ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ (আৰএছএছ)ৰ মূল উদ্দেশ্য ভাৰতক বিশ্বগুৰুৰ ৰূপত প্ৰতিষ্ঠা কৰা বুলি দোহাৰিলে সংগঠনটোৰ মুৰব্বী মোহন ভাগৱতে। দুদিনীয়া কাৰ্যসূচীৰে গুৱাহাটীত বাহৰ পাতি থকা আৰএছএছ মুৰব্বীজনে কালি ইয়াত এক যুৱ নেতৃত্ব সন্মিলনত বক্তব্য আগবঢ়ায়। ভাষণত তেওঁ কয়, ‘সংঘ বর্তমানে এক চৰ্চাৰ বিষয়; কিন্তু যি চর্চা হয়, সেয়া তথ্যভিত্তিক হোৱা উচিত। সংঘৰ মূল উদ্দেশ্যই হৈছে ভাৰতক বিশ্বগুৰুৰ আসনত প্ৰতিষ্ঠা কৰা।’
একমাত্ৰ সমাজৰ উত্থানতহে ৰাষ্ট্ৰৰ উত্থান সম্ভর বুলিও ভাগবতে মন্তব্য কৰে। তেওঁ লগতে কয়, ‘একতা আৰু গুণসম্পন্ন এখন সমাজ তৈয়াৰ হ’লেহে ৰাষ্ট্ৰৰ উত্থান সম্ভৱ হ’ব।’ এই ক্ষেত্রত উন্নত দেশসমূহৰ ইতিহাস অধ্যয়নৰ বাবে আহ্বান জনাই তেওঁ আঙুলিয়াই দিয়ে যে এই দেশসমূহে উন্নতিৰ শিখৰলৈ যোৱাৰ প্ৰাৰম্ভিক এশ বছৰ নিজ নিজ সমাজখনক একতা আৰু গুণৰ আধাৰত বিকশিত কৰে। ভাৰতৰ সমাজো তেনে হ’ব লাগে।’
লগতে তেওঁ ৰাষ্ট্ৰৰূপে ভাৰতৰ মহানতাৰ আঁৰত ভাষা, প্রান্ত, বিশ্বাসৰ বিবিধতাক সন্মান জনোৱাৰ পোষকতা কৰে। ভাগৱতে লগতে কয়, ‘বিচিত্রতাক সন্মান দিয়াৰ ভাবধাৰা আন দেশত নাই। কিন্তু ভাৰতত বিভিন্নতাক লৈ প্রচলিত ভাবধাৰা হ’ল- মোৰটো শুদ্ধ, কিন্তু তোমাৰ স্থানত তুমিও শুদ্ধ।’ ভাৰতৰ পৰা পৃথক হোৱাসকলে বিবিধতা হেৰুৱাই পেলোৱা বুলি মন্তব্য কৰি তেওঁ লগতে কয় যে পাকিস্তানত পঞ্জাৱী আৰু সিন্ধিভাষীসকলে উর্দু ভাষা ব্যৱহাৰ কৰিবলগীয়া হয়।
এই বিবিধতাক সন্মান কৰাসকলেই হিন্দু বুলিও মতপোষণ কৰি তেওঁ আৰু কয়, ‘হিন্দু সমাজক একত্ৰিত কৰাই হৈছে আৰএছএছৰ লক্ষ্য। যেতিয়ালৈকে ভাৰতৰ সমাজ সংগঠিত আৰু গুণবান নহয়, ভাৰতৰ ভাগ্য সলনি নহয়। গুরুনানক, শ্রীমন্ত শংকৰদেৱ আদি যুগনায়কসকলে নিজৰ কৰ্মৰাজিৰে ভাৰতৰ বিচিত্ৰতাক সম্মান জনাই একতাৰ বাণী বিলাই গৈছে।’ আৰএছএছৰ মুৰব্বী ভাগৱতে লগতে কয় যে বিভিন্নতা একতাৰ উদ্যাপন। গুৱাহাটীৰ বিভিন্ন ক্ষেত্ৰৰ যুৱ নেতৃত্বই অংশ লোৱা এই সম্মিলনত ভাগৱতে লগতে কয় যে স্বয়ংসেৱক সংঘ হৈছে এটা সু-মানৱ প্ৰস্তুতকৰণ প্ৰণালী। সংঘৰ উদ্দেশ্য স্থানীয় পর্যায়ত অৰাজনৈতিক, সামাজিক নেতৃত্ব সৃষ্টি কৰা বুলিও তেওঁ মন্তব্য কৰে। তেওঁ কয় যে ব্যক্তি নির্মাণেই সমাজৰ পৰিৱৰ্তন সাধন কৰে আৰু সমাজৰ পৰিৱৰ্তন হ’লেই ব্যৱস্থাৰ পৰিৱৰ্তন হয়।
দুর্নীতি-ভ্রষ্টাচাৰ একমাত্ৰ মানুহৰ চৰিত্ৰ নিৰ্মাণৰ জৰিয়তেহে সমাপ্ত কৰিব পৰা হ’ব বুলিও তেওঁ মন্তব্য কৰে। আনহাতে, আইনৰ জৰিয়তে গো-ৰক্ষাৰ সমান্তৰালভাৱে সমাজত বৈজ্ঞানিকভাবে গো-পালন হ’লেহে প্ৰকৃতাৰ্থত গো-ৰক্ষা হ’ব বুলি আৰএছএছ মুৰব্বীজনে মন্তব্য কৰে। তেওঁ যুৱ সমাজক ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ ওচৰলৈ আহি নিৰীক্ষণ কৰিবলৈও আহ্বান জনায়। এই অনুষ্ঠানত তিনি শতাধিক যুৱ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে।






























