Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Abhi- Neel Murder Case:সোমবাৰে অভি-নীল হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান 

    Abhi- Neel Murder Case Judgement:অভি-নীল হত্যাকাণ্ডৰ দোষীৰ শাস্তি ঘোষণা আদালতৰ

    অসহায়তাৰ অন্ধকাৰৰ পৰা আত্মনিৰ্ভৰতাৰ পোহৰলৈ : পূর্ণিমা শইকীয়া

    অসহায়তাৰ অন্ধকাৰৰ পৰা আত্মনিৰ্ভৰতাৰ পোহৰলৈ : পূর্ণিমা শইকীয়া

    ৰাঘৱ চাড্ডাসহ সাত জন সাংসদ বিজেপিত যোগদান

    ৰাঘৱ চাড্ডাসহ সাত জন সাংসদ বিজেপিত যোগদান

    British Parliament:ব্ৰিটিছ সংসদলৈ আমন্ত্ৰণ মাজুলীৰ আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডঃ পীতাম্বৰ দেৱগোস্বামীক

    British Parliament:ব্ৰিটিছ সংসদলৈ আমন্ত্ৰণ মাজুলীৰ আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডঃ পীতাম্বৰ দেৱগোস্বামীক

    তুৰস্কত ১৫ বছৰৰ তলৰ শিশুৰ বাবে নিষিদ্ধ ছ’চিয়েল মিডিয়া

    তুৰস্কত ১৫ বছৰৰ তলৰ শিশুৰ বাবে নিষিদ্ধ ছ’চিয়েল মিডিয়া

    Bikaji Foods Founder Shiv ratan Agarwal Passes Away:’বিকাজী’ৰ প্রতিষ্ঠাপক শিৱ ৰতন আগৰৱালাৰ দেহাৱসান

    Bikaji Foods Founder Shiv ratan Agarwal Passes Away:’বিকাজী’ৰ প্রতিষ্ঠাপক শিৱ ৰতন আগৰৱালাৰ দেহাৱসান

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

প্রতিক্ৰিয়াৰ পাছতে জুবিনক্ষেত্ৰত প্ৰৱেশৰ সময়সীমা এঘণ্টা বৃদ্ধি

publisher by publisher
October 25, 2025
in News, Assam
Reading Time: 1 min read
0
প্রতিক্ৰিয়াৰ পাছতে জুবিনক্ষেত্ৰত প্ৰৱেশৰ সময়সীমা এঘণ্টা বৃদ্ধি
2
SHARES
15
VIEWS
ShareShareShareShare

Zubeen Garg:✒️সলনি হ’ল প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ সোণাপুৰৰ সমাধিস্থলীত প্ৰৱেশ আৰু প্রস্থানৰ বাবে চৰকাৰে ধাৰ্য কৰি দিয়া নির্দেশনা। নিশা ১০ বজাৰ পৰিৱৰ্তে নিশা ১১ বজালৈ সোণাপুৰৰ সমাধিস্থলীত প্ৰৱেশৰ বাবে নতুন সময়সীমা ধাৰ্য কৰা হৈছে। দিছপুৰৰ পৰা সোণাপুৰৰ ৰাজহ চক্র বিষয়াক আজি নিশাৰে পৰাই এই নতুন সময়সীমা অনুসৰণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে বুলি উচ্চস্তৰীয় চৰকাৰী সূত্ৰত প্ৰকাশ। জুবিনক্ষেত্রত প্রবেশ-প্রস্থানৰ সম্পৰ্কত কালি চৰকাৰে নিৰ্ধাৰণ কৰা সময়সূচীৰ পাছতে ৰাজ্যজুৰি সৃষ্টি হোৱা প্রতিক্রিয়া আৰু সদৌ অসম জুবিন ফেন ক্লাবৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰা মুকলি পত্ৰৰ মর্মে এই সময়সীমা বৃদ্ধি কৰা হৈছে বুলি সূত্রটোরে কয়। দিনজুৰি সময়সীমাক লৈ অব্যাহত প্রতিক্রিয়া: কি ক’লে মুখ্যমন্ত্রীয়ে

