Zubeen Garg:✒️মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্য অনুসৰি এফালে জুবিন গাৰ্গৰ হত্যাৰ তদন্ত চলিছে আৰু আনফালে ছবিগৃহত ধুমুহা অব্যাহত আছে ‘ৰৈ ৰৈ বিনালে’ৰ। আজি মুক্তিৰ ছয়টা দিন অতিক্রম কৰিলে জুবিন গাৰ্গৰ অন্তিমখন ছবিয়ে। আজিও ছবিখন প্রদর্শিত হৈ থকা দেশৰ ছবিগৃহসমূহ দর্শকৰে উপচি পৰে।
অসমৰ প্রতিটো ছবিগৃহত এখনো আসন খালী নথকাকৈ দর্শনী অনুষ্ঠিত হৈছে। ইয়াৰ জৰিয়তে ছবিখনে ইটোৰ পাছত সিটো অভিলেখ গঢ়িবলৈ সক্ষম হৈছে ।
মুক্তিৰ চতুর্থ দিনলৈ সামগ্ৰী আৰু সেৱাকৰ অন্তৰ্ভুক্ত কৰি ছবিখনৰ বক্স অফিচত মুঠ উপাৰ্জনৰ পৰিমাণ আছিল ৯.১৪ কোটি টকা। আনহাতে, এই কৰৰ পৰিমাণ বাদ দি উপাৰ্জনৰ পৰিমাণ হয় ৭.৭৫ কোটি টকা। ছবিখন মুক্তিৰ চতুৰ্থ দিনা সমগ্ৰ ভাৰতত ছবিখনে ১.৬২ কোটি টকা সংগ্ৰহ কৰে। এই পৰিমাণ মুক্তিৰ প্ৰথম দিনটোতকৈ ১২ শতাংশ কম।
সোমবাৰে সপ্তাহৰ প্ৰথমটো খোলা বাৰৰ পৰিপ্ৰেক্ষিততে ব্যৱসায়ত এই সামান্য প্ৰভাৱ পৰে। ‘ৰৈ ৰৈ বিনালে’ৰ জৰিয়তেই আজি অসম-অৰুণাচল সীমান্তৱৰ্তী নামচাইত নতুন এটা ছবিগৃহ মুকলি হ’ব। জুবিন গাৰ্গে অসমত ছবিগৃহৰ সংখ্যা বৃদ্ধিত যথেষ্ট গুৰুত্ব আৰোপ কৰিছিল। আজি তেওঁ নাই; কিন্তু জুবিন গাৰ্গৰ ছবিৰ জৰিয়তেই সেয়া বাস্তৱ ৰূপ পাবলৈ সক্ষম হৈছে। ‘ৰৈ ৰৈ বিনালে’ৰ জৰিয়তেই অসমত দীর্ঘদিন বন্ধ হৈ থকা একাধিক ছবিগৃহ পুনৰ মুকলি কৰা হয়।






























