Roi Roi Binale :✒️সংগীত শিল্পীৰূপে জুবিন গাৰ্গৰ জনপ্রিয়তাই দেশৰ সীমা কেতিয়াবাই পাৰ কৰিছিল। কণ্ঠদানৰ সমান্তৰালকৈ জুবিনে অসংখ্য ছবিত সংগীত পৰিচালনাও কৰিছে। অসমীয়াৰ উপৰি বাংলা আৰু হিন্দী ভাষাকে ধৰি তেওঁ মুঠ ৪৬খন ছবিত সংগীত পৰিচালনা কৰিছে। সংগীতৰ সমান্তৰালকৈ জুবিনৰ অভিনয়ৰ প্ৰতিভাও সকলোৰে জ্ঞাত। জীৱিত কালত বহু কেইখন ছবিত তেওঁ অভিনয় কৰি গ’ল।
যদিও অন্তিম ছবিখন তেওঁ চাবলৈ নাপালে।জুবিনে অভিনয় কৰা ৱপ্ৰথমখন ছবি আছিল ‘তুমি মোৰ মাথোঁ মোৰ’। ২০০০ত মুক্তিলাভ কৰা ছবিখনত তেওঁ নায়কৰ চৰিত্ৰ ৰূপায়ণ কৰিছিল। ইয়াৰ দুবছৰৰ পাছত ‘প্ৰেম আৰু প্রেম’ ছবিত জুবিনে এটা গীতৰ দৃশ্যত অভিনয় কৰিছিল। ২০০৪ত মুক্তিলাভ কৰে ৰাষ্ট্ৰীয় চলচ্চিত্র বঁটা বিজয়ী ছবি ‘দীনবন্ধু’। সেই ছবিৰ এটা গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰি জুবিনে প্ৰচুৰ প্রশংসা লাভ কৰে।
২০০৬ত জুবিনে সৰ্বভাৰতীয় পৰ্যায়ত প্ৰচুৰ জনপ্রিয়তা অর্জন কৰে ‘গেংষ্টাৰ’ ছবিখনৰ জৰিয়তে। সেই ছবিত জুবিনে গোৱা ‘ইয়া আলি’ শীর্ষক গীতটিয়ে শ্রোতাক আজিও আলোড়িত কৰে। সেই গীতৰ দৃশ্যাংশতো জুবিনে অভিনয় কৰিছিল। সেই বছৰতে তেওঁ সংগীত পৰিচালনা কৰা হিন্দী ছবি ‘স্ট্রিং’তো এটা গীতৰ দৃশ্যত অভিনয় কৰিছিল।
সেইদৰে ২০০৭ত মুক্তিপ্রাপ্ত ছানী দেউল অভিনীত ‘বিগ ব্রাদাৰ’ৰ জুবিনৰ কণ্ঠৰো এটা গীতে প্ৰচুৰ জনপ্রিয়তা অৰ্জন কৰিছিল। ‘জগ লাল লাল’ শীর্ষক উক্ত গীতৰ দৃশ্যাংশতো জুবিনে অভিনয় কৰিছিল। ইয়াৰ পাছত ২০০৮ত মুক্তি পায় ‘মন যায়’ ছবিয়ে। সেই ছবিত জুবিনৰ অভিনয়ে প্রশংসা বোটলে। আনহাতে, ‘ৰামধেনু’ ছবিৰ এটা গীততো তেওঁ অভিনয় কৰে। ২০১৩ত জুবিনে ‘ভাল পাব নোৱাৰিলো’ বুলি এখন ছবিত অভিনয় কৰে।
অৱশ্যে ছবিখন ব্যৱসায়িক দিশত সফল নহ’ল। ইয়াৰ পাছত ২০১৪ত তেওঁ ‘চুমা পৰশতে’ নামৰ ছবিখনৰ এটি গীতৰ দৃশ্যাংশত অভিনয় কৰে। সেইদৰে ২০১৫ত ‘অহেতুক’ ছবিৰ এই ছবিৰ দৃশ্যাংশত জুবিনক দেখা যায়। ২০১৬ত জুবিনে ‘গানে কি আনে’ আৰু ‘সাত নম্বৰৰ সন্ধানত’ ছবিত অভিনয় কৰে। ইয়াৰ পাছত ২০১৭ত মুক্তি পোৱা ‘মিচন চাইনা’ ছবিত জুবিনক এজন সেনা বিষয়াৰ চৰিত্ৰত দেখা পোৱা গ’ল। সেই ছবিখনে প্ৰচুৰ ব্যৱসায়িক সফলতা অর্জন কৰে।
