Wild elephant terror:
গোৱালপাৰা জিলাত হাতী-মানুহৰ সংঘাত কোনো নতুন কথা নহয়। বিগত বহু বছৰ ধৰি জাক জাক বনৰীয়া হাতীয়ে উপদ্রৱ চলাই আহিছে জিলাখনত। যোৱা নিশাও জিলাখনৰ হাৰিমুৰাত বন্যহস্তীয়ে ভাঙি লণ্ডভণ্ড কৰিলে এটা পৰিয়ালৰ বাসস্থান।
তথ্য মতে, নিশা হাৰিমুৰাৰ ঘোঁৰাপোতাত বনৰীয়া হাতীয়ে ভাঙি চূর্ণবিচূর্ণ কৰিলে কখিলা কোচ নামৰ মহিলাগৰাকীৰ বাসগৃহ। স্থানীয় ৰাইজে জনোৱা অনুসৰি, নিশা এটা অকলশৰীয়া বন্যহস্তীয়ে খাদ্যৰ সন্ধানত গাঁওখনত প্ৰৱেশ কৰি কখিলা কোচ নামৰ মহিলা গৰাকীৰ বাসগৃহ ভাঙি লণ্ডভণ্ড কৰে। কথমপি প্ৰাণৰক্ষা কৰি ঘৰৰ পৰা পলায়ন কৰিবলৈ সক্ষম হয় মহিলা গৰাকীৰ লগতে পৰিয়ালৰ লোক।
ইফালে, ঘৰৰ ভিতৰত থকা ধান-চাউল খাই নষ্ট কৰাৰ লগতে পালেং, প্লাষ্টিকৰ শ্বেয়াৰ, কাপোৰ কানি আদি বহু সা-সম্পত্তি বিনষ্ট কৰে বন্যহস্তীয়ে। পাছত স্থানীয় ৰাইজে ফটকা ফুটাই বন্যহস্তীটোক গাঁৱৰ পৰা খেদিবলৈ সক্ষম হয়। সম্প্রতি বনৰীয়া হাতীৰ সন্ত্রাসত আতংকিত হৈ পৰিছে ঘোঁৰাপোতা অঞ্চলৰ ৰাইজ।






























