Hagrama Mohilary:
সোমবাৰে নিশাৰ পৰা অগ্নিগর্ভ হৈ উঠা কোকৰাঝাৰৰ পৰিস্থিতি নিয়ন্ত্ৰণৰ উদ্দেশ্যে সেনা নিয়োগৰ ব্যৱস্থা লৈছে ৰাজ্য পৰিস্থিতি ইমানেই নিয়ন্ত্রণহীন হয় যে প্রতিবাদকাৰী সকলে কাৰিগাঁও উপ-আৰক্ষী চকীৰ গেট ভাঙি ভিতৰলৈ প্ৰৱেশ কৰে। প্রতিবাদকাৰীসকলে যোৱা নিশা সংঘটিত হোৱা ঘটনাত জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে আটক কৰা ২২ জন লোকক কাৰিগাঁৱৰ উপ-আৰক্ষী চকীত আবদ্ধ কৰি ৰাখিছে নেকি বুলি সন্ধান কৰি কোঠাই কোঠাই তালাচী চলায়। তদুপৰি প্ৰতিবাদকাৰী সকলে ৰাষ্ট্ৰীয় ঘাইপথত দুখন মটৰ চাইকেল জ্বলাই দিয়ে। লগতে বীৰছা কমাণ্ডোৰ অস্থায়ী শিবিৰ, নিৰ্মাণৰত বীৰসিং মুণ্ডা সাংস্কৃতিক প্রকল্পত থকা শ্রমিক গৃহ আৰু কাৰিগাঁৱৰ দাঁতিকাষৰীয়া অঞ্চলৰ কে’বাটাও গৃহ জ্বলাই দিয়াৰ লগতে দোকানৰ ক্ষতিসাধন কৰে। আৰক্ষীয়ে প্ৰতিবাদ নিয়ন্ত্রণ কৰিবলৈ চেষ্টা কৰে যদিও প্রতিবাদকাৰীসকলে কোনো কথাই শুনিবলৈ মান্তি নহয়। এই ভয়াৱহ প্ৰতিবাদৰ ফলত ৰাষ্ট্ৰীয় ঘাইপথত শ শ বাহন আবদ্ধ হৈ পৰে। তদুপৰি ভূটানৰ কে’বাখনো মালবাহী আৰু যাত্রীবাহী গাড়ীও আবদ্ধ হয়।
আনহাতে, প্রতিবাদকাৰীসকলে অধিক উগ্র ৰূপ ধাৰণ কৰাত আৰক্ষীয়ে লাহে লাহে কঠোৰ হ’বলৈ ধৰে। আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে এইবাৰ শূন্যলৈ গুলিচালনা কৰে। ফলত প্ৰতিবাদকাৰীসকল কিছু সময়ৰ বাবে আঁতৰি যায় যদিও পুনৰ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ অব্যাহত ৰাখে। এনে এক তীব্র উত্তেজনাপূর্ণ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষী মহা-পৰিদৰ্শক বিবেক ৰাজ সিং ঘটনাস্থলীত উপস্থিত হয় আৰু অৱৰোধ কাৰ্যসূচী প্ৰত্যাহাৰ কৰিবলৈ আহ্বান জনায়। কিন্তু ক্ষুব্ধ প্রতিবাদকাৰীসকল তাত মাস্তি নহ’ল আৰু শীর্ষ আৰক্ষী বিষয়াৰ উপস্থিতিতে প্রতিবাদকাৰীসকলৰ স’তে আৰক্ষীৰ ঠেলা-হেঁচা আৰম্ভ হয়। এটা সময়ত আৰক্ষীয়ে প্ৰতিবাদকাৰীসকলৰ ওপৰত লাঠিচালনা কৰি ছত্ৰভংগ দিয়াবলৈ চেষ্টা কৰে। দুয়োপক্ষৰ মাজত পৰিস্থিতিয়ে যুযুধান ৰূপ লয়। প্রতিবাদকাৰীসকলে আৰক্ষীলৈ লক্ষ্য কৰি