Roi Roi Binale:✒️বুধবাৰে অনুষ্ঠিত হোৱা অসম চৰকাৰৰ সাপ্তাহিক কেবিনেট বৈঠকত জুবিন গাৰ্গৰ জীৱনৰ শেষৰখন ছবি ৰৈ ৰৈ বিনালেৰ কৰ সন্দৰ্ভত বিশেষ সিদ্ধান্ত।
বুধবাৰে সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে,প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্তিমখন ছবি ‘ৰৈ ৰৈ বিনালে’ৰ পৰা অসম চৰকাৰে লাভ কৰা জি এছ টিৰ অংশ কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনক দিয়া হ’ব ।
উল্লেখ্য যে,জুবিন গাৰ্গে আৰ্তজনৰ সাহায্যৰ বাবে গঠন কৰা এই ফাউণ্ডেশ্যনক দিয়া হ’ব তেওঁৰ শেষৰখন ছবিৰ পৰা অসম চৰকাৰে লাভ কৰা জি এছ টিৰ অংশ ।
মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ পৌৰোহিত্যত বুধবাৰে দিছপুৰৰ লোক সেৱা ভৱনত ৰাজ্য চৰকাৰৰ সাপ্তাহিক কেবিনেট বৈঠক অনুষ্ঠিত হয় । কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় । বৈঠকৰ অন্তত কেবিনেটৰ সিদ্ধান্তসমূহ সংবাদমেলযোগে সদৰী কৰে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই ।
সংবাদমেলত শৰ্মাই কয়, “অসমত চিনেমাৰ ক্ষেত্ৰত কোনো কৰ নাই। কিন্তু ভাৰত চৰকাৰে চিনেমাৰ বিনিময়ত কৰ সংগ্ৰহ কৰে। টিকটৰ দাম ১০০ টকাতকৈ অধিক হ’লে ১৮ শতাংশ কৰ আৰু ১০০ টকাতকৈ কম হ’লে পাঁচ শতাংশ জি এছ টি সংগ্ৰহ কৰে। এমাহৰ পাছত ইয়াৰে আধা কেন্দ্ৰ চৰকাৰে ৰাজ্য চৰকাৰক ঘূৰাই দিয়ে। অৰ্থাৎ জি এছ টি ১৮ শতাংশ হ’লে ৰাজ্য চৰকাৰে পাই ন শতাংশ আৰু পাঁচ শতাংশ হ’লে পাই আঢ়ৈ শতাংশ”।
উল্লেখ্য যে, ৩১ অক্টোবৰত মুক্তি লাভ কৰিব প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ সপোনৰ ছবি ‘ৰৈ ৰৈ বিনালে’।






























