Assam Police Raid :
মহানগৰীৰ বৰবাৰী অপহৰণ কাণ্ডৰ স’তে পাঁচজনকৈ বীৰ লাচিত সেনাৰ সদস্য জড়িতৰ লগতে বিভিন্ন জনক ধন বিচাৰি দাবী পত্ৰ উদ্ধাৰৰ পিছতে বীৰ লাচিত সেনাৰ বিৰুদ্ধে কঠোৰস্থিতি গ্ৰহণ কৰিছে আৰক্ষীয়ে ৷
সোমবাৰে মহানগৰীত এখন সংবাদমেল সম্বোধন কৰি থকাৰ অৱস্থাতে বীৰ লাচিত সেনাৰ মুখ্য সচিব ৰন্টু পানীফুকন সহ তিনিজনক আৰক্ষীয়ে আটক কৰে আটক কৰি পৰহি আদালতত হাজিৰ কৰাৰ তিনিদিনৰ বাবে জিন্মাত লয় ৷
আনহাতে আজি আৰক্ষীয়ে বৰপেটা ,নগাঁও আৰু নলবাৰীত আটক কৰে বীৰ লাচিত সেনাৰ বিষয়ববীয়াক। ষট পূজা আৰু নলবাৰী ৰাস মহোৎসৱত সংগীতক লৈ এছঅপি জাৰি কৰাৰ অভিযোগত ‘বীৰ লাচিত সেনা’ৰ নলবাৰী জিলা সমিতিৰ সভাপতি দিলীপ বর্মন, সাধাৰণ সম্পাদক নৱজিত বৰ্মন, প্রশাসনিক সম্পাদক প্রাঞ্জল বর্মন, উপদেষ্টা পংকজ লোচন ডেকা, উপদেষ্টা আচিফুৰ জামানক আজি গ্ৰেপ্তাৰ কৰে ৷একেদৰে বীৰ লাচিত সেনা’ৰ নগাঁও সমিতিৰ নেতা কামাৰ নামজুল আৰু ত্রৈলোক্য শইকীয়াকো আটক কৰে নগাঁও আৰক্ষীয়ে ৷
ইফালে ,বৰপেটাত বীৰ লাচিত সেনাৰ তিনি সদস্যক গ্ৰেপ্তাৰ কৰে বৰপেটা আৰক্ষীয়ে ৷ গ্ৰেপ্তাৰ কৰা সদস্য কেইজন হৈছে শ্বহীদুল বৰুৱা, লিটন আলী, দীপাংকৰ তালুকদাৰ৷ ইয়াৰে দীপাংকৰ তালুকদাৰ সাংগঠনিক সম্পাদক লিটন আলী কাৰ্যালয় সম্পাদক,শ্বহীদুল বৰুৱা সদস্য।
উল্লেখ্য যে বৰপেটাৰ থলুৱা আতচবাজী শিল্পৰ উদ্যোগী সকলক দিছিল দাবী ধমকি। বহৰিত ট্ৰাকৰ পৰাও ধন দাবী কৰিছিল ধৃত সদস্য কেইজনে । বৰপেটাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ নেতৃত্বত যোৱা এটা আৰক্ষী দলে গ্ৰেপ্তাৰ কৰে সদস্য কেইজনক।
উল্লেখযোগ্য তিনিচুকীয়াৰ বীৰ লাচিত সেনাৰ মুখ্য সচিব বিপ্লৱ গগৈক কালি গ্ৰেপ্তাৰ কৰিছিল তিনিচুকীয়া আৰক্ষীয়ে ৷ একেদৰে লখিমপুৰত শিমলুগুৰী আঞ্চলিক সমিতিৰ মুখ্য সচিব বিকাশ বুঢ়াগোহাঁইক গ্ৰেপ্তাৰ কৰা হয় ৷ আটকাধীন বুঢ়াগোহাঁইক ছ’চিয়েল মেডিয়াত উচতনিমূলক পোষ্ট দিয়াৰ অভিযোগত গ্ৰেপ্তাৰ কৰে লখিমপুৰ আৰক্ষীয়ে ৷
উল্লেখ্য যে গুৱাহাটীৰ বৰবাৰী অপহৰণ কাণ্ডত পাঁচজন বীৰ লাচিত সেনাৰ সদস্য আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ সময়ত তেওঁলোকৰ পৰা কামৰূপ মহানগৰ জিলা সমিতিৰ মুখ্য সচিব বিকাশ অসম স্বাক্ষৰিত পাঁচ খন ধন দাবী পত্ৰ উদ্ধাৰ হৈছিল ৷ যাৰবাবে আৰক্ষীয়ে বিকাশ অসমক বিচাৰি দিছপুৰ আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে ৷ বিকাশ অসমে তেওঁৰ দুয়োটা ম’বাইলৰ চুইটচ অফ কৰি পলাতক অৱস্থাত থকাৰ মাজতে আজি সামাজিক মাধ্যম যোগে সাত পৃষ্ঠাৰ এক স্পষ্টীকৰণ পষ্ট কৰে ৷
ADVERTISEMENT


































