Zubeen Garg :✒️এতিয়াৰে পৰা দৈনিক পুৱা ছয় বজাৰ পৰা নিশা ১০ বজালৈহে সোণাপুৰৰ কমাৰকুছিস্থিত জুবিন গাৰ্গৰ সমাধিস্থলী অর্থাৎ জুবিন ক্ষেত্র দর্শনার্থীৰ বাবে মুকলি থাকিব।
বৃহস্পতিবাৰে দিছপুৰত অনুষ্ঠিত ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত জুবিন ক্ষেত্রক লৈ হোৱা আলোচনাৰ পাছতে নিশা কামৰূপ মহানগৰ জিলা প্রশাসনে এই নির্দেশনা জাৰি কৰে।
জিলা দণ্ডাধীশে জাৰি কৰা নিৰ্দেশত লগতে উল্লেখ কৰা হৈছে যে সুৰা তথা ৰাগিয়াল দ্রব্য সেৱন কৰা কোনো লোককে সমাধিক্ষেত্রত প্ৰৱেশৰ অনুমতি দিয়া নহ’ব।
তদুপৰি সমাধিক্ষেত্র চৌহদতো ৰাগিয়াল দ্ৰব্যৰ ব্যৱহাৰ আৰু বিতৰণ কঠোৰভাৱে নিষিদ্ধ কৰা হৈছে বুলি নির্দেশনাটোত উল্লেখ কৰা হৈছে।
বৃহস্পতিবাৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই দিছপুৰত এক সংবাদমেলত কয়, ‘জুবিনৰ সমাধিস্থলীত যাতে কোনো কাৰণত সুৰা সেৱন কৰা মানুহ যাব নোৱাৰে, সুৰা সেৱনৰ ব্যৱস্থা যাতে হ’ব নোৱাৰে, তাৰ বাবে ব্যৱস্থা ল’বই লাগিব। জুবিনৰ পৰিচয় সুৰাৰ লগত হ’বই নোৱাৰে। জুবিন হ’ল সংগীত, সাংস্কৃতিক আৰু জাতিৰ সম্পদ। জুবিন এই পৰিচয়ৰে চিৰদিন আমাৰ মাজত থাকিব। জুবিনে ২৪ ঘণ্টা মদ খোৱা নাছিল। তাৰ বিপৰীতে এচামে জুবিনে ২৪ ঘণ্টাই মদ খোৱাৰ ধাৰণা সৃষ্টিৰ চেষ্টা কৰিছে। আমি জুবিনক জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভা, ভূপেন হাজৰিকাৰ দৰে জীয়াই ৰাখিব লাগিব। তেওঁলোক বিশাল অবদানেৰে চিৰদিন আমাৰ মাজত জীয়াই থাকিব। জুবিনো সেইদৰে জীয়াই থাকিব লাগিব। এচামে জুবিনৰ সমাধিক্ষেত্ৰত উদ্ভণ্ডালিৰ সৃষ্টি কৰিছে। সমাধিস্থলীত মদ ঢালি দিয়া, চাদা দিয়া এইবোৰ ক’ৰ সংস্কৃতি। মদ অলপ-চলপ ভূপেন হাজৰিকায়ো খাইছিল। সেইটোতো তেওঁৰ পৰিচয় হ’ব নোৱাৰে। এশ বছৰ পাছতো জুবিনক আমি আমাৰ সম্পদৰূপে প্ৰতিষ্ঠা কৰি ৰাখিব লাগিব। তেতিয়াৰ নতুন প্রজন্ময়ো জুবিনক জানিব লাগিব। তাৰ বিপৰীতে এচামে জুবিনক কি পৰিচয় দিব বিচাৰিছে? ৰাতি দুই বজাত জুবিনৰ সমাধিলৈ যাব নালাগে নহয়? পুৱালৈ যাওঁক। এইবোৰ নহ’ব। অন্ততঃ মই মুখ্যমন্ত্রী থকালৈকে এইটো নহ’ব।’
