দেহৰ ওজন মাথোঁ ১৫০ গ্রাম। এই তেনেই সামান্য ওজনৰ এটি পক্ষীয়ে নিতৌ এহেজাৰ কিলোমিটাৰকৈ বন্যপ্রাণী বিজ্ঞানীসকলক উৰণ সম্পন্ন কৰি স্তম্ভিত কৰিছে। এই ক্ষুদ্র পক্ষীটি হ’ল ভাৰতীয় আমূৰ ফেলকন।
উল্লেখ্য যোৱা ১১ নৱেম্বৰত বন্যপ্রাণী বিজ্ঞানীসকলে তিনিটা আমুৰ ফেলকনৰ শৰীৰত জিপিএছ টেগ লগায়। ইয়াৰ উদ্দেশ্য আছিল পক্ষীকেইটিৰ উৰণ নিৰীক্ষণ কৰা। এই তিনি আমুৰ ফেলকনৰ এটি হ’ল প্রাপ্তবয়স্ক মতা পক্ষী। আন দুটিৰ এটি হ’ল কম বয়সীয়া মাইকী পক্ষী আৰু আনটি হ’ল প্রাপ্তবয়স্ক মাইকী পক্ষী।
ইয়াৰে প্ৰাপ্তবয়স্ক মতা পক্ষীটোৰ নাম বিজ্ঞানীসকলে আপাপাং ৰাখে। আন দুটিৰ কম বয়সীয়া মাইকী পক্ষীটিৰ নাম আলাং আৰু প্রাপ্তবয়স্ক মাইকী পক্ষীটিৰ নাম আহু ৰাখে। ভাৰতীয় বন্যপ্রাণী প্রতিষ্ঠানৰ নেতৃত্বত মণিপুৰ আমূৰ ফেলকন অন্বেষণ প্রকল্প (দ্বিতীয় পর্যায়) ৰ অধীনত এই তিনিটি আমূৰ ফেলকন পক্ষীক নিৰীক্ষণ কৰে বন্যপ্রাণী বিজ্ঞানীসকলে।
এই ক্ষেত্রত ছেটেলাইট মানচিত্ৰৰ সহায় লয় বিজ্ঞানীসকলে। এই নিৰীক্ষণৰ সময়ত দেখা গ’ল যে মাথোঁ চাৰি দিনতকৈ কম দিনৰ (যোৱা ১১ নৱেম্বৰৰ পৰা) ভিতৰতে এটি পক্ষীয়ে ৩১০০ কিলোমিটাৰ দূৰত্বৰ উৰণ সম্পন্ন কৰে। অর্থাৎ ৭৬ ঘণ্টাতে এই ক্ষুদ্র পক্ষীটিয়ে মধ্য ভাৰত , গুজৰাট তথা আৰৱ সাগৰক সামৰি লক্ষ্য স্থান আফ্রিকাত উপস্থিত হয়।
স্বাভাৱিকতে ইয়ে বন্যপ্রাণী বিজ্ঞানীসকলক স্তম্ভিত কৰিছে। মাথোঁ ডেৰশ কিলোগ্রাম ওজনৰ এই পক্ষীটিয়ে নিতৌ এহেজাৰ কিলোমিটাৰ উৰণ সম্পন্ন কৰে। যাত্রাপথত পক্ষীটিয়ে কোনো বিশ্রাম লোৱা নাছিল। এনে মাৰাথন দৌৰৰ জৰিয়তে ভাৰতৰ পৰা আফ্ৰিকাৰ ছোমালিয়ালৈ ছহেজাৰ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰে ক্ষুদ্র পক্ষীটিয়ে। উৰণ পথত পক্ষীটিয়ে জিৰণি লোৱাটো দূৰৰে কথা, কোনো খাদ্যও খোৱা নাছিল।
