Mexican Navy Plane:✒️এয়াৰলিফ্ট কৰি ৰোগী লৈ যোৱাৰ সময়ত সংঘটিত হয় এক ভয়ংকৰ দুৰ্ঘটনা। আমেৰিকাৰ টেক্সাছৰ উপকূলত দুৰ্ঘটনাগ্ৰস্ত হয় মেক্সিকান নৌসেনাৰ এখন বিমান। এই পৰ্যন্ত এই ঘটনাত এটা শিশুকে ধৰি কমেও পাঁচজন লোকৰ মৃত্যু হৈছে।
সূত্ৰ অনুসৰি, সোমবাৰে এটি শিশুসহ কেবাজনো ৰোগীক এয়াৰলিফ্ট কৰি এখন চিকিৎসালয়লৈ লৈ গৈ আছিল। উৰণৰ কিছু সময়ৰ পাছত হঠাতে গেলভেষ্টনৰ সমীপত বিমানখন দুৰ্ঘটনাগ্ৰস্ত হয়।
বিমানখনত মেক্সিকান নৌসেনাৰ চাৰিজন বিষয়া আৰু চাৰিজন সাধাৰণ নাগৰিক আছিল। ঘটনাস্থলীত পাঁচজন লোকৰ মৃত্যু হৈছে। দুৰ্ঘটনাৰ পাছত বাকী থকা ব্যক্তিকেইজন সন্ধানহীন হোৱা বুলি সূত্ৰই দাবী কৰিছে।
এই খবৰ পোৱাৰ লগে লগে আমেৰিকাৰ আৰক্ষী, উপকূলৰক্ষী আৰু উদ্ধাৰকাৰী দল তৎক্ষণাত সেই স্থানত উপস্থিত হয়। এতিয়াও অব্যাহত আছে উদ্ধাৰ অভিযান।
অৱশ্যে বিমান দুৰ্ঘটনাৰ কাৰণ এতিয়াও স্পষ্ট হোৱা নাই। ইতিমধ্যে তদন্ত আৰম্ভ হৈছে। কিন্তু প্ৰথম অৱস্থাত বেয়া বতৰৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি অনুমান কৰা হৈছে।
প্ৰসংগত টেক্সাছৰ উপকূলৰ গালভেষ্টন দ্বীপ অন্যতম জনপ্ৰিয় অঞ্চল। সূত্ৰ অনুসৰি তাত কেবাদিনো ধৰি বতৰ বেয়া আছিল। অৱশ্যে বিমানখনৰ যান্ত্ৰিক বিজুতি ঘটিছিল নেকি সেই বিষয়েও তদন্ত চলি আছে।





























