জুবিন গাৰ্গৰ অন্তিমখন ছবি ‘ৰৈ ৰৈ বিনালে’ৰ এতিয়া কেৱল বক্স অফিচতে ধুমুহা বলা নাই, ধুমুহা বলিছে ইয়াৰ সামগ্রিক ‘বেটিং’তো। এখন ছবিৰ সামগ্রিকভাৱে কে’বাটাও দিশ পর্যবেক্ষণ কৰা চলচ্চিত্র জগতৰ অনলাইন প্লেটফর্ম আইএমডিবিয়ে আজি প্রকাশ কৰা ৰেটিঙত শীৰ্ষত আৰোহণ কৰিবলৈ সক্ষম হৈছে প্রয়াত শিল্পীগৰাকীৰ সুদীর্ঘদিনীয়া পৰিকল্পনাৰ ফচল এই ছবিখনে।
কালি সংস্থাটোৱে সদৰী কৰা অনুসৰি ‘ ৰৈ ৰৈ বিনালে’ ১০ৰ ভিতৰত ৯.৪ বেটিং পইন্ট পাবলৈ সক্ষম হৈছে। ইয়াৰ পূৰ্বে ‘বাহুবলী, দ্য কনক্লুজন’ ছবিখনে ১০ ৰ ভিতৰত ৮.২ আৰু ‘কান্টাৰা-২’ খনে ৮.৫ ৰেটিং পাবলৈ সক্ষম হৈছিল। তাৰ তুলনাত ‘ৰৈ ৰৈ বিনালে’ এতিয়া ঈর্ষণীয় সফলতাৰ শীৰ্ষত আৰোহণ কৰিবলৈ সক্ষম হৈছে। এই ৰেটিং ছবি এখনৰ কাহিনীৰ পটভূমি, চৰিত্ৰ অনুসৰি অভিনেতা-অভিনেত্রী বাছনি, দর্শক-সমালোচকৰ মতামত, ট্রেইলৰ, ছবিখনলৈ দৰ্শকৰ সঁহাৰি, অগ্রিম টিকট সংৰক্ষণ আদিকে ধৰি কে’বাটাও দিশ পর্যবেক্ষণ কৰি নিৰ্ধাৰণ কৰা হয়।
এখন আঞ্চলিক ভাষাৰ ছবিয়ে আইএমডিবিৰ ৰেটিঙত কোটি কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ছবিকো অতিক্ৰম কৰিবলৈ সক্ষম হোৱাটো অত্যন্ত লক্ষ্যণীয় দিশ। ইয়াৰ জৰিয়তে অসমীয়া ছবিৰ ওপৰতো দৃষ্টি দিবলৈ এতিয়া চলচ্চিত্ৰৰ যোদ্ধাসকলক বাধ্য কৰাইছে। এদিন অসমীয়া ছবিয়ে ৰাজত্ব কৰিব বুলি জুবিন গার্গে ভবিষ্যদ্বাণী কৰিছিল। সোমবাৰে সেয়াই বাস্তৱায়িত হৈছে।
ইপিনে মুক্তিৰ আজি পঞ্চম দিনাও অসমৰতো বাদেই ৰাজ্যৰ বাহিৰৰ চিত্ৰগৃহবোৰত পূৰ্ণ প্রেক্ষাগৃহৰে প্ৰদৰ্শিত হৈছে ‘ৰৈ ৰৈ বিনালে’। অসমৰ অধিকাংশ চিত্রগৃহত আগন্তুক সাতদিনলৈ এটাও টিকট পাবলৈ নাই। আনহাতে, অনলাইনত টিকট সংগ্ৰহৰ সুবিধা নথকা চিত্রগৃহবোৰত দৰ্শকৰ বিৰ দি বাট নোপোৱা পৰিৱেশৰ সৃষ্টি হৈছে। প্রতিটো চিত্রগৃহত অতিৰিক্ত দর্শনীৰ ব্যৱস্থা কৰিও চাহিদা পূৰাব পৰা নাই দৰ্শকৰ।






