একেটা বছৰতে তেওঁ ‘তুমি আহিবানে’ত অতিথি শিল্পীৰূপে আৰু ‘প্ৰিয়াৰ প্রিয়’ ছবিত দ্বৈত ভূমিকাত অভিনয় কৰে। ২০১৮৩ মুক্তি পায় জুবিনে অভিনয় কৰা ছবি ‘দ্য আণ্ডাৰৱৰ্ল্ড’। সেই ছবিত তেওঁ এজন মাফিয়া ডনৰ ভূমিকা ৰূপায়ণ কৰে। ২০১৯৩ জুবিনৰ আন এখন ছবি ‘কাঞ্চনজংঘা ‘ই দৰ্শকৰ বিপুল সঁহাৰি লাভ কৰে। সেই বছৰতে তেওঁ ‘প্রতিঘাত’ ছবিৰ এটা গীতৰ দৃশ্যতো অভিনয় কৰে। ২০২২ত ‘ৰাজনীতি প্রথম খণ্ড’ ছবিত জুবিনে এটা গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰে।
আনহাতে, ২০২৩ত মুক্তিপ্রাপ্ত ‘ডাঃ বেজবৰুৱা’ত তেওঁক এজন আৰক্ষী বিষয়াৰ চৰিত্ৰত দেখা যায়। ২০২৪ত মুক্তি পোৱা জুবিনৰ ছবি দুখন হৈছে ‘ৱাইড এংগল’ আৰু ‘চিকাৰ’। চলিত বৰ্ষত অসমীয়া আৰু হিন্দী ভাষাত নির্মিত ছবি ‘হোমৱৰ্ক’ৰ এটা গীতৰ দৃশ্যাংশত তেওঁ অভিনয় কৰে।
উল্লেখ্য যে হিন্দী ছবি ‘গেংষ্টাৰ’ৰ ‘ইয়া আলি’ আৰু ‘বিগ ব্রাদাৰ’ৰ ‘জগ লাল লাল’ শীর্ষক গীত দুটিৰ দৃশ্যাংশতো জুবিনে অভিনয় কৰিছিল।
অসমৰ প্ৰাণৰ শিল্পীজনে দীর্ঘদিনৰ পৰা ৰঞ্জু হাজৰিকাৰ উপন্যাসৰ আধাৰত ‘জুলু’ নামৰ এটা ম’হক লৈ এখন ছবি কৰাৰ পৰিকল্পনা দীর্ঘদিনৰ পৰাই কৰি আছিল। অৱশ্যে সেই পৰিকল্পনা তেওঁৰ পূৰণ নহ’ল।
আনহাতে, জুবিনে নিজে অভিনয় কৰা অন্তিম ছবিখনো চাই যাবলৈ নাপালে। ‘ৰৈ ৰৈ বিনালে’ নামৰ ছবিখন জুবিনে নিজে প্রযোজনা কৰিছে আৰু এজন অন্ধ শিল্পীৰ চৰিত্ৰত অভিনয় কৰিছে। অহা ৩১ অক্টোবৰত ছবিখন মুক্তি দিয়াৰ কথা আছিল, কিন্তু তাৰ পূর্বেই তেওঁ সকলোৰে পৰা বিদায় ল’লে। জুবিনৰ পত্নীয়ে অৱশ্যে স্বামীৰ আধৰুৱা কাম সম্পূর্ণ কৰি নিৰ্দিষ্ট দিনতে ছবিখন মুক্তি দিয়া হ’ব বুলি জনাইছে।
এটা কথা নিশ্চিতভাবে ক’ব পাৰি যে প্রিয় শিল্পীজনৰ সেই অন্তিম অভিনয়ে অগণন অনুৰাগীৰে দুচকু অশ্ৰুৰে অন্ধপ্রায় কৰি তুলিব।






























