Chirang:
চিৰাঙত ডায়েটৰ উদ্যোগত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হয় শিক্ষক সন্মিলন । শিক্ষক সন্মিলনৰ প্ৰথম কাৰ্যসূচী জনতাৰ শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপনেৰে আৰম্ভ কৰা হয় । শিক্ষক সন্মিলনৰ মঞ্চ উৎৰ্গিত কৰা হৈছে জুবিন গাৰ্গৰ নামত । চিৰাং জিলা আয়ুক্ত যতীন বৰাই মঞ্চ মুকলি কৰি শিক্ষক সন্মিলনৰ শুভাৰম্ভ কৰে । অনুষ্ঠানত জিলাখনৰ বহু শিক্ষক উপস্থিত থকাৰ লগতে চিৰাং জিলা বিদ্যালয় সমূহৰ পৰিদৰ্শক বিজয় বৈষ্ণৱ, ডায়েটৰ অধ্যক্ষ নাছিৰুদ্দিন আহমেদ, গোসাইগাঁও বিএড কলেজৰ অধ্যক্ষ অজিত বড়ো,বৰপেটা ডায়েটৰ প্ৰাক্তন অধ্যক্ষ উপস্থিত থাকে । এই শিক্ষক সন্মিলনত ছাত্ৰ-ছাত্ৰীক আধুনিক পদ্ধতিত পাঠদান কৰাৰ কৌশল আলোচনাৰ লগতে শিক্ষামুলক বিভিন্ন দিশ আলোচনা হয় ।




