এই ক্ষুদ্র প্রকৃতিৰ শৰীৰত এনে শক্তি, দৃঢ়তা আদি কেনেদৰে পঞ্জীভূত হৈ আছে, সেয়া গৱেষণাৰে বিষয়ত পৰিণত হৈছে। বিজ্ঞানীসকলৰ মতে অনুকূল পৰিৱেশ পালে আমুৰ ফেলকনে অনায়াসে হেজাৰ হেজাৰ কিলোমিটাৰ উৰিব পৰাটো ইয়ে প্রতিপন্ন কৰিছে। অৱশ্যে আমূৰ ফেলকনে নহয়, এনে দীর্ঘ দূৰত্ব একেৰাহে উৰি থাকিব পৰা আন কিছু সংখ্যক প্ৰজাতিৰ পৰিভ্ৰমী পক্ষীও পৃথিৱীত আছে।
বহুতকে স্তম্ভিত কৰা এই আমূৰ ফেলকন পক্ষীটিৰ যাত্ৰা আৰম্ভ হয় মণিপুৰত। ৰাজ্যখনৰ ঘন অৰণ্য আৰু কৃষিভূমিৰ আকাশ উৰি অৱশেষত পূব আফ্রিকাৰ দেশখনত পক্ষীটি উপস্থিত হয়। উল্লেখ্য যে একালত আমূৰ ফেলকন পক্ষী বহুতে নিধন কৰে। ফলত এই পক্ষী বিলুপ্তিৰ দিশে অগ্ৰসৰ হয়।
এনে অৱস্থাত মণিপুৰত আমূৰ ফেলকন সংৰক্ষণৰ বাবে সামুহিক ভিত্তিত প্রচেষ্টা গঢ়ি উঠিছে। আনকি মণিপুৰৰ গাঁওসমূহ আমূৰ পক্ষীৰ একপ্ৰকাৰ অভিভাৱকত পৰিণত হৈছে। এই পৰিভ্ৰমী ক্ষুদ্ৰ পক্ষীবিধৰ অস্তিত্ব বৰ্তাই ৰাখিবলৈ মণিপুৰৰ গ্ৰামাঞ্চলৰ লোকসকল অংগীকাৰবদ্ধ হৈছে।
উল্লেখ্য যে জাৰৰ দিনত বহু হেজাৰ পৰিভ্ৰমী পক্ষীয়ে ভাৰতৰ পৰা আফ্রিকালৈ যাত্ৰা কৰে। এই পক্ষীসমূহৰ অন্যতম হৈছে উক্ত তিনি আমূৰ ফেলকন পক্ষী। আমূৰ ফেলকন পক্ষীকেইটিৰ যাত্ৰাৰ আৰম্ভণিৰ এটা ভিডিঅ’ তামিলনাডুৰ আইএএছ বিষয়া সুপ্রিয়া চাহুরে ইণ্টাৰনেটত প’ষ্ট কৰিছে।
পক্ষীকেইটিৰ এই যাত্রাক মহাকাব্যিক বুলি উল্লেখ কৰি আইএএছ বিষয়াগৰাকীয়ে ভিডিঅ’টো সামাজিক মাধ্যম ‘এক্স’ত আপলোড কৰিছে। উল্লেখ্য যে প্রতি বছৰে নৱেম্বৰত আমূৰ ফেলকন পক্ষীয়ে ভাৰতৰ উপৰি ৰাছিয়া, চীন, কোৰিয়াৰ কেতবোৰ অঞ্চল আৰু জাপানৰ পৰা আফ্রিকালৈ যাত্রা কৰে। এই পক্ষীবিধে শীত সহ্য কৰিব নোৱাৰে বুলি ধাৰণা কৰা হয়।
উত্তৰ-পূব ভাৰতত ঘাইকৈ মণিপুৰ আৰু নগালেণ্ডত এই পক্ষীৰ সংৰক্ষণৰ ব্যবস্থা গঢ়ি উঠিছে। বিগত এক দশকত দুয়োখন ৰাজ্যত বহু লোক আমূৰ পক্ষী সংৰক্ষণৰ স’তে জড়িত হৈ পৰে।




































