Zubeen Garg:✒️জুবিন গাৰ্গক লৈ ৰাজ্যত ৰাজনীতি এতিয়া তুংগত। ‘পলিটিক্স নকৰিবা বন্ধু’ বুলি জুবিনে গোৱা গানৰ জৰিয়তে ৰাজনৈতিক দলবোৰক আহ্বান জনাইছিল। সেই জুবিনৰ মৃত্যুক লৈয়ে এতিয়া ৰাজনীতি তুংগত উঠিছে। কালি শাসক বিজেপিয়ে নিজ দলৰে চৰকাৰৰ ওচৰত জুবিনৰ মৃত্যুৰ ন্যায় দাবী কৰিছে।ইয়াকে লৈ দীঘলীয়া কাৰ্যসূচীও কালি ঘোষণা কৰা হয়।
লক্ষ্যণীয়ভাৱে এনে কাৰ্যসূচী ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ লগতে ঘোষণা কৰে স্বয়ং মুখ্যমন্ত্রীয়েও। মুখ্যমন্ত্রীয়ে আজি ঘোষণা কৰে যে অহা ২৩ৰ পৰা ২৮ অক্টোবৰলৈ বিজেপিয়ে ‘ময়ো জুবিন, আমিও জুবিন’ অভিযান আৰম্ভ কৰিব। এই অভিযানৰ জৰিয়তে জুবিন গাৰ্গক ন্যায় প্রদান প্রক্রিয়া ক্ষিপ্ৰতৰ কৰাৰ দাবী জনোৱা হ’ব।
তদুপৰি মুখ্যমন্ত্ৰীয়ে কয়, ‘সম্পূর্ণ যোগাত্মক দৃষ্টিভংগীৰে আমাৰ এই কার্যসূচী চলিব। এই কেইটা দিনত বিজেপিৰ প্ৰতিজন কৰ্মকৰ্তাই নিজৰ ঘৰৰ চৌহদত জুবিনৰ প্ৰিয় নাহৰৰ পুলি ৰোপণ কৰিব। এইকেইদিনতে আমি সমাজৰ বাবে প্রয়োজনীয় ১০টা কাম কৰিম।’
ইপিনে, দলৰ ৰাজ্যিক কার্যালয়ত আয়োজিত এক সংবাদমেলত সভাপতি দিলীপ শইকীয়াই কে’বাটাও কার্যসূচী ঘোষণা কৰে। সেই অনুসৰি, অহা ১৯ অক্টোবৰত জুবিন গাৰ্গৰ এমহীয়া শ্রদ্ধাঞ্জলি কার্যসূচী বিজেপিয়ে ৰাজ্যিক, জিলা আৰু মণ্ডল পৰ্যায়ত ৰাজ্যৰ বিভিন্ন স্থানত আয়োজন কৰিব। ২২ৰ পৰা ৩০ অক্টোবৰলৈ প্ৰতিখন জিলা সদৰত জুবিন গাৰ্গক ন্যায়ালয়ৰ জৰিয়তে ন্যায় প্রদান কৰিবলৈ বিশাল জনসমদল অনুষ্ঠিত কৰা হ’ব।
২২ অক্টোবৰত নলবাৰীৰ পৰা এই জনসমদলৰ কাৰ্যসূচী আৰম্ভ কৰা হ’ব। ২৬ অক্টোবৰত বিজেপিৰ ২৫ হেজাৰৰো অধিক বুথত প্ৰধানমন্ত্ৰীৰ ‘মন কী বাত’ কাৰ্যসূচীৰ লগতে জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি-স্মৃতিচাৰণ সভা অনুষ্ঠিত হ’ব। ইয়াৰ উপৰি বিজেপিৰ প্ৰতিজন বিধায়ক-সাংসদে নিজৰ নিজৰ সমষ্টিত জুবিন গাৰ্গৰ একোটাকৈ প্রতিমূর্তি স্থাপন কৰিব বুলিও শইকীয়াই সদৰী কৰে। ইয়াৰ উপৰি প্ৰতিখন জিলাত বিজেপিৰ জনপ্রতিনিধিৰ সহযোগত একোখন সংগীত বিদ্যালয়ো স্থাপন কৰা হ’ব। আন এক কাৰ্যসূচী অনুসৰি, প্ৰয়াত শিল্পীগৰাকীলৈ শ্রদ্ধা নিবেদন কৰিবলৈ বিজেপিৰ সাংসদ-বিধায়কসকলে নিজৰ সমষ্টিত একোখনকৈ প্রদর্শনীমূলক ফুটবল খেলৰো আয়োজন কৰিব।
