BSF Firing in Indo-Bangla Border:
সোমবাৰে কাহিলীপুৱাতেই মানকাচৰৰ ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী কুকুৰমাৰা সীমান্তত বিএছএফৰ গুলীচালনা। বিএছএফৰ গুলীত আহত এটা চোৰাং গৰু সৰবৰাহকাৰী ৷ বিএছএফৰ বাধা নামানি সীমান্তৰে গৰু সৰবৰাহৰ চেষ্টা চলাওতে কৰ্তব্যৰত জোৱানে গুলীচালনা কৰে ৷ ফলত আহত হয় চাহেৰ আলী নামৰ এটা সৰবৰাহকাৰীজন। সৰবৰাহকাৰীটোক ততাতৈয়াকৈ ভৰ্তি কৰা হয় হাটশিঙিমাৰি জিলা অসামৰিক চিকিৎসালয়ত ৷ সৰবৰাহকাৰীজনৰ ঘৰ কুকুৰমাৰা দ্বিতীয় খণ্ড গাঁৱৰ ৷ গুলীবৃদ্ধ সৰবৰাহকাৰীজনৰ পৰা জব্দ কৰা হয় দুটা গৰু I
উল্লেখ্য যে কিছুদিন মানকাচৰৰ ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী অঞ্চলত নিশা হ’লেই চোৰাং গৰু সৰবৰাহকাৰীয়ে বাংলাদেশলৈ গৰু সৰবৰাহৰ বাবে তৎপৰ হৈ পৰে ৷ এইক্ষেত্ৰত শেহতীয়াকৈ চোৰাং গৰু সৰবৰাহকাৰীৰ বিৰুদ্ধে কঠোৰস্থিতি গ্ৰহণ কৰি নিয়মীয়া টহল দি আহিছে বিএছএফৰ জোৱানে ।


































