Titabar:
বিদ্যালয়ত পাঠদান চলি থকা সময়তে বিদ্যালয়ৰ চৌহদত প্ৰৱেশ কৰে এটা প্ৰকাণ্ড বন্যহস্তীয়ে ৷ দিনদুপৰতে হাতীৰ বিচৰণক লৈ হুৱাদুৱা লাগে ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰীৰ মাজত। এই ঘটনা সংঘটিত হয় যোৰহাট জিলাৰ তিতাবৰৰ খৰিকটিয়া উচ্চ মাধ্যমিক বিদ্যালয়ত ৷ অৱশ্যে উপস্থিত ৰাইজ আৰু ছাত্ৰ-ছাত্ৰীৰ চিঞৰ-বাখৰ কৰাত গুৰুগম্ভীৰ খোজেৰে গজৰাজে বিদ্যালয় চৌহদৰ পৰা আঁতৰি অন্য দিশে গতি কৰে ৷
উল্লেখ্য যে,নিশা হ’লেই তিতাবৰৰ প্ৰায়বোৰ অঞ্চলত নিশা হ’লেও খাদ্যৰ সন্ধানত পাহাৰৰ পৰা নামি অহা বন্যহস্তীৰ জাকে উপদ্ৰৱ সৃষ্টি কৰে ৷ADVERTISEMENT


