শইকীয়াই এই বুলিও সদৰী কৰে যে অহা ১৮ নৱেম্বৰ হ’ল জুবিন গাৰ্গৰ জন্মদিন আৰু সেইদিনাৰ পৰা ৩০ নৱেম্বৰলৈ জুবিন গাৰ্গৰ গীত সামূহিকভাৱে পৰিবেশন কার্যসূচীও প্রতিখন জিলাত অনুষ্ঠিত কৰা হ’ব।
ইপিনে, বৃহস্পতিবাৰে ৰাজ্যিক কেবিনেটে গ্ৰহণ কৰা প্ৰস্তাৱৰ কালি দলটোৱে দাবী হিচাপে চৰকাৰৰ ওচৰত উত্থাপন কৰে। সেই অনুসৰি, এছআইটিয়ে পানী নসৰকাকৈ তদন্ত কৰি নিৰ্ধাৰিত সময়ৰ পূৰ্বে অভিযোগনামা দাখিল কৰা আৰু তদন্ত প্ৰক্ৰিয়া ক্ষিপ্ৰতৰ কৰাৰ দাবী জনায়। বিচাৰ প্ৰক্ৰিয়াও ক্ষিপ্ৰতৰ কৰিবলৈ ফাষ্টট্রেক আদালত গঠনৰো দলটোৱে দাবী উত্থাপন কৰে। একেদৰে এজন দক্ষ অধিবক্তাক বিশেষ ৰাজহুৱা অধিবক্তাৰূপে নিয়োগ কৰিবলৈয়ো চৰকাৰক আহ্বান জনাইছে।
বিজেপিয়ে নিজেই নিজৰ চৰকাৰৰ ওচৰত আস্থা হেৰুৱাইছে নেকি? দলটোৱে যিবোৰ কাৰ্যসূচী আজি ঘোষণা কৰে, তাকে লৈ ৰাইজৰ লগতে বিৰোধী দলেও এই প্রশ্ন উত্থাপন কৰিছে। ‘ময়ো জুবিন, আমিও জুবিন’ কাৰ্যসূচীক কটাক্ষ কৰি আজি কংগ্ৰেছে মন্তব্য কৰে যে জুবিন অনন্য আৰু একক। তদুপৰি যি জুবিনক লৈ ৰাজনীতি নকৰিবলৈ স্বয়ং মুখ্যমন্ত্ৰীয়েই সকীয়াই দি আহিছে, সেই মুখ্যমন্ত্রীয়েই কালি তেওঁলোকৰ এই কাৰ্যসূচীৰ বিষয়ে ঘোষণা কৰি যি বাৰ্তা দিব বিচাৰিছে, সেয়া স্পষ্ট হৈছে বুলিও দলটোৱে উল্লেখ কৰে।
জুবিন হোৱাটো ইমান সহজ নহয়, হওঁ বুলিলেই জুবিন গাৰ্গ হ’ব নোৱাৰি। তেনে ক্ষেত্রত ‘ময়ো জুবিন, আমিও জুবিন’ কার্যসূচী বাতুলামি বুলিও সামাজিক মাধ্যমত ব্যাপক চর্চা চলিছে। তদুপৰি ‘#জাষ্টিচফৰজুবিন’ লিখিলেই ন্যায় পাব নোৱাৰি বুলিও উল্লেখ কৰা মুখ্যমন্ত্ৰীৰ দলৰ মানুহেই এতিয়া এইদৰে লিখি জুবিনৰ ন্যায় বিচৰাও অন্যতম চৰ্চাৰ বিষয় হৈ পৰিছে।






























