Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ৰাজহুৱা দাবীক আওকাণ কৰি পুনৰ নাজিৰাখাটত টোল কৰ সংগ্ৰহ আৰম্ভ

    ঘাইপথ চোৱাচিতাৰ নামত চূড়ান্ত প্রবঞ্চনা, প্রকল্প সঞ্চালকৰ দায়িত্বজ্ঞানহীন আচৰণ

    আর্থিক অনাটন! পত্নী-তিনি সন্তানক হত্যা

    আর্থিক অনাটন! পত্নী-তিনি সন্তানক হত্যা

    জলপ্ৰলয়ৰ বাবে ভাৰত-চীন-আমেৰিকাক দায়ী কৰিলে নেপাল চৰকাৰে

    জলপ্ৰলয়ৰ বাবে ভাৰত-চীন-আমেৰিকাক দায়ী কৰিলে নেপাল চৰকাৰে

    ম্যাদ উকলি যোৱাৰ তাৰিখ নিমিষতে সলনি হৈছে, ম্যাদ উকলি যোৱা মেগী-কুকুৰে-লিমকা বজাৰত বিক্ৰী কৰা হৈছে

    ম্যাদ উকলি যোৱাৰ তাৰিখ নিমিষতে সলনি হৈছে, ম্যাদ উকলি যোৱা মেগী-কুকুৰে-লিমকা বজাৰত বিক্ৰী কৰা হৈছে

    পাঁচ ছেপ্টেম্বৰৰ ভিতৰত নিউ হাৰাঙ্গাজাও ষ্টেচনৰ দুই নম্বৰ লাইন পুনৰ কাৰ্যক্ষম

    পাঁচ ছেপ্টেম্বৰৰ ভিতৰত নিউ হাৰাঙ্গাজাও ষ্টেচনৰ দুই নম্বৰ লাইন পুনৰ কাৰ্যক্ষম

    Dergaon:দেৰগাঁও লাচিত বৰফুকন পুলিচ একাডেমিৰ দীক্ষান্ত সমাৰোহত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা

    Dergaon:দেৰগাঁও লাচিত বৰফুকন পুলিচ একাডেমিৰ দীক্ষান্ত সমাৰোহত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

আজি গৰু বিহু উপাৰ্জনৰ সীমাবদ্ধতাৰ প্ৰভাৱত স্থবিৰতা বিৰাজ কৰিছে বজাৰত

জুবিন অবিহনে বিষাদৰ মাজেৰে বিহু

publisher by publisher
April 14, 2026
in Assam, News
Reading Time: 1 min read
0
আজি গৰু বিহু উপাৰ্জনৰ সীমাবদ্ধতাৰ প্ৰভাৱত স্থবিৰতা বিৰাজ কৰিছে বজাৰত
1
SHARES
11
VIEWS
ShareShareShareShare

RelatedPosts

এতিয়াও অবিশ্বাস্য যে জুবিন হেৰাই গ’ল!

উচ্চতৰ মাধ্যমিক শ্রেণীত প্রতি মাহে জুবিন গাৰ্গৰ জীৱন-সৃষ্টিক লৈ চর্চা

ডিব্ৰুগড় কেন্দ্ৰীয় ৰঙালী উৎসৱত উপস্থিত থাকিব প্ৰাণৰ শিল্পী জুবিন গাৰ্গ!

বিহু 2026:✒️কিবা যেন এক উকা উকা, ৰিঙা ৰিঙা অনুভৱ! বিহু বুলি নাচনীয়ে কঁকাল ভাঙিবলৈ লৈও থমকিছে, ঢোলত ছেও দিবলৈ সত যোৱা নাই ঢুলীয়াৰ। কাৰণ এইবাৰ বিহুত নাই অসমীয়াৰ হিয়াৰ আমঠু, প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ চেনেহৰ আবেশ। জুবিনবিহীন বিহুত এইবাৰ বহু মঞ্চ হৈ ৰ’ব উকা, বহুজনে পালন কৰিব মাথোঁ হেঁপাহৰ ৰঙালীৰ আনুষ্ঠানিকতা।

