Akhil -Lurin Reactions:
প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা লোকসভাৰ বিৰোধী উপ-সভাপতি গৌৰৱ গগৈ কেন্দ্রীয় গৃহ মন্ত্রণালয়ৰ সংসদীয় সমিতিতো অন্তর্ভুক্ত হৈ আছে বুলি মন্তব্য কৰিছে ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈয়ে। আজি এক সংবাদমেলত মুখ্যমন্ত্ৰীয়ে গৌৰৱ গগৈৰ পাকিস্তানৰে সংযোগ থকা বুলি পুনৰ দাবী কৰাৰ পাছত বিষয়টোক লৈ অখিলে প্ৰতিক্রিয়া প্রকাশ কৰে।
সাংবাদিকৰ আগত তেওঁ কয়, ‘যদি গৌৰৱ গগৈ পাকিস্তানৰ এজেন্ট, তেন্তে তেওঁ কেনেদৰে লোকসভাৰ বিৰোধী উপ-দলপতি হৈ থাকিব পাৰিছে? সংসদত কেনেদৰে তেওঁ বক্তব্য আগবঢ়াই থাকিব পাৰিছে? গৌৰৱ গৃহ মন্ত্রণালয়ৰ সংসদীয় সমিতিতো আছে।’ বিষয়টো সন্দর্ভত অখিলে লগতে কয়, ‘যদি গৌৰৱ গগৈ পাকিস্তানৰ এজেন্ট, তেন্তে তেওঁক আজিয়ে কাৰাগাৰলৈ প্ৰেৰণ কৰা উচিত। যদি তেওঁ হিমন্ত বিশ্বই তৈয়াৰ কৰা নাটকৰহে এজেন্ট তেতিয়াহ’লে ‘বেহাৰবাৰী আউটপ’ষ্ট’ চোৱাৰ দৰে আমি মাজে-সমায়ে এনেকুৱা প্রেছ মীট (সংবাদমেল) চাই থাকিম।
যদি সঁচাকৈ গৌৰৱ গগৈ পাকিস্তানৰ এজেন্ট আজিৰ পৰা তেওঁ আৰু ওলাব নোৱাৰে তাক চৰকাৰে নিশ্চিত কৰক। তেওঁক ফাঁচি দিব লাগিব, গোটেই জীৱন কাৰাগাৰত ৰাখিব লাগিব!’ স্বয়ং মুখ্যমন্ত্রীয়ে পাকিস্তানৰ এজেন্ট বুলি কোৱাৰ পাছতো গৌৰৱে কেনেদৰে মুকলি আকাশৰ তলত বিচৰণ কৰি আছে তাক লৈ অখিলে আশ্চর্যও প্রকাশ কৰে। তেওঁ পুনৰ কয়, ‘মই যