Iran Protest:✒️ নতুন বছৰৰ আৰম্ভণিতেই উত্তাল হৈ উঠিছে ইৰান। দেশখনত মোল্লাতন্ত্ৰৰ উচ্ছেদ দাবীত ৰাজপথলৈ ওলাই আহিছে হেজাৰ হেজাৰ সাধাৰণ নাগৰিক। এই প্ৰতিবাদ দমন কৰিবলৈ গৈ ইৰানৰ ইছলামিক ৰেভলিউশ্বনাৰী গাৰ্ডে চলোৱা দমন-পীড়নত অন্ততঃ সাতজন লোকৰ মৃত্যু হোৱা বুলি চৰকাৰী সূত্ৰই নিশ্চিত কৰিছে। একে সময়তে আহত আৰু গ্ৰেপ্তাৰৰ সংখ্যাও দ্ৰুতগতিত বৃদ্ধি পাইছে।
বিগত এক সপ্তাহ ধৰি ইৰানত মোল্লাতন্ত্ৰৰ বিৰুদ্ধে মুখৰ হৈ উঠিছে মুক্তমনাৰ জনতা। ৰাজধানী তেহৰান, মাশহাদকে ধৰি দেশৰ বিভিন্ন চহৰত ৰাজপথ ভৰি পৰিছে প্ৰতিবাদকাৰীসকলৰে।
সকলোৰে মুখে মুখে একেটা দাবী— মোল্লাতন্ত্ৰৰ অৱসান হওক, পতন হওক আয়াতোল্লা আলি খামেনেই চৰকাৰৰ। বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী পৰা আৰম্ভ কৰি সাধাৰণ নাগৰিকলৈকে সকলোৱে একেলগে ধ্বনি দিছে— “স্বৈৰাচাৰীৰ পতন হওক”।
বহু প্ৰতিবাদকাৰীৰ দাবী, ইৰানৰ শাসন পুনৰ শাহ বংশৰ হাতলৈ ঘূৰি যোৱা উচিত। এই সময়তে আমেৰিকাত থকা শাহ বংশৰ উত্তৰসূৰি ৰেজা পাহলাভিয়ে প্ৰতিবাদকাৰীসকলৰ সমৰ্থনত বাৰ্তাও প্ৰেৰণ কৰিছে।
কিন্তু সময় বঢ়াৰ লগে লগে ইৰানত শাসকৰ দমন-পীড়ন অধিক তীব্ৰ হৈ উঠিছে। তথ্য অনুসৰি, বছৰৰ শেষ দিন আৰু নতুন বছৰৰ প্ৰথম দিনত ক্ৰমে দুজন আৰু পাঁচজন লোকৰ মৃত্যু হৈছে।
তথ্য অনুসৰি,লোৰ্দেগানত দুজন, কুহদাশ্তত এজন আৰু ইসফাহান প্ৰদেশত এজন আন্দোলনকাৰীৰ মৃত্যু হৈছে। বৃহস্পতিবাৰে আজনা চহৰত সংঘটিত সংঘৰ্ষত নিৰাপত্তাবাহিনীৰ এজন সদস্যসহ মুঠ তিনজন লোকৰ মৃত্যু হৈছে। প্ৰতিবাদকাৰী আৰু নিৰাপত্তাবাহিনীৰ মাজৰ সংঘৰ্ষত অন্ততঃ ২০ জন আহত হোৱা বুলি খবৰ পোৱা গৈছে।
উল্লেখযোগ্য যে, ১৯৭৯ চনত ৰাজতন্ত্ৰবিৰোধী ব্যাপক আন্দোলনত উত্তাল হৈছিল ইৰান। সেই সময়ত দেশ এৰিবলগীয়া হৈছিল তেতিয়াৰ শাহে। আয়াতোল্লা ৰুহোল্লাহ খোমেইনীৰ নেতৃত্বত ইৰানত প্ৰতিষ্ঠা হৈছিল মোল্লাতন্ত্ৰ। খোমেইনীৰ ঘনিষ্ঠ সহযোগী আছিল বৰ্তমানৰ আয়াতোল্লা আলি খামেনেই।
কিন্তু খামেনেইৰ শাসনকালত ইৰানত চূড়ান্ত পৰ্যায় পাইছে মূল্যবৃদ্ধি। মাৰ্কিন ডলাৰৰ তুলনাত ব্যাপক হাৰত পতন ঘটিছে ইৰানী ৰিয়ালৰ মূল্য।
এই সকলো সমস্যাৰ প্ৰতিবাদতেই ৰাজপথলৈ ওলাই আহিছে ইৰানৰ সাধাৰণ জনতা। সেই প্ৰতিবাদেই এতিয়া নতুন বছৰৰ আৰম্ভণিতে তেজেৰে ৰক্তাক্ত হৈ পৰিছে ইৰানৰ ৰাজপথ।





