ADVERTISEMENT

আজি গৰু বিহু। নির্বাচনী ধামখুমীয়াৰ মাজৰে নঙলামুখত থিয় দিয়া ৰঙালীক আদৰিবলৈ ৰাজ্যত এইবাৰ নাই পূৰ্বৰ উখল-মাখল। প্রিয় শিল্পীক অনাহুত পৰিস্থিতিত হেৰুওৱাৰ বিষাদৰ পৰা এতিয়াও মুক্ত হ’ব পৰা নাই অসমীয়া। এইবেলি বিহু মঞ্চত নাথাকিব জুবিনৰ মায়াবী কণ্ঠ। ‘এক অতি যন্ত্রণাদায়ক অনুভৱ। জুবিনদা অবিহনে বিহু মঞ্চখনেই আধৰুৱা। জুবিনদাবিহীন বিহু যে কেতিয়াবা উদ্যাপন কৰিব লাগিব সেই কথা ভাবিবই পৰা নাছিলো।’ এইদৰে কয় এজন উদ্যোক্তাই।

জুবিন অবিহনে গভীৰ শূন্যতাই ৰঙালীৰ ৰং ম্লান কৰিছে বুলি কয় মহানগৰীৰ বাসিন্দাই। পদূলিৰ ব’হাগক আদৰিবলৈ অন্তৰে যেন সাহস কৰিব পৰা নাই বুলিও তেওঁ কয়।

আজি গৰু বিহু। হেজাৰ আধুনিকতাই গৰকিলেও অসমৰ আকাশে-বতাহে ব’হাগ তথা ৰঙালী বিহুৰ গুঞ্জন চিৰ প্রবহমান। কিন্তু এইবাৰ বহু পৰিমাণে পৰিৱেশ স্তিমিত। বিধানসভা নিৰ্বাচনৰ ভোটগ্রহণ সমাপ্ত হ’ল যদিও কঁকালত টঙালি বান্ধি বিহু উদ্যাপনৰ বাবে সাজু হ’ব পৰা নাই বিহুবলিয়া অসমীয়াই। কিয়নো প্ৰাণৰ শিল্পীৰ প্রয়াণৰ শোক এতিয়াও সজীৱ হৈয়ে আছে। ৰাজ্যত এইবাৰ জুবিন গাৰ্গবিহীন প্রথম বিহু উদ্যাপন হ’ব। পৰম্পৰা ৰক্ষা কৰি বিহুক আদৰিবলৈ সাজু হ’লেও ৰাজহুৱা উদ্যাপনত জুবিনৰ অভাৱ বাৰুকৈয়ে অনুভৱ কৰিছে অসমীয়াই। জুবিন নাই বাবেই কে’বাখনো উল্লেখযোগ্য মঞ্চৰ বিহু এইবাৰ স্থগিত ৰখা হৈছে। জুবিনৰ অনুপস্থিতিৰ বিষাদ অসমতে সীমাবদ্ধ থকা নাই, দেশৰ বিভিন্ন প্রান্ততে অনুভূত হৈছে প্রিয় শিল্পীৰ অনুভৱ। নগালেণ্ডৰ মন্ত্ৰী টেমজেন ইমনা আলঙে ৰঙালী বিহুৰ শুভেচ্ছা সামাজিক মাধ্যমত জনাই লিখিছে, ‘জুবিনদা আপোনাক মিছ কৰিম।’

গৰু বিহুৰ বাবে বজাৰত দীঘলতি-মাখিয়তী: সেমেকা বজাৰ

গৰু বিহুৰ আনুষ্ঠানিকতা পালন কৰিবলৈ গাঁৱৰ বজাৰৰ দৰেই মহানগৰীৰ বজাৰতো উপলব্ধ হৈছে নতুন পঘা, দীঘলতি, মাখিয়তী। গো-ধন নাথাকিলেও তাৰ অনুভৱেই হ’ল বিহুৰ বতৰত অসমীয়াৰ প্ৰাণ। সেই বাবে গুৱাহাটীৰ বজাৰত গৰু নথকা মানুহেও পঘা কিনাৰ পৰম্পৰা পালন কৰিছে। একে পৰিৱেশ দেখা গৈছে ৰাজ্যৰ আন আন নগৰ-মহানগৰতো।

একে সময়তে পৰিতাপৰ বিষয় যে সময়ৰ কোবাল সোঁতে বিহুকো বহু পৰিমাণে জোঁকাৰিছে। ফলস্বৰূপে বিহুৰ অভিকেন্দ্ৰ গাঁৱতে এতিয়া বহু পৰিমাণে সেমেকা হৈছে পৰিৱেশ। সীমিত হৈ পৰিছে বিহুৰ চৰ্চা। আকৌ অর্থ সর্বস্ব মানসিকতায়ো বহু পৰিমাণে প্ৰভাৱ বিস্তাৰ কৰিছে জাতিৰ পৰিচয় বিহুটোত। স্বাভাৱিক আনন্দ-উল্লাসো এতিয়া ব্যৱসায়িক পৰিসৰত সোমাই পৰিছে। ইয়াৰ বিপৰীতে সাধাৰণ মানুহৰ ব্যয়ৰ পৰিৱৰ্তে উপাৰ্জন সীমিত হৈ আহিছে। এই সকলোবোৰৰ প্ৰভাৱ জাতীয় উৎসৱটিত পৰিছে।