ADVERTISEMENT

ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ মাজতে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মায়ো উচটনি দিয়া সকলৰ বিৰুদ্ধে কঠোৰ ব্যবস্থা ল’বলৈ সকীয়াই দিয়ে। চৰকাৰে ধাৰ্য কৰি দিয়া এছঅ’পিক লৈ সৃষ্টি হোৱা প্রতিক্রিয়াত একপ্ৰকাৰ ক্ষুব্ধ মুখ্যমন্ত্ৰীয়ে আজি কয়, ‘অসমত কি নতুন নতুন নিয়ম আৰম্ভ কৰিব বিচাৰিছে। জুবিনে জীয়াই থাকোতে কেতিয়াও কোৱা নাছিল যে ভূপেন হাজৰিকাৰ সমাধি নিশা ১০ বজাৰ পাছত মুকলি কৰি দিয়ক। যি কথা জুবিনে জীয়াই থকাৰ সময়ত কোৱা নাছিল সেই কথা এতিয়া আমি কিয় কম। জুবিনৰ মৃত্যুৰ পাছত জুবিনৰ নাম লৈ এইবিলাক কাম আমি এতিয়া কৰিব নাপায়। ১০ বজাৰ সলনি ১১ বজা বুলি ক’ব পাৰে সেইটো বেলেগ কথা।’ মুখ্যমন্ত্রীয়ে কয়, ‘এইবিলাক কি কথা যে নতুন ল’ৰা উত্তেজিত হৈ যাব। নতুন ল’ৰাৰ আৰু বেলেগ কাম নাই। নিজৰ অসমত নিজে উত্তেজিত হ’ব। অসমখন তেওঁলোকৰ জন্মভূমি নহয় নেকি? নতুন ল’ৰাই অসমক মোতকৈ বেছি ভাল পায়। সেই কাৰণেই অসমত আজিলৈ এটাও গণ্ডগোল হোৱা নাই। নিশা ১০ বজাৰ পাছত কোন যাব লাগে। অসমত নিশা ১০ বজাৰ পাছত কামাখ্যা মন্দিৰতো কোনো নাযায়। এনেই কিছুমান কথা কৈ মানুহক উত্তেজিত কৰিব নালাগে। লাগিলে তেওঁ যিয়ে নহওক কিয়? ৰাতি ১০ বজাৰ পাছত মানুহ কোনো মন্দিৰতো নাযায়, কলেজলৈও নাযায়, ইউনিভাছিটিলৈও নাযায়। নিশা সোণাপুৰত স্থানীয় লোক থাকে, তেওঁলোকে ইমান মৰমেৰে ঠাইখিনি এৰি দিছে। তেওঁলোকক ওৰে নিশা আমি দিগদাৰী কৰি থাকিম নেকি? মানুহে ওচৰ-চুবুৰীয়াৰ কথাও ভাবিব লাগিব। মানুহক উত্তেজিত কৰিব বিচাৰিলে নহ’ব। মই ৰীতা চৌধুৰীৰ বক্তব্য দেখিছো। মোৰ ভাল লগা নাই। তেওঁ মানুহক পৰোক্ষভাৱে উত্তেজিত কৰিছে।’ মুখ্যমন্ত্ৰীয়ে সকীয়নি দি কয়, ‘উত্তেজিত কৰিব বিচৰা সকলোৰে বিৰুদ্ধে চৰকাৰ কঠোৰ হ’ব।’

