Supreme Court:✒️অসমত চূড়ান্ত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী প্ৰস্তুতৰ ছবছৰ পাছত নাম অন্তর্ভুক্ত হোৱা লোকসকলক ‘ৰাষ্ট্ৰীয় পৰিচয়পত্র’ প্ৰদানৰ ক্ষেত্ৰত কি পদক্ষেপ গ্রহণ কৰা হৈছে সেই সন্দর্ভত স্পষ্ট তথ্য দাখিল কৰিবলৈ সোমবাৰে উচ্চতম ন্যায়ালয়ে কেন্দ্রীয় চৰকাৰ আৰু অসম চৰকাৰসহ চাৰিটা পক্ষক জাননী জাৰি কৰে।
বিগত ২০১৯ৰ ৩১ আগষ্টতে চূড়ান্ত এনআৰচি প্রকাশিত হৈছিল যদিও আজিলৈকে সেইখনক লৈ কোনো ধৰণৰ তৎপৰতা চৰকাৰে প্ৰদৰ্শন কৰা নাই। নাম অন্তর্ভুক্ত হোৱা সকলৰ লগতে নাম বাদ পৰা সকলৰ ক্ষেত্ৰতো একো নকৰাত চূড়ান্ত এনআৰচিখন প্রকৃততে ভেঁকোভাওনাতহে পৰিণত হোৱাৰ অভিযোগ উত্থাপিত হৈছে। এয়া সংবিধান আৰু নাগৰিকৰ মৌলিক অধিকাৰ বিৰোধী বুলি অভিযোগ কৰি ইয়াৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল জমিয়ত উলামা ঈ হিন্দ আৰু সদৌ অসম সংখ্যালঘু ছাত্র ইউনিয়ন (আমছু)।
দুয়োটা সংগঠনে লেখ আবেদনৰ জৰিয়তে নাম অন্তর্ভুক্ত হোৱা সকলক ৰাষ্ট্ৰীয় পৰিচয়পত্ৰ আৰু নাম বাদ পৰা সকলক ‘ৰিজেকচন পত্ৰ’ প্ৰদানৰ ক্ষেত্ৰত চৰকাৰক নির্দেশনা দিবলৈ দেশৰ সৰ্বোচ্চ ন্যায়ালয়খনত আবেদন জনায়। আজি সেই আবেদনৰ ওপৰত শুনানি অনুষ্ঠিত হয়। ন্যায়াধীশদ্বয় পি এছ নৰসিমহা আৰু এ এছ চান্দুৰকাৰৰ খণ্ড বিচাৰপীঠে প্ৰথমতে লেখ আবেদনখনৰ বিষয়বস্তু সংশ্লিষ্ট ৰাজ্যৰ উচ্চ ন্যায়ালয়ৰ লগতহে খাপ খাই বুলি মন্তব্য কৰে। ইয়াৰ বিপৰীতে আমছুৰ অধিবক্তা কপিল ছিবালে কয় যে আবেদনকাৰীয়ে বিচাৰিছে এনআৰচি প্রস্তুতৰ পাছত সেয়া নিয়ম অনুসৰি কাৰ্যকৰী হওক।
চূড়ান্ত এনআৰচি প্রস্তুতৰ ছবছৰ পাছতো পৰৱৰ্তী পর্যায়বোৰ আগনবঢ়াত নাগৰিকৰ অধিকাৰ খৰ্ব হৈছে। একেদৰে জমিয়তৰ হৈ যুক্তি প্রদর্শন কৰা জ্যেষ্ঠ অধিবক্তা ইন্দিৰা জয় সিঙে। আদালতক কয় যে চূড়ান্ত এনআৰচিত তিনি কোটি ১১ লাখ লোকৰ নাম অন্তর্ভুক্ত হৈছে। আনহাতে ১৯ লাখৰ নাম বাদ পৰিছে। নাম অন্তর্ভুক্ত হোৱা সকলৰ ক্ষেত্ৰত যিদৰে আজিকোপতি কোনো ব্যৱস্থা গ্রহণ কৰা হোৱা নাই, নাম বাদ পৰা সকলৰ ক্ষেত্ৰতো কোনো পদক্ষেপেই নাই। ইয়াৰ দ্বাৰা নাগৰিকত্ব আইনৰ ১৩ নম্বৰ বিধি দেখদেখকৈ উলংঘা কৰা হৈছে।
চূড়ান্ত এনআৰচি প্রকাশৰ দীর্ঘদিনৰ পাছতো কোনো বিহিত ব্যৱস্থা গ্রহণ নকৰাতো অসাংবিধানিক বুলিও জ্যেষ্ঠ অধিবক্তাগৰাকীয়ে মন্তব্য কৰে। আজিৰ শুনানিত তেওঁ এইবুলিও কয় যে এনআৰচিৰ ৯৯ শতাংশ প্রক্রিয়াই সম্পূর্ণ হৈছে। পৰিচয়পত্র প্রদানে বাকী থকা এক শতাংশও নোহোৱা কৰিব। সংবিধানৰ ৩২ নম্বৰ অনুচ্ছেদ মতে সেইখিনি প্রক্রিয়া সম্পূর্ণ কৰিব লাগে। তাৰবাবেই আবেদনকাৰী পক্ষ উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ’বলৈ বাধ্য হৈছে।
আবেদনৰ সপক্ষে এনে বক্তব্য শুনাৰ পাছতে খণ্ড বিচাৰপীঠখনে কেন্দ্ৰীয় চৰকাৰ, অসম চৰকাৰ, জৰীপ আয়ুক্ত আৰু এনআৰচিৰ ৰাজ্যিক সমন্বয়কক জাননী জাৰি কৰি আবেদনকাৰীৰ বিষয়টোত তেওঁলোকৰ পৰা উত্তৰ বিচাৰে।





