গৰিষ্ঠসংখ্যক মানুহৰ উপাৰ্জনত সীমাবদ্ধতা আহি পৰাৰ ফলাফল এইবাৰৰ বিহুৰ বজাৰতে দেখা গৈছে। গুৱাহাটীৰ গণেশগুৰিৰ বাৰোৱাৰী পূজা মণ্ডপৰ সমীপত গামোচা আৰু বিহুৰ বিভিন্ন খাদ্য প্ৰকৰণৰ অস্থায়ী বিপণী বহুওৱা বাইহাটা চাৰিআলিৰ ব্যৱসায়ী কমল কলিতাই কয় যে ব্যৱসায় পূৰ্বৰ তুলনাত এইবাৰ যথেষ্ট সীমিত হৈ আছে।

আজিৰ পৰাই বিহু যদিও খাদ্যৰ পৰা বিহুৱানলৈকে বিক্রী মুঠেই সন্তোষজনক নহয়। বিহুৱান বুলি গামোচাতকৈ সৰু আকাৰৰ ৰুমালৰ বিক্রীহে বেছিকৈ হৈছে। কলিতাই কয়, ‘গ্রাহকে আমাক কয়, হাতত টকা নাই। গতিকে এৰাব নোৱাৰা মানুহবোৰক গামোচাৰ পৰিৱৰ্তে এইবাৰ গামোচাৰ নক্সাৰে তাঁতত বোৱা ৰুমালহে দিব। এখন গামোচাৰ মূল্যত যিহেতু চাৰিখন ৰুমাল পোৱা যায়। গতিকে গ্রাহকে সেয়াই বেছিকৈ পছন্দ কৰিছে।’

আনহাতে, ব’হাগ বিহুত মাঘৰ তুলনাত দৈ, ক্রীম, গুড় আদি কমকৈ বিক্রী হয় বুলি উল্লেখ কৰি ব্যৱসায়ীজনে জনায় যে সেয়াও সন্তোষজনকভাৱে বিক্ৰী হোৱা নাই। অৱশ্যে এনে সামগ্ৰীৰ দোকানৰ সংখ্যা বৃদ্ধিয়েও ব্যৱসায়ত প্ৰভাৱ পেলোৱা বুলি কলিতাই কয়। অৱশ্যে ফাঁচী বজাৰৰ কাপোৰৰ দোকানত যোৱা দুটা দিনত গ্ৰাহকৰ ভিৰ হয়। একেদৰে শ্বপিং মলতো ভিৰ দেখা যায়।

জুবিনবিহীন মঞ্চৰ বিহু অসম্ভৱ

পথাৰৰ বিহু কেতিয়াবাই মঞ্চ পালে আৰু এতিয়া ব’হাগ বিহু মানে মঞ্চ বিহুৱেই হৈ পৰিছে। এইবাৰো ৰাজ্যৰ চৌদিশে উদ্যাপন সমিতিসমূহৰ উদ্যোগত বিহু অনুষ্ঠানৰ আয়োজন কৰা হৈছে। অৱশ্যে মঞ্চ বিহুত এইবাৰ বহু পৰিমাণে প্রাণ নাই। মাত্র সাতমাহ পূর্বে চিৰদিনলৈ হেৰাই যায় অসমবাসীৰ হিয়াৰ আমঠু শিল্পী জুবিন গাৰ্গ। সেই শোকত আজিও ৰাজ্যবাসী দগ্ধ হৈ আছে। জুবিনহীনতাৰ অনুভৱে প্ৰতিটো সুখৰ মুহূৰ্তৰ ক’ৰবাত যেন কোবাই যায়। জুবিন অবিহনে বিহু উদ্যাপন বহু ক্ষেত্রত কল্পনাই কৰিব নোৱাৰি। জুবিন নোহোৱা বাবে কে’বাখনো উল্লেখযোগ্য বিহুৰ অনুষ্ঠান এইবাৰ বাতিল কৰা হৈছে। চমু কৰা হৈছে কাৰ্যসূচীও। এনে কাৰণতে এইবাৰ অনুষ্ঠিত নহয় চেপনৰ বৃহৎ বিহুৰ অনুষ্ঠান। বেলতলাৰ বিখ্যাত বিহুও এইবাৰ স্থগিত কৰা হৈছে একে কাৰণত। একেদৰে ৰাজ্যৰ কে’বাটা স্থানতো এইবাৰ কে’বাখনো উদ্যাপন সমিতিয়ে বিহুৰ অনুষ্ঠান বাতিল কৰিছে।