RelatedPosts

জুবিন বিহীন গৰু বিহুৰ দিনাই জুবিন ক্ষেত্ৰত গৰিমা শইকীয়া গাৰ্গ,পামী বৰঠাকুৰ

আজি গৰু বিহু উপাৰ্জনৰ সীমাবদ্ধতাৰ প্ৰভাৱত স্থবিৰতা বিৰাজ কৰিছে বজাৰত

Jagiroad:জাগীৰোডত বিহু কৰ্মশালাত মোহময়ী অভিনেত্ৰী বৰষাৰাণী বিষয়াৰ মন্তব্য

চৰকাৰৰ সিদ্ধান্ত গ্রহণযোগ্য নহয়: আছুৰ সভাপতি উৎপল শর্মা

জুবিন গাৰ্গ ক্ষেত্র খোলা আৰু বন্ধ কৰাৰ বাবে চৰকাৰে সময় নির্ধাৰণ কৰাটো নিতান্ত অপ্রয়োজনীয়। এই এছঅ’পি চৰকাৰে প্ৰত্যাহাৰ কৰক। জুবিন গাৰ্গৰ সকলো ধৰণৰ অনুৰাগী সমাধিক্ষেত্ৰত উবুৰি খাই পৰিছে। তাত পাঁচ বছৰীয়া শিশুৰ পৰা ৮০ বছৰীয়া বৃদ্ধ লোক, দিব্যাংগ ব্যক্তিও বহুকেইজন গৈছে। গতিকে সকলোৰে সুবিধা হোৱাকৈ ক্ষেত্রখন পৰিচালনা কৰাটো চৰকাৰৰ দায়িত্ব।’ চৰকাৰৰ সিদ্ধান্ত অগ্রহণযোগ্য বুলি মন্তব্য কৰি শীঘ্ৰে এছঅ’পি প্রত্যাহাৰৰ দাবী জনায় আছু সভাপতি শর্মাই। তেওঁ কয়, ‘আমি সকলোৱে উপলব্ধি কৰিব লাগিব যে অসমৰ মানুহ গণ বিষাদৰ মাজেৰে পাৰ হৈ আছে। চৰকাৰ সংবেদনশীল হ’ব লাগিব। যেতিয়ালৈকে জুবিন গাৰ্গৰ বিয়োগৰ বাতৰিটো মানুহে বহন কৰিবলৈ সক্ষম নহ’ব, যেতিয়ালৈকে জুবিন গাৰ্গৰ মৃত্যুৰ শোক কিছু পাতলাৰ পাছত মানুহৰ স্বাভাৱিক জীৱনচক্ৰ ঘূৰি নাহিব, যেতিয়ালৈকে প্ৰাণৰ শিল্পীক বিচাৰি যিয়ে যেতিয়াই সময় পায়, সমাধিলৈ ঢাপলি মেলিব এই কথা নিশ্চিত। চৰকাৰে এই কথা উপলব্ধি কৰিব লাগিব। জোৰ কৰি অনুৰাগীৰ ওপৰত নিয়ম-নীতি তাগিদা বান্ধি দিয়াটো গ্রহণযোগ্য নহয়।

এছঅপি কাৰ বাবে: যুৱ-ছাত্ৰ পৰিষদ

মুখ্যমন্ত্রী ড° শৰ্মাই জাৰি কৰা এছঅ’পি কোনোপধ্যে ৰাইজৰ অনুকূলে নহয় বুলিয়ে প্রতিক্রিয়া প্রকাশ কৰে অসম যুৱ-ছাত্ৰ পৰিষদৰ সভাপতি পলাশ চাংমাই আৰু সাধাৰণ সম্পাদক বিজয় বায়নে। এক বিবৃতিত নেতাদ্বয়ে কয় যে অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গ অসম তথা ভাৰতৰে নহয়, সমগ্র বিশ্বৰে নয়নৰ মণি হৈ পৰিছে। তেওঁলোকে কয়, ‘তেনেস্থলত এজন পর্যটক নিশাৰ ভাগতো জুবিন গাৰ্গৰ সমাধিস্থলীত উপস্থিত হ’ব পাৰে। চৰকাৰ তথা প্রশাসনে সময় নির্ধাৰণৰ ক্ষেত্রত শিথিলতা আনিব লাগিব। যদি দুষ্কৃতিকাৰীয়ে কিবা অসাধু কামত লিপ্ত হয় তেন্তে তাত যোৱা ১৯ ছেপ্টেম্বৰৰ পৰা আজিলৈ টহলদাৰী আৰক্ষীয়ে কি কৰি আছে? প্রকৃত অনুৰাগীক সমাধিক্ষেত্ৰ দৰ্শন কৰিবলৈ চৰকাৰে যি এছঅ’পি জাৰি কৰিছে সেয়া এমাহ উকলি যোৱাৰ পাছত কিয় কৰিছে। চৰকাৰে জুবিনৰ জনপ্রিয়তা তথা গ্রহণযোগ্যতা দেখি ভয় খাইছে কিয়? তেওঁৰ অকাল মৃত্যুত ন্যায়ৰ দাবীত চলিত সময়লৈ চৰকাৰৰ ভয় হৈছে নেকি? পূর্বে এখন ভুৱা এছঅ’পি জাৰি কৰি ৰাইজৰ ৰোষত পৰা চৰকাৰে এই এছঅ’পি উঠাই লওক। আজি এছঅ’পি সম্পর্কে বিভিন্ন মহলত বিৰূপ প্রতিক্রিয়া হোৱাহে পৰিলক্ষিত হৈছে।

