Road Accident in Khanapara:
মহানগৰীৰ খানাপাৰাৰ গণেশ মন্দিৰৰ সমীপত পুৱাতেই সংঘটিত হয় ভয়ংকৰ পথ দুর্ঘটনা ৷সদাব্যস্ত পথটোৰে গৈ থকা কয়লাভৰ্তি ট্ৰাক এখনে নিয়ন্ত্ৰণ হেৰুৱাই প্ৰচণ্ড খুন্দা মাৰে ডিভাইদাৰত ৷ পথৰ ট্ৰাকখন দুৰ্ঘটনাগ্ৰস্ত হৈ কয়লা সমূহ পথৰ ওপৰত বাগৰি পৰে ৷ দুৰ্ঘটনাটোত আঘাতপ্রাপ্ত হয় ট্ৰাকৰ চালক তথা হেণ্ডিমেন।
ADVERTISEMENT
আনহাতে কয়লাভর্তি ট্রাক খন দুর্ঘটনাগ্রস্ত হোৱাত ঘণ্টা ঘণ্টা ধৰি বন্ধ হৈ পৰে সদাব্যস্ত ৰাষ্ট্ৰীয় ঘাইপথছোৱা ৷ পথটোৰ দুয়োদিশে অগনন বাহনৰ দীঘলীয়া শাৰী। ইপিনে,ৰাষ্ট্ৰীয় ঘাইপথছোৱা মুকলি কৰিবৰ বাবে যানবাহন আৰক্ষীয়ে ক্ৰেন আৰু অতিৰিক্ত ট্ৰাক অনাৰ ব্যৱস্থা কৰিছে ৷




