গুৱাহাটীৰ লতাশিলৰ বিখ্যাত গুৱাহাটী বিহু সন্মিলনীৰ এইবাৰ মহাৰজত জয়ন্তী পালন কৰা হৈছে। মহাআড়ম্বৰৰে এবছৰ পূৰ্বৰ পৰাই ইয়াৰ আয়োজন চলিছিল। কিন্তু জুবিন গাৰ্গৰ বিয়োগত এই আয়োজন সীমাবদ্ধ কৰাৰ সিদ্ধান্ত গ্রহণ কৰে উদ্যাপন সমিতিয়ে। সম্মিলনীৰ পাঁচদিনীয়া কাৰ্যসূচীও এইবাৰ চাৰিদিনীয়া কৰা হৈছে। মহাৰজত জয়ন্তী উদ্যাপন সমিতিৰ অধ্যক্ষ কৈলাশ শর্মাই কয় যে জুবিন গাৰ্গৰ বিয়োগৰ পৰিপ্ৰেক্ষিতত কাৰ্যসূচীসমূহ সীমাবদ্ধ কৰাৰ সিদ্ধান্ত গ্রহণ কৰা হয়। শৰ্মাই কয়, ‘কাইলৈৰ পৰা আমাৰ বিহু আৰম্ভ হ’ব। কাইলৈ দিনটো ড° ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষৰ লগত সংগতি ৰাখি আমি পালন কৰিম। ১৫ এপ্ৰিলৰ দিনটো আমি জুবিন গাৰ্গৰ নামত উৎসৰ্গা কৰিছো। সেইদিনা আমাৰ বিহুত কেৱল জুবিন গাৰ্গক স্মৰণ কৰা হ’ব। ১৬ এপ্ৰিলত নৱকান্ত বৰুৱাৰ জন্ম শতবার্ষিকীৰ লগত সংগতি ৰাখি আমি কাৰ্যসূচী অনুষ্ঠিত কৰিম। শেষৰ দিনা অৰ্থাৎ ১৭ এপ্ৰিলত গুৱাহাটী বিহু সম্মিলনীৰ বিহু সম্রাজ্ঞী প্রতিযোগিতা অনুষ্ঠিত হ’ব।’

লতাশিলৰ বিহুত এইবাৰো পূৰ্বৰ দৰে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ সংস্কৃতিৰ পয়োভৰ ঘটিব। ইয়াৰ উপৰি পূব গুৱাহাটী বিহু সম্মিলন, নুনমাটি বিহু সম্মিলনী আদিয়েও পূৰ্বৰ দৰে এইবাৰো বিহুৰ আয়োজন কৰিছে। এই আয়োজনত জুবিন গাৰ্গৰ সোঁৱৰণক সকলোৱে আগস্থান দিছে।

মহানগৰীৰ খাৰঘুলি বিহু মঞ্চ মানে প্ৰাণৰ শিল্পীৰ বাবে আছিল ঘৰুৱা মঞ্চ। এইবাৰ ব’হাগত খাৰঘুলিৰ ৰঙালী বিহুৰ মঞ্চত কিন্তু নাই প্রিয় শিল্পী। জুবিনবিহীন প্রথমটো ব’হাগত আগৰ দৰে বিশাল আয়োজন কৰা নাই খাৰঘুলি ৰঙালী বিহু সম্মিলনীয়ে। পৰম্পৰা ৰক্ষা কৰিবলৈ এইবাৰ মাত্ৰ এদিনীয়া কাৰ্যসূচীৰেই বিহু অনুষ্ঠান সমাপ্ত কৰা হ’ব।