মাছৰ প্ৰতিক্রিয়া

মানৱ সুৰক্ষা সংগ্রাম সমিতিৰ মুখ্য উপদেষ্টা বুবুমণি গোস্বামী, ভাৰপ্ৰাপ্ত অধ্যক্ষ বাণীকান্ত কাকতিয়ে এক বিবৃতিত কয় যে জুবিনক্ষেত্র খোলা বা বন্ধ ৰখা সন্দৰ্ভত অসম চৰকাৰে জাৰি কৰা নীতি-নির্দেশনা অপ্রয়োজনীয় আৰু জুবিন অনুৰাগীৰ আবেগত আঘাত হানিব পৰা প্ৰৰোচনাকাৰী কার্য। এনে নির্দেশনা কার্যকৰী হ’বলৈ হ’লে মানৱ অধিকাৰ খৰ্ব হ’ব।’ বিবৃতিত কয় যে প্রতিদিনেই বৃহৎ সংখ্যক অনুৰাগী সমবেত হোৱাৰ বাবে ক’ৰবাত শৃংখলাজনিত সৰু সৰু বিসংগতি ঘটিলেও তাত কোনো অপ্রীতিকৰ পৰিস্থিতিৰ উদ্ভৱ হোৱা নাই। মাছৰ নেতাসকলে বিবৃতিত কয়, ‘তদুপৰি এটা চক্রই মদাহী আখ্যা দি বিষয়টো অন্য ফালে ঢাল খোৱাব বিচৰাটো অতিকৈ দুর্ভাগ্যজনক। অসম চৰকাৰে ইয়াৰ সুবিধা গ্ৰহণ কৰি জুবিনক্ষেত্রত প্রবেশ প্রস্থানত সময় বান্ধি দিলে হিতে বিপৰীত হোৱাৰ সম্ভাৱনা আছে আৰু এনে কার্য মুঠেও গ্রহণযোগ্য নহয়। প্রয়োজনত চৰকাৰে পৰ্যাপ্ত নিৰাপত্তাৰক্ষী নিয়োগ কৰিব লাগে বুলি মাছে কয়। চৰকাৰে সময় নির্ধাৰণ কৰি জুবিন অনুৰাগীৰ অধিকাৰ খৰ্ব কৰা বুলিও উল্লেখ কৰি মাছে কোনো কাৰণত সমর্থন নকৰা বুলিও কয়। এই নির্দেশনা বাতিল কৰিবলৈ মাছে দাবী জনায়।

কি কৈছিল গৰিমাই

ইপিনে, যোৱা নিশা জুবিন গাৰ্গৰ পত্নী গৰিমাই এই সন্দৰ্ভত কয়, ‘প্রশাসনে কিবা অসুবিধা দেখিছে চাগে। সেয়েহে এই ব্যৱস্থা কৰিছে। মই ইয়ালৈ আহিছো আৰু মানুহে বিচাৰিছে ১১-৩০ বজা, নিশা ১২ বজালৈ খোলা থাকক। গতিকে সেইটো চাই লওক কিদৰে সুবিধা কৰিব পাৰে। কাৰণ ইমানদিনে গোটেই ৰাতি মানুহবোৰ আহি আছিল। কিছুমানে চাকৰি অথবা নিজৰ কাম-বন আজৰি কৰি আহিব বিচাৰে। গতিকে প্রশাসন-আৰক্ষীয়ে চাই লওক তেওঁলোকে কি কৰিব পাৰে?’ সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত গৰিমাই কয় যে নিশা ১২ বজালৈ পৰিৱেশ ঠিকে থাকে বুলি তেওঁ ভাবে। ৰাইজে নিজে দায়িত্ব ল’ব বুলি কোৱাৰ কথাও গৰিমাই সদৰী কৰে। তেওঁ কয় যে ৰাইজৰ ওপৰত তেওঁৰ আস্থা আছে। একে সময়তে প্রশাসনেও সুবিধা অনুসৰি কৰিব বুলি তেওঁ আশা প্রকাশ কৰে। গৰিমাই কয় যে ইমানদিনে ৰাইজে বিষয়বোৰ সুন্দৰকৈ কৰি আছে। সসম্মানৰে জুবিনৰ বাবে প্রার্থনা কৰিবলৈ তেওঁ আহ্বান জনায়। কোনো ধৰণৰ অপ্রীতিকৰ পৰিস্থিতিৰ যাতে সৃষ্টি নহয় তাৰ বাবেও লক্ষ্য ৰাখিবলৈ তেওঁ আহ্বান জনায়।

