নাৰিকলৰ লাড্ডু হেৰাই যাব নেকি অসমীয়া থলুৱা খাদ্য সম্ভাৰৰ তালিকাৰ পৰা। উল্লেখ্য যে নামনি অসমৰ হাজো, নলবাৰী, বৰপেটা, টিহু, মুকালমুৱা, বাকসা, ৰঙিয়া আদি অঞ্চলসমূহত এসময়ত প্ৰচুৰ পৰিমাণে নাৰিকল উৎপাদিত হৈছিল; কিন্তু শেহতীয়াকৈ এই অঞ্চলসমূহৰ নাৰিকল উৎপাদন দ্রুত গতিত হ্রাস পাইছে। ইয়াৰ অন্যতম কাৰণ হিচাপে চিহ্নিত হৈছে কেৰ্কেটুৱাৰ উপদ্ৰৱ।
ব্যাপক হাৰত বৃদ্ধি পোৱা কেকেটুৱাৰ উপদ্ৰবত ডাব অৱস্থাতে থোকে থোকে নাৰিকলসমূহ তললৈ সৰি পৰে।ফলত পূৰঠ নাৰিকল বুলিবলৈ গছত নাথাকেগৈ। কেৰ্কেটুৱাৰ উপদ্ৰবৰ কথা স্থানীয় প্রশাসনকো জনোৱা হৈছে যদিও এই ক্ষেত্রত একো আশাজনক উপায় উলিয়াবলৈ সক্ষম হোৱা নাই।
ইপিনে, একাংশই ম’বাইল টাৱাৰৰ বাবেও নাৰিকল, তামোল-পাণৰ উৎপাদন হ্রাস পোৱা বুলি উল্লেখ কৰি আহিছে। ইপিনে, উৎপাদন হ্ৰাসৰ পূৰ্ণ সুযোগ গ্রহণ কৰি মধ্যভোগীয়ে গছত বৈ যোৱা অৱশিষ্ট নাৰিকলসমূহ নামমাত্র মূল্যত ক্ৰয় কৰি বাহিৰৰ বজাৰত বেছি দামত বিক্ৰী কৰি আহিছে। ফলস্বৰূপে থলুৱা লোকসকল উচিত মূল্যৰ পৰা বঞ্চিত হ’বলগীয়া হৈছে।
বিশেষকৈ উৎসৱ-পাৰ্বণৰ সময়ত চাহিদা বৃদ্ধিৰ বাবে নাৰিকলৰ দামো প্ৰচুৰ পৰিমাণে বৃদ্ধি পায়। বিগত দিনত ভোগালী বিহুক কেন্দ্ৰ কৰিও দাম বৃদ্ধি হৈছিল নাৰিকলৰ; কিন্তু চাহিদাৰ তুলনাত উৎপাদন হ্রাস হোৱা বাবে মধ্যভোগীসকলে গ্রামাঞ্চলৰ পৰা পানীৰ দৰত ক্ৰয় কৰা নাৰিকল চহৰ নগৰাঞ্চলত প্রতি যোৰ ২০০/২৫০ টকাত বিক্ৰী কৰি আহিছে। ফলত নিজৰ নাৰিকল গছ নথকাসকলে বজাৰৰ পৰা নাৰিকল ক্ৰয় কৰিবলৈ গৈয়ো দাম শুনিয়ে উভতিব লগা হৈছে।






