তদুপৰি মুখ্যমন্ত্ৰীয়ে সাংবাদিকৰ আগত কয় যে জুবিন গাৰ্গৰ নামত একাংশই যি পৰিস্থিতিৰ সৃষ্টি কৰিছে, সেয়া কাম্য নহয়। আন্দোলন কৰা সকলে ন্যায়ালয়ক বিশ্বাস নকৰা বাবেই এনে হৈছে।
এছআইটিয়ে ভাল কাম কৰি আছে বুলি দাবী কৰি মুখ্যমন্ত্ৰীয়ে কয়, ‘ব্যৱস্থাৰ মাজেৰেহে সকলো হ’ব। মুখ্যমন্ত্রী হিচাপে ময়ো কৈছো- জুবিনক ন্যায় দিব লাগিব। ন্যায় দিব ন্যায়াধীশে। তাৰ বাবে এছআইটিয়ে অভিযোগনামা দাখিল কৰিব। দুই-এজনে ভয় খাই আছে যে অভিযোগনামা দিলেই তেওঁলোকৰ উদ্দেশ্যত ব্যাঘাত হ’ব নেকি? সেইসকলেই বিচাৰে জুবিনে যাতে ন্যায় নাপায়। সেইসকল জুবিনৰ মৃত্যুৰ পাছত সৃষ্টি হোৱা অনুৰাগী।’
ইপিনে, ‘কাঞ্চনজংঘা’ ছবিখনৰ এটা সংলাপক লৈ জুবিন জাতিহীন, ধর্মহীন বুলি প্রতিষ্ঠা কৰিবলৈ একাংশই উঠি-পৰি লাগিছে বুলিও মুখ্যমন্ত্রীয়ে মন্তব্য কৰে। তেনেসকলক উদ্দেশি মুখ্যমন্ত্ৰীয়ে কয়, ‘জুবিনৰ যদি জাতি নাই, তেন্তে জুবিন অসমীয়া নহয় নেকি? জুবিন অসমীয়া হয় নে নহয়? জুবিনৰ ধৰ্মটোও লৈ গৈছে। জুবিন এজন হিন্দু, জুবিন এজন অসমীয়া। বাঁওপন্থীসকলে জুবিনক উন্মাদৰ দৰে ব্যৱহাৰ কৰি আছে। ৩০ দিন আমি মাত দিয়া নাছিলো। এতিয়া জবাব দিম। আমাক বিজেপিক যে ৰখাব নোৱাৰে, তাৰ প্ৰমাণ আমি কালিৰ পৰা দিছো।’
মুখ্যমন্ত্ৰীয়ে নিজৰ বক্তব্যৰ সমর্থনত গুৱাহাটী প্ৰেছ ক্লাবৰ নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পাছৰ পৰিৱেশকো টানি আনে। তেওঁ কয়, ‘দীপাৱলীত বোমা ফুটাওতে বেয়া পাইছিল। এজন সম্পাদকে বহুত কিবা-কিবি ক’লে। তাৰ পিছদিনাই মানুহে বুজাই দিলে যে তেওঁ কেনেকৈ আমাৰ অভিভাৱক হ’ব। তেওঁলোকৰ মানুহ গুৱাহাটী প্ৰেছ ক্লাবৰ নিৰ্বাচনত জিকাৰ পাছত বোমা ফুটাই দিলে। সকলোৱে কেৱল হিন্দুৰ উৎসৱকেইটাকহে লক্ষ্য কৰে। অথচ দুর্গা পূজা, কালী পূজাত আমাৰ মানুহে জুবিনক প্রতিখন পূজাস্থলীতে কিমান সম্মান দিলে, সকলোরে দেখিছে। আমি এতিয়া কথাবোৰ ক’বই লাগিব, নহ’লে সমাজখন বিপথে গুচি যাব।’






