আমাৰ চৰকাৰৰ অনুমতি নালাগে: গৌৰৱ গগৈ

অসমৰ প্ৰাণৰ সম্পদক শ্রদ্ধাঞ্জলি জনোৱাৰ বাবে অসম চৰকাৰৰ অনুমতি নালাগে বুলি প্রতিক্রিয়া প্রকাশ কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈয়ে। তেওঁ কয়, ‘অসম চৰকাৰ আৰু শাসকীয় দলে এই কেইদিন বিভিন্ন এছঅ’পি উলিয়াইছে, কোন প্রকৃতি অনুৰাগী নহয় সেই চার্টিফিকেট তেওঁলোকে দিব। কেইবজাৰ পৰা কেইবজালৈকে জুবিন ক্ষেত্ৰলৈ অনুৰাগীয়ে শ্রদ্ধাঞ্জলি জনাবলৈ যাব পাৰিব তাৰ অনুমতি চৰকাৰে দিব, দীঘলীপুখুৰীলৈ অলপ পথ, হাতত মমবাতি লৈ আমি শান্তি সমদল কৰিবলৈ পাৰিম নে নাই তাৰো অনুমতি চৰকাৰে দিব। যিজনে ওপৰৰ পৰা নির্দেশ দি আছে গম পোৱা নাই যে জুবিনদা অসমৰ সম্পদ। গতিকে অসমৰ প্ৰাণৰ সম্পদক শ্রদ্ধাঞ্জলি জনোৱাৰ বাবে আমাক চৰকাৰৰ অনুমতি নালাগে।

মুখ্যমন্ত্রীলৈ পত্র ফেন ক্লাবৰ

সদৌ অসম জুবিন গাৰ্গ ফেন ক্লাবে আজি সন্ধিয়া মুখ্যমন্ত্রীলৈ এখন মুকলি পত্ৰ প্ৰেৰণ কৰে। ফেন ক্লাৱৰ সভাপতি অংকুৰ খাৰঘৰীয়াই জনোৱা মতে ৰাজ্য চৰকাৰে জাৰি কৰা নীতি-নির্দেশনা সন্দর্ভত তেওঁলোকে মুখ্যমন্ত্রীলৈ এখনি মুকলি পত্ৰ প্ৰেৰণ কৰিছে। পত্রত ফেন ক্লাবে মুখ্যমন্ত্রীক কয়, ‘কালি হঠাৎ আপোনাৰ এটা সিদ্ধান্ত সংবাদ মাধ্যমত দৃষ্টিগোচৰ হয় যে জুবিন ক্ষেত্ৰলৈ যোৱাত কিছু নিষেধাজ্ঞা জাৰি কৰিছে। জুবিন গাৰ্গ ক্ষেত্ৰখন সর্বাংগ সুন্দৰ তথা পবিত্ৰ কৰি ৰখাটো প্রতিজন অসমীয়াৰ দায়িত্ব আৰু কৰ্তব্য। তাৰ বাবে প্রশাসনিক নীতি-নিয়ম জৰুৰী, সেই কথা আমি মানিছো। কিন্তু কেইজনমান সুৰাপায়ী ব্যক্তিৰ অদায়িত্বশীল কৰ্মৰ বাবে অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা কষ্টৰে-আশাৰে জুবিনক্ষেত্র দৰ্শন কৰিবলৈ অহা অনুৰাগীসকলক দৰ্শনৰ পৰা বঞ্চিত কৰি নিশা ১০ বজাতে জুবিনক্ষেত্রত তলা লগোৱা বা প্রৱেশত বাধা প্রদান কৰাটো একেবাৰে গ্ৰহণযোগ্য নহয়। মায়াবিনী ৰাতিৰ বুকুত সাৰে থকা মানুহজনৰ আবেগক সম্মান জনাই এই সময়সীমা ১০ বজাৰ পৰিৱৰ্তে ১২ বজালৈ বৃদ্ধি কৰিবলৈ আহ্বান জনালো।

