Red Forts Blast Updates:
সোমবাৰে সন্ধিয়াভাগত দেশৰ ৰাজধানী চহৰ দিল্লীৰ সদাব্যস্ত লালকিল্লাৰ সমীপৰ পুৰণি দিল্লীৰ মেট্ৰি’ ৰে’ল ষ্টেচনৰ এক নং প্ৰৱেশদ্বাৰৰ পাকিঙত সংঘটিত হোৱা ভয়ংকৰ বোমা বিস্ফোৰণৰ পিছতে আজি পুৱাৰে পৰা বন্ধ কৰি দিয়া হৈছে লালকিল্লাৰ মেট্ৰ’ ৰে’ল ষ্টেচন।
সাম্প্ৰতিক ঘটনাৱলীৰ প্ৰতি লক্ষ্য ৰাখি নিৰাপত্তাজনিত কাৰণতে লালকিল্লা মেট্র’ ষ্টেচনটো সাময়িকভাবে বন্ধ কৰি দিয়া হৈছে বুলি সদৰি কৰিছে দিল্লী প্ৰশাসনে ৷ অৱশ্যে বাকী মেট্র’ ষ্টেচনত স্বাভাৱিকভাবেই ৰে’ল চলাচল অব্যাহত থাকিব ৷
আনহাতে নিৰাপত্তাজনিত কাৰণতে চান্দনী চ’কৰ ব্যৱসায়ীক প্ৰতিষ্ঠান বন্ধ ঘোষণা কৰিছে স্থানীয় প্ৰশাসনে ৷ একেদৰে অঞ্চলটোত মোতায়েন কৰা হৈছে দিল্লী আৰক্ষীৰ বিশেষ দল ৷
































