এতিয়া অসমীয়াৰ আপোন ভোগালী বিহুৰ বতৰ।সমান্তৰালভাৱে বিহুৰ লগে লগে বিভিন্ন উৎসব-পার্বণৰ সময়ো সমাগত। পুহ আৰু মাঘৰ দোমাহীৰ দিনাই ৰাজ্যজুৰি ভোগালী বিহু উদ্যাপন কৰি আহিছে। ভোগালী মানে ভোগ কৰাৰ এইটো এটা পৰম্পৰাগত উৎসর। ইয়াত ধর্মীয় গোড়ামি নাই। সকলো অসমীয়াই আনন্দৰে উদ্যাপন কৰে হেঁপাহৰ বিহুটো। সকলোৱে লগে-ভাগে এসাঁজ খোৱাৰ বাবে মাছ-মাংসকে ধৰি বিভিন্ন সামগ্রী যতনায়। বিশেষকৈ কৃষিজীরী অসমীয়াই বেছিভাগ সামগ্ৰী ঘৰৰ কৃষিৰ পৰাই পায়।
আনহাতে, বজাৰসমূহতো সামগ্রীসমূহ উভৈনদী হৈ পৰে। যিসকলৰ ঘৰত কৃষিজাত সামগ্রী নাই সেইসকলে বজাৰৰ পৰা ক্ৰয় কৰি হ’লেও হেঁপাহৰ ভোগালীক উদ্যাপন কৰে। কিন্তু দুর্ভাগ্যজনক কথা যে বর্তমান ভোগালী বিহুৰ সময়তো বাহাৰঘাট, বৰভাগ আৰু পশ্চিম বড়িগোগ মৌজাৰ বজাৰসমূহত স্থানীয় বিধৰ নাৰিকল তেনে সীমিত। তাৰ ঠাইত বর্তমান বহিঃৰাজ্যৰ পৰা অহা বাকলিবিহীন নাৰিকলহে দেখিবলৈ পোৱা গৈছে। এটা সময়ত উক্ত অঞ্চলৰ পৰা ট্রাকে ট্রাকে নাৰিকল বহিঃৰাজ্যলৈ ৰপ্তানি হৈছিল।
বিভিন্ন ঠাইৰ নাৰিকল ব্যৱসায়ী আহি অঞ্চলটোত বাহৰ পাতি নাৰিকল ক্ৰয় কৰিছিল আৰু সেই নাৰিকল দুই-তিনিদিনৰ মূৰে মুৰে বহিঃৰাজ্যলৈ ৰপ্তানি কৰিছিল। মনকৰিবলগীয়া যে সেই সময়ত অঞ্চলটোৰ প্ৰতিটো পৰিয়ালবে নাৰিকলৰ গছ আছিল। লমালমে লাগিছিল নাৰিকলো। আনহাতে, সেই নাৰিকল বিক্ৰী কৰি বহুতো পৰিয়ালে অর্থনৈতিক সকাহো পাইছিল। কিন্তু দুর্ভাগ্যৰ কথা যে সেইবোৰ নাৰিকল গছত বর্তমান নাৰিকল দেখিবলৈ পোৱা নাযায়।
ক’ৰবাত দুই-চাৰিটা লাগিলেও তাক কের্কেটুৱাই কাটি তহিলং কৰে। তদুপৰি ঠায়ে ঠায়ে বান্দৰেও কুমলীয়া অৱস্থাতে খাই শেষ কৰে। সেইহেতু অঞ্চলটোত স্থানীয়ভাৱে উৎপাদিত নাৰিকলৰ যথেষ্ট অভাৱ হৈছে। বর্তমান তাৰ ঠাই পূৰণ কৰিছে বহিঃৰাজ্যৰ পৰা আমদানিকৃত বাকলিবিহীন নাৰিকলে। উক্ত নাৰিকলে অকল বজাৰে নহয় পুৱাৰে পৰা অসংখ্য ব্যৱসায়ীয়ে অঞ্চলটোৰ চুবুৰিয়ে চুবুৰিয়ে নাৰিকল লৈ ঘূৰি ফুৰে। একশ টকাত দুটাৰ পৰা তিনিশত চাৰিটালৈ দিয়ে এইবিধ নাৰিকল।
তাৰ পৰা নাৰিকল ক্ৰয় কৰি বিহুৰ লাৰু-পিঠাকে ধৰি অন্যান্য খাদ্য সামগ্ৰী প্ৰস্তুত কৰিব। মুঠৰ ওপৰত অসমীয়াৰ হেঁপাহৰ ভোগালী বিহুৰ লাৰু-পিঠা বহিঃৰাজ্যৰ নাৰিকলৰে হ’ব। ইমানে নহয় ধর্মীয় অনুষ্ঠানৰ শৰাই আদিতো বহিঃৰাজ্যৰ এইবিধ নাৰিকলে ব্যৱহৃত হৈছে। মুঠৰ ওপৰত নিজৰ ঠাইত উৎপাদিত নাৰিকল বা অন্য সামগ্রী নহ’লেও বহিঃৰাজ্যৰ পৰা আনি হ’লেও আমাৰ অভাৱ পূৰণ কৰিব লাগিব।
এই লৈ একাংশ কৃষক চিন্তিত হৈ পৰিছে। কাৰণ আমাৰ ইয়াত নাৰিকল উৎপাদনৰ প্ৰচুৰ সম্ভাৱনা থকাৰ পাছতো নাৰিকল উৎপাদনত কিয় পিছ পৰি ৰ’ল সেইটো ভাবিবলগীয়া কথা। কাৰণ আজিৰ পৰা কেইবছৰমান আগলৈ অঞ্চলটোত প্ৰচুৰ নাৰিকল উৎপাদন হৈছিল। বিয়া-সবাহৰ মূল আকৰ্ষণৰ বস্তু আছিল নাৰিকলৰ লাৰু। আলহী অতিথি আপ্যায়নত বহুল ব্যৱহৃত নাৰিকলৰ লাৰু এতিয়া বহিঃৰাজ্যৰ সোৱাদবিহীন নাৰিকলৰে বনাৱ লগা হৈছে। এই ক্ষেত্রত কৃষকসকলে নাৰিকলৰ উৎপাদনত অধিক গুৰুত্ব দিয়াৰ প্ৰতিষেধক ব্যৱস্থা হাতত ল’ব লাগিব।
তেতিয়াহে স্থানীয় নাৰিকলে ৰাইজৰ চাহিদা পূৰণ কৰিব পাৰিব। ইমানে নহয় চৰকাৰেও নাৰিকলৰ প্রধান শত্রু কের্কেটুৱা, বান্দৰ আদিক বাধা দিব পৰা ব্যৱস্থা কৰিলে নাৰিকলৰ খেতিয়কসকল উপকৃত হ’ব বুলি ভুক্তভোগী কৃষকসকলে মত প্রকাশ কৰিছে।






























