The Bom Jesus treasure:✒️আফ্রিকা মহাদেশৰ ৰাষ্ট্ৰ নামিবিয়াৰ স্কেলিটন উপকূল জাহাজ দুর্ঘটনাৰ বাবে কুখ্যাত। বহু জাহাজ স্কেলিটন উপকূলৰ সাগৰত ডুব গৈছে। শেহতীয়াভাৱে এই অঞ্চলত এখন পাঁচশ বছৰ পুৰণি জাহাজৰ ধ্বংসাৱশেষ উদ্ধাৰ হৈছে।
অঞ্চলটোৰ মৰুভূমিৰ বালিৰ পাহাৰৰ তলত ‘বম জেছাছ’ নামৰ জাহাজখনৰ ধ্বংসাৱশেষ উদ্ধাৰ কৰা হৈছে।
পর্তুগালৰ পৰা ভাৰত অভিমুখে যাত্ৰা কৰি থকাৰ সময়ত এই জাহাজ ১৫৩৩ত সন্ধানহীন হৈছিল। কিছু বছৰ ধৰি জাহাজখনৰ উদ্ধাৰ অভিযান চলে যদিও পাছলৈ সকলোৱে জাহাজখনৰ কথা পাহৰি পেলায়। জাহাজখনত সোণ-ৰূপকে ধৰি বিভিন্ন মূল্যৱান সামগ্রীও আছিল।
উল্লেখ্য যে পর্তুগীজ ভাষাত বম জেছাছৰ অৰ্থ হ’ল পবিত্র যীশু। একাংশ প্রত্নতত্ত্ববিদে শেহতীয়াভাৱে নামিবিয়াৰ মৰু প্ৰান্তত উদ্ধাৰ কৰা এই জাহাজৰ ভিতৰত দুহেজাৰ স্বৰ্ণ মুদ্রা, ৰূপ, তাম আৰু বিভিন্ন সামগ্ৰীৰ লগতে হাতীৰ দাঁতো উদ্ধাৰ হৈছে। আনকি জাহাজখনৰ ধ্বংসস্তূপৰ মাজৰ পৰা এটা পাঁচশ বছৰৰো অধিক পুৰণি বন্দুকো উদ্ধাৰ হৈছে।
নামিবিয়া, এংগলা আৰু দক্ষিণ আফ্রিকা- এই তিনি দেশৰ মাজত অৱস্থিত নামিব মৰুভূমি। আটলান্টিক মহাসাগৰৰ উপকূলৰ এই মৰুভূমি প্রায় দুহেজাৰ কিলোমিটাৰ অঞ্চল বিস্তৃত হৈ আছে। স্কেলিটন অঞ্চল এই মৰুভূমিৰে অংশ।
শেহতীয়াভাবে উদ্ধাৰ হোৱা জাহাজখনৰ ধ্বংসাবশেষ পাঁচশ বছৰ পূৰ্বৰ পর্তুগীজ সাম্ৰাজ্যৰ অর্থনৈতিক আৰু বাণিজ্যিক উন্নতিৰ আভাসো দিছে। তেতিয়া পর্তুগীজসকলকে ধৰি ইউৰোপৰ বিভিন্ন দেশে বিশ্বৰ বিভিন্ন প্রান্তত ঔপনিবেশ স্থাপন কৰি আছিল।
এনে অংকৰে পতুগালৰ একাংশ লোক জাহাজখনত ভাৰতলৈ আহিছিল বুলি ধাৰণা কৰা হৈছে। ধ্বংসপ্রাপ্ত জাহাজখনৰ পৰা উদ্ধাৰ হোৱা স্বর্ণ মুদ্রা আৰু অন্যান্য সামগ্রীসমূহ অক্ষত অৱস্থাত আছে। এই সামগ্ৰীসমূহৰ মাজত শিল্পকর্মও আছে।এই সম্পর্কত একাংশ বিশেষজ্ঞই মতপোষণ কৰিছে যে বালি আৰু শুকান পৰিৱেশে এটা চন্দুকৰ দৰে কাম কৰে।
গতিকে ধ্বংসপ্রাপ্ত জাহাজখনত থকা বিভিন্ন সামগ্রী অক্ষত অবস্থাত উদ্ধাৰ হয়।অৱশ্যে এনে ঘটনা ইতিহাসত বিৰল। গতিকে বিশেষজ্ঞসকলে ঘটনাটোক যুগান্তকাৰী আখ্যা দিছে। এই সম্পর্কত ছাউডার্ণ আফ্রিকা ইনষ্টিটিউট অৱ মেৰি টাইম আর্কিঅ’লজিকেল বিছাৰ্চৰ মুৰব্বী প্রত্নতাত্ত্বিক ডিটাৰ নোলিয়ে মতপোষণ কৰিছে যে ষষ্ঠদশ শতিকাতো আফ্রিকাই বিশ্ব বাণিজ্য আৰু ৰাজনীতিত কেন্দ্রীয় ভূমিকা পালন কৰাটো এই আৱিষ্কাৰে প্ৰমাণ কৰে। কাৰণ জাহাজখনত সোণ-ৰূপৰ লগতে হাতীৰ দাঁতো উদ্ধাৰ হৈছে।
উল্লেখ্য যে উক্ত বাণিজ্য পথে পতুর্গীজ সাম্রাজ্যক আফ্রিকা আৰু এছিয়াৰ বজাৰৰ স’তে সংযুক্ত কৰিছিল। আনহাতে, যিহেতু । ধ্বংসপ্রাপ্ত জাহাজখন নামিবিয়া উপকূলত উদ্ধাৰ হ’ল, গতিকে ইউনেস্ক’ৰ নিয়ম অনুসৰি জাহাজখনৰ সম্পদ নামিবিয়াৰ সম্পত্তিত পৰিণত হৈছে। এই কথা পতুর্গালেও মানি লৈছে।
এই আৱিষ্কাৰক পতুগালে নামিবিয়াৰ স’তে পাৰস্পৰিক সৌহার্দ্য আৰু সহযোগিতাৰ নিদৰ্শনৰূপে বিবেচনা কৰিছে।ইপিনে, নামিবিয়া চৰকাৰে ধ্বংসপ্রাপ্ত জাহাজখনৰ পৰা উদ্ধাৰ হোৱা সম্পদ আৰু ঐতিহাসিক সামগ্ৰীসমূহক যাদুঘৰত ৰাখি প্ৰদৰ্শনীৰ পৰিকল্পনা কৰিছে। ইয়াৰ জৰিয়তে ষষ্ঠদশ শতিকাৰ স’তে সাধাৰণ লোকৰ বাস্তৱ সংযোগ স্থাপন হ’ব বুলি চৰকাৰে আশা প্রকাশ কৰিছে। গতিকে কেৱল ঐতিহাসিকেই নহয়, অর্থনৈতিক দিশতো এই জাহাজৰ গুৰুত্ব বৃদ্ধি পাইছে।





