শিলবৰ্ষণ আৰম্ভ কৰে। এই ঘটনাত এজন আৰক্ষী বিষয়াসহ দুজন জোৱান আহত হয়। পৰিস্থিতি অধিক উত্তপ্ত হোৱাত আৰক্ষীয়ে প্ৰতিবাদকাৰীক ছত্রভংগ দিয়াবলৈ কন্দুৱা গেছ নিক্ষেপ কৰে। এইদৰে কে’বাঘণ্টা সংঘাতৰ পৰিস্থিতিৰ পাছত আৰক্ষীয়ে ৰাষ্ট্ৰীয় ঘাইপথ মোকলাবলৈ সক্ষম হয় আৰু তাৰ পাছত আবদ্ধ হৈ পৰা যানবাহনসমূহ সুৰক্ষা বাহনসহ পাৰ কৰে।
আনহাতে প্রতিবাদকাৰীসকলে আনকি বিশেষ সম্প্ৰদায়ৰ ঘৰৰ ভিতৰলৈ প্ৰৱেশ কৰি খেৰৰ মেজি পর্যন্ত জ্বলাই দিয়ে। এই ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলজুৰি চেপা উত্তেজনা বিৰাজ কৰিছে আৰু সম্প্ৰতি ৰেপিড একচন ফ’ৰ্চৰ দুটা বাহিনীৰ লগতে চিআৰপিএফ নিয়োগ কৰা হৈছে। ইপিনে, মঙলবাৰে সন্ধিয়াৰে পৰা সেনাবাহিনীয়ে কাৰিগাঁও অঞ্চলত ফ্লেগমার্চ কৰে। তদুপৰি কোকৰাঝাৰ জিলাত ইণ্টাৰনেট সেৱাও বাতিল কৰা হয়। আৰক্ষীয়ে পৰিস্থিতি সন্ধিয়া ভাগলৈ নিয়ন্ত্রণ কৰিবলৈ সক্ষম হয় যদিও চেপা উত্তেজনা অব্যাহত আছে। আনহাতে, কাৰিগাঁও আৰু আউদাং বজাৰ অঞ্চলৰ দুয়োটা সম্প্ৰদায়ৰ কে’বাটাও পৰিয়ালে আতংকিত হৈ অস্থায়ী শিবিৰত আশ্রয় লৈছে।
# সোমবাৰে নিশা সংঘটিত হিংসাৰ আঁৰত?
সোমবাৰে নিশা এক ভুল বুজাবুজিৰ ফলত কাৰিগাঁও আৰক্ষী চকীৰ পৰা প্ৰায় ডেৰ কিলোমিটাৰ নিলগৰ বৰিগাঁৱত এক ভয়াৱহ ঘটনা সংঘটিত হৈছিল। কাৰিগাঁৱৰ পৰা আউদাং বজাৰলৈ যোৱা পথছোৱা নিৰ্মাণৰ বাবে ঠিকা লাভ কৰা বাৰোন্দা বসুমতাৰী নামৰ ঠিকাদাৰজনৰ শিবিৰৰ পৰা কেতবোৰ সামগ্ৰী আনিবলৈ বসুমতাৰীৰ জোঁৱায়েক চিকনা জীহীলাও বিসমিট ওৰফে ৰাজা বসুমতাৰীয়ে আন তিনিজন সংগীক লৈ স্ক’ৰপিঅ’ বাহনেৰে শিবিৰ অভিমুখে যায়। তেওঁলোকে সামগ্রীখিনি লৈ ঘূৰি আহোতে গৌৰীনগৰৰ মনছিং অঞ্চলত একাংশ যুৱকে তেওঁলোকক গৰুচোৰ বুলি সন্দেহ কৰে আৰু গাড়ীখন ৰখাবলৈ চেষ্টা কৰে। সেই সময়তে স্ক’ৰপিঅ’খন দুর্ঘটনাত পতিত হয় আৰু দুৰ্ঘটনাৰ ফলত গাড়ী ৰখাবলৈ চেষ্টা কৰা দুই স্থানীয় বাসিন্দা মহেশ মুর্মু আৰু সুনীল মুর্মু গুৰুতৰভাৱে আহত হয়। ইয়াৰ পাছতে যুৱকৰ দলটোৱে স্ক’ৰপিঅ’ বাহনখনলৈ শিলগুটি নিক্ষেপ কৰাত নিয়ন্ত্ৰণ হেৰুৱাই স্ক’ৰপিঅ’ বাহনখন সৰু