সাজু শিল্পী: তালিকাত নাই জুবিন

মঞ্চ বিহুৰ অন্যতম আকর্ষণ হ’ল বাছকবনীয়া শিল্পীৰ সাংস্কৃতিক অনুষ্ঠান। বিহুৰ সাংস্কৃতিক অনুষ্ঠানৰ মধ্যমণি জুবিন গাৰ্গ। জুবিনৰ অনুষ্ঠান উপভোগ কৰিবলৈকে বাটকুৰি বাই মানুহ সমৱেত হয় বিহুতলীত। সেই জুবিন এইবাৰ নাই। জুবিনহীনতাই বিহু আয়োজনত সৃষ্টি কৰিছে বৃহৎ শূন্যতাৰ। সেই শূন্যতাৰ শোকৰ বাবে এইবাৰ বিহুৰ মঞ্চত অনুষ্ঠান পৰিবেশনৰ পৰা বিৰত আছে অংগৰাগ পাপন মহন্ত। এই কথা শিল্পীজনে নিজেই সদৰী কৰিছে। আৰু কে’বাগৰাকী শিল্পীয়ে এইবাৰ অনুষ্ঠানৰ পৰা বিৰত থকাৰ সিদ্ধান্ত লৈছে। ইয়াৰ বিপৰীতে অনুষ্ঠান পৰিবেশনৰ বাবে সাজু হৈছে একাংশ শিল্পী। কিয়নো বিহুৰ বতৰতে জীৱিকাৰ ধন আৰ্জিবলৈ অপেক্ষা কৰি থাকে অসমৰ শিল্পীসকল। চর্চা অনুসৰি জনপ্রিয় গায়ক আচুৰ্য বৰপাত্ৰই একোটা অনুষ্ঠানৰ বিপৰীতে চুক্তিবদ্ধ হৈছে চাৰে ছয় লাখৰ পৰা সাত লাখলৈকে। প্ৰিয়ংকা ভৰালী চুক্তিবদ্ধ হৈছে পাঁচ লাখ টকাত। শংকুৰাজ কোঁৱৰে একোটা অনুষ্ঠানৰ বিপৰীতে চাৰে ছয় লাখ টকালৈকে চুক্তিবদ্ধ হৈছে। নাহিদ আফ্রিনেও চাৰে চাৰি লাখ টকাত চুক্তিবদ্ধ হোৱা বুলি চর্চা চলিছে। দীপলিনা ডেকায়ো একোটা অনুষ্ঠানৰ বাবে চুক্তিবদ্ধ হোৱা মাননিৰ পৰিমাণ সৰ্বাধিক চাৰে চাৰি লাখ টকা বুলি আলোচিত হৈছে। এইবাৰ বিহুত জুবিনৰ ঘনিষ্ঠ বন্ধুসকলে মিলি গঠন কৰা ‘যন্ত্র’ নামৰ বেণ্ডটোৱে বিভিন্ন মঞ্চত অনুষ্ঠান পৰিবেশন কৰিব।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Rongali bihu 2026Zubeen Garg
publisher

publisher

Related Posts

ৰাজহুৱা দাবীক আওকাণ কৰি পুনৰ নাজিৰাখাটত টোল কৰ সংগ্ৰহ আৰম্ভ
Assam

ঘাইপথ চোৱাচিতাৰ নামত চূড়ান্ত প্রবঞ্চনা, প্রকল্প সঞ্চালকৰ দায়িত্বজ্ঞানহীন আচৰণ

September 3, 2026
আর্থিক অনাটন! পত্নী-তিনি সন্তানক হত্যা
Assam

আর্থিক অনাটন! পত্নী-তিনি সন্তানক হত্যা

September 3, 2026
জলপ্ৰলয়ৰ বাবে ভাৰত-চীন-আমেৰিকাক দায়ী কৰিলে নেপাল চৰকাৰে
International

জলপ্ৰলয়ৰ বাবে ভাৰত-চীন-আমেৰিকাক দায়ী কৰিলে নেপাল চৰকাৰে

September 3, 2026
ম্যাদ উকলি যোৱাৰ তাৰিখ নিমিষতে সলনি হৈছে, ম্যাদ উকলি যোৱা মেগী-কুকুৰে-লিমকা বজাৰত বিক্ৰী কৰা হৈছে
India

ম্যাদ উকলি যোৱাৰ তাৰিখ নিমিষতে সলনি হৈছে, ম্যাদ উকলি যোৱা মেগী-কুকুৰে-লিমকা বজাৰত বিক্ৰী কৰা হৈছে

September 2, 2026
পাঁচ ছেপ্টেম্বৰৰ ভিতৰত নিউ হাৰাঙ্গাজাও ষ্টেচনৰ দুই নম্বৰ লাইন পুনৰ কাৰ্যক্ষম
Assam

পাঁচ ছেপ্টেম্বৰৰ ভিতৰত নিউ হাৰাঙ্গাজাও ষ্টেচনৰ দুই নম্বৰ লাইন পুনৰ কাৰ্যক্ষম

September 2, 2026
Dergaon:দেৰগাঁও লাচিত বৰফুকন পুলিচ একাডেমিৰ দীক্ষান্ত সমাৰোহত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা
Assam

Dergaon:দেৰগাঁও লাচিত বৰফুকন পুলিচ একাডেমিৰ দীক্ষান্ত সমাৰোহত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা

September 2, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d