কি কৈছিল ৰীতা চৌধুৰীয়ে

সামাজিক মাধ্যমত বিশিষ্ট সাহিত্যিক ৰীতা চৌধুৰীয়ে মুখ্যমন্ত্ৰীক সম্বোধন কৰি লিখিছিল যে এই জটিল সময়ত সকলো ধৰণৰ ভয় ভাগি যোৱাকৈ বিষয়বোৰ আৰু বেছি জটিল কৰি নেপেলোৱাটোৱে এই মুহূর্তত সঠিক সিদ্ধান্ত হোৱাটো আমি ভাবো। এগৰাকী দায়িত্বশীল মাতৃ হিচাপে তেওঁ জৰুৰী বুলি ভবা বিষয়ত মাত দিয়ে বুলি কৈছে। তেওঁ লিখিছে জুবিনক্ষেত্ৰত প্ৰবেশৰ বাবে দিয়া বাধা নিষেধে জুবিনক ভালপোৱা ল’ৰা-ছোৱালীবোৰক জটিল মানসিক অবস্থালৈ ঠেলি দিব পাৰে। আত্মহননৰ পৰা বিদ্রোহলৈ যিকোনো ঘটনা ঘটিব পাবে।’

এনেকুৱা এছঅপি খাতিৰ কৰা নাছিল জুবিনদাই: প্রথমে ন্যায়; তাৰ পাছতহে এছঅপি

ইফালে, নিশা ১১ বজাৰ পাছতো লোকাৰণ্য হৈ থাকে সোণাপুৰস্থিত জুবিন গাৰ্গৰ সমাধিস্থলী। সকলোকে মাথোঁ এটাই কথা ‘প্রথমে ন্যায়, তাৰ পাছতহে এছঅ’পি’। সংশ্লিষ্ট স্থানত উপস্থিত থকা চিৰঞ্জীৱ কাশ্যপে সংবাদ মাধ্যমৰ আগত কয়, ‘জুবিনদাই এনেকুৱা এছঅ’পিক কেতিয়াও খাতিৰ কৰা নাছিল।’ কাশ্যপে লগতে কয়, ‘দিছপুৰত বহি থকা ৬০-৭০ জনক বুজাই থাকিবলগীয়া হৈছে। তেওঁলোকে কি অসমীয়া ভাষা বুজি নাপায়? আমি কি আছো, অসমীয়া হৈ অসমীয়া ভাষাত কৈ আছো যে আমাক ন্যায় লাগে। আপোনালোকে সময় লৈছে, আমি মানিছো; কিন্তু গৃহ বিভাগৰ নিজেই মন্ত্রী হৈ কেনেকৈ ক’ব পাৰে যে তেওঁ ৰাজপথলৈ আহিব। কেনেকৈ ক’ব পাৰে যে মই তেল দিম, তুমি ভোট দিবা, ১২৫০ টকা দিম ভোট দিবা। আমাক তেনেকুৱা ৰাজনীতি নালাগে। জুবিনদাই কেতিয়াও এনেকুৱা এছঅ’পিক খাতিৰ কৰা নাছিল।’ আজি যিসমূহ ব্যাখ্যা আগবঢ়োৱা হৈছে, সেই ব্যাখ্যাসমূহে জুবিনৰ সমাধিস্থলী অপবিত্ৰ কৰিছে বুলি তেওঁ উল্লেখ কৰি পুনৰ কয়, ‘অসমীয়া মানুহৰ হৃদয়ত ১৯ ছেপ্টেম্বৰত যিটো ঘা লাগিছিল, সেই ঘাত সদায় নিমখ ছটিয়াই থকা হৈছে। ইয়াতে যদি কোনোবাই মদ্যপান কৰি আহিছে, মেচিনটো লৈ তালচী চলাওক; মদৰ বটলৰে জুবিনদাৰ পৰিচয় বিশ্ববাসীৰ আগত নিদিব। জুবিনদাৰৰ টেটু’ক লৈ কৈছে তেওঁ বুলে হিন্দু আছিল; কিন্তু জুবিনদাই সেই আদর্শক বিশ্বাস কৰিছিল, কেতিয়াও হিন্দু-মুছলমান ভেদাভেদ কৰা নাছিল।’