খাল এটাত বাগৰি পৰাত এইবাৰ যুৱকৰ দলটোৱে স্ক’ৰপিঅ’ বাহনত থকা লোকসকলক আক্রমণ কৰে। যুৱকৰ দলটোৰ আক্ৰমণত বিসমিট ওৰফে ৰাজা বসুমতাৰীৰ ঘটনাস্থলীতে মৃত্যু হয়। আনহাতে, প্রভাত ব্ৰহ্ম আৰু যোগীৰাজ ব্ৰহ্ম গুৰুতৰভাৱে আহত হয়। আহত চাৰিওজনকে কোকৰাঝাৰ মেডিকেল কলেজ হাস্পতালত ভর্তি কৰোৱা হয়। আনহাতে, যোৱা নিশা আহত হোৱা সুনীল মুর্মু নামৰ ৩৫ বছৰীয়া যুৱকজনৰ চিকিৎসাধীন অৱস্থাতে মৃত্যু হয়।
ইপিনে, কোকৰাঝাৰৰ বিধায়ক লৰেন্স ইছলাৰীয়ে এটা দুর্ঘটনাৰ আলম লৈ মাৰধৰ কৰি হত্যা আৰু পৰৱৰ্তী পৰ্যায়ত অপ্রীতিকৰ পৰিস্থিতিৰ সৃষ্টি হোৱাটো দুর্ভাগ্যজনক বুলি মন্তব্য কৰে। তেওঁ সকলোকে শান্তি বজাই ৰাখিবলৈ আহ্বান জনায়। ইপিনে, সোমবাৰৰ ঘটনাৰ স’তে জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে সোমবাৰে নিশা ১৯ জনক আৰু মঙলবাৰে তিনিজনক আটক কৰি জেৰা অব্যাহত ৰাখিছে। এই আটকাধীনকেইজন হৈছে- সত্যনাথ টুডু (৪৭), গুড্রাই কিন্তু (৩০), গুণী মার্ডি (২৮), পৱন হেমব্রম (২২), মংগল মুর্মু (২০), ৰাজু বাস্কি (২৬), শুনিৰাম মুর্মু (৩০), ৰবীন হেমব্রম (৪৫), ছোবান মার্ডি (৩৫), ৰবীন ছোৰেন (২৫), ৰবী হাছদা (৩৮), বেছিলেঅ’ছ ছোৰেন (৩০), ছাবাহ মুর্মু। মুর্মু (৬০) , নিক’লাছ ছোৰেন (৩৫), ছ’ম হেমব্রম (১৮), ছেবাছ হেমৰম (৪৪), সুনীল টুডু (৩৫), মুন্টু মুর্মু (২৫)।
আৰক্ষী সঞ্চালক প্রধান হৰমীত সিঙে কাৰিগাঁৱত বাহৰ পাতি পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে। আনহাতে, সদৌ চাওতাল ছাত্ৰ সন্থাৰ সভাপতি বিমল কুমাৰ হেমব্রম আৰু সম্পাদক দীপাংকৰ হেমব্রমে আৰক্ষী সঞ্চালক প্রধানলৈ দিয়া এক পত্রত বিষয়টো সাৱধানে নিষ্পত্তি নকৰিলে সাম্প্রদায়িকতাৰ ফালে গতি কৰিব বুলি আশংকা প্রকাশ কৰে। গণপ্ৰহাৰৰ ঘটনাৰে জড়িত থকাসকলক দ্রুত আদালতত বিচাৰৰ দাবী জনাই আহতসকলক পর্যাপ্ত চিকিৎসা সেৱা দিবলৈ দাবী জনাইছে। উভয় পক্ষৰ গাঁওসমূহত অধিক অর্ধসামৰিক বাহিনী আৰু ৰেপিড একচন ফ’ৰ্ট নিয়োগ কৰিবলৈ দাবী জনাই শান্তিৰ বাবে দুয়োপক্ষকে লৈ আগবাঢ়িবলৈ আহ্বান জনাইছে।




































