতায়তৰ খৰচো ৰাহি হৈছে। এনে বৌদ্ধিক তথা শৈক্ষিক পদক্ষেপৰ বাবে আমি ‘শিৱৰাম বৰা কেন্দ্ৰীয় গ্ৰন্থাগাৰ’ৰ বিষয়ববীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ।”






