ইফালে, নিশা সোণাপুৰত উপস্থিত হৈ জুবিন গাৰ্গৰ প্রতি শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে। তেওঁ সংবাদ মাধ্যমৰ আগত কয়, ‘এই স্থানটো এক বিশেষ স্থান। যি চৰকাৰী সিদ্ধান্ত উলাইছে, মই এই সিদ্ধান্তত একমত নহয়। মই নাভাবো যে সমাধিক্ষেত্রক লৈ কিবা এছঅ’পি থাকে। অসমৰ ৰাইজে যিদৰে এই সমাধিক্ষেত্রক সম্মান কৰিছে, গুৰুত্ব দিছে; সেই গুৰুত্ব কোনো চৰকাৰী এছআ’পিএ দিব নোৱাৰে। অসমৰ ৰাইজে এই ক্ষেত্র তীর্থস্থানলৈ পর্যবসিত কৰিছে। চৰকাৰৰ দায়িত্ব ৰাইজৰ আবেগক শ্রদ্ধা কৰা আৰু মৰ্যাদা বৰ্তাই ৰখা।’

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Zubeen GargZubeenkhetro
publisher

publisher

Related Posts

Abhi- Neel Murder Case:সোমবাৰে অভি-নীল হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান 
Crime

Abhi- Neel Murder Case Judgement:অভি-নীল হত্যাকাণ্ডৰ দোষীৰ শাস্তি ঘোষণা আদালতৰ

April 24, 2026
অসহায়তাৰ অন্ধকাৰৰ পৰা আত্মনিৰ্ভৰতাৰ পোহৰলৈ : পূর্ণিমা শইকীয়া
News

অসহায়তাৰ অন্ধকাৰৰ পৰা আত্মনিৰ্ভৰতাৰ পোহৰলৈ : পূর্ণিমা শইকীয়া

April 24, 2026
ৰাঘৱ চাড্ডাসহ সাত জন সাংসদ বিজেপিত যোগদান
News

ৰাঘৱ চাড্ডাসহ সাত জন সাংসদ বিজেপিত যোগদান

April 24, 2026
British Parliament:ব্ৰিটিছ সংসদলৈ আমন্ত্ৰণ মাজুলীৰ আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডঃ পীতাম্বৰ দেৱগোস্বামীক
News

British Parliament:ব্ৰিটিছ সংসদলৈ আমন্ত্ৰণ মাজুলীৰ আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডঃ পীতাম্বৰ দেৱগোস্বামীক

April 24, 2026
তুৰস্কত ১৫ বছৰৰ তলৰ শিশুৰ বাবে নিষিদ্ধ ছ’চিয়েল মিডিয়া
News

তুৰস্কত ১৫ বছৰৰ তলৰ শিশুৰ বাবে নিষিদ্ধ ছ’চিয়েল মিডিয়া

April 24, 2026
Bikaji Foods Founder Shiv ratan Agarwal Passes Away:’বিকাজী’ৰ প্রতিষ্ঠাপক শিৱ ৰতন আগৰৱালাৰ দেহাৱসান
News

Bikaji Foods Founder Shiv ratan Agarwal Passes Away:’বিকাজী’ৰ প্রতিষ্ঠাপক শিৱ ৰতন আগৰৱালাৰ দেহাৱসান

April 24, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d