Iran:✒️ইৰানৰ মাটিত আমেৰিকাই বৃহৎ সামৰিক পদক্ষেপৰ পৰিকল্পনা কৰিছে বুলি ইজৰায়েলে ইঙ্গিত দিয়াৰ পাছতেই মধ্যপ্ৰাচ্যত উত্তেজনা বৃদ্ধি পাইছে। এই পৰিস্থিতিত আমেৰিকাক স্পষ্ট ভাষাত সকীয়নি দিছে ইৰানে।
তেহৰানে জনাইছে, আমেৰিকাই যদি ইৰানত আক্ৰমণ কৰে, তেন্তে ইৰানো নীৰৱ নাথাকিব।ইৰানৰ মতে, আক্ৰমণ হ’লে অঞ্চলজুৰি থকা আমেৰিকাৰ সামৰিক ঘাঁটি আৰু ইজৰায়েলক লক্ষ্য কৰি পাল্টা আক্ৰমণ কৰা হ’ব। ফলত মধ্যপ্ৰাচ্যত পুনৰ যুদ্ধৰ আশংকা ঘনীভূত হৈছে।
এই বিষয়ত ইৰানৰ সংসদ অধ্যক্ষ মোহাম্মদ বাকিৰ কালিবাফে সংসদত বক্তব্য ৰাখি আমেৰিকা আৰু ইজৰায়েলক কঠোৰ সকীয়নি দিয়ে। তেওঁ কয়, “ইৰানৰ ওপৰত যিকোনো ধৰণৰ আক্ৰমণ হ’লে, আমি ইজৰায়েল আৰু অঞ্চলত থকা সকলো আমেৰিকান ঘাঁটি, স্থাপনা আৰু যুদ্ধজাহাজক লক্ষ্য কৰিম।”
লগতে তেওঁ এইটোও স্পষ্ট কৰে যে, কেৱল আক্ৰমণৰ পাছত নহয়, বিপদৰ আগজাননী পালে আগতেই ব্যৱস্থা লোৱা হ’ব।
আনফালে, ইৰানত আয়াতোল্লা খামেনেই-বিৰোধী বিক্ষোভ অব্যাহত আছে। তথ্য অনুসৰি,এই বিক্ষোভত এতিয়ালৈকে ১১৬ জন লোকৰ মৃত্যু হৈছে আৰু প্ৰায় ২৬০০ জনক গ্ৰেপ্তাৰ কৰা হৈছে। ইৰান চৰকাৰে এই বিক্ষোভৰ পাছত আমেৰিকাৰ প্ৰত্যক্ষ ভূমিকা আছে বুলি অভিযোগ তুলিছে।
এই প্ৰসংগত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পেও কঠোৰ মন্তব্য কৰে। তেওঁ কয়, “যদি শান্তিপূৰ্ণ প্ৰতিবাদকাৰীৰ ওপৰত অত্যাচাৰ বন্ধ কৰা নহয়, তেন্তে তেহৰানত কঠোৰ ব্যৱস্থা ল’বলৈ আমেৰিকা বাধ্য হ’ব।”
এই মন্তব্যৰ পাছতেই কূটনৈতিক মহলত আশংকা প্ৰকাশ পাইছে যে, তেহৰানত শীঘ্ৰেই গুৰুত্বপূৰ্ণ পৰিঘটনা ঘটিব পাৰে।
ইফালে, বিক্ষোভ দমন কৰিবলৈ ইৰান প্ৰশাসনে অধিক কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে। চৰকাৰ-বিৰোধী বিক্ষোভত অংশ ল’লে মৃত্যুদণ্ড পৰ্যন্ত শাস্তি দিয়া হ’ব বুলি সকীয়নি জাৰি কৰা হৈছে।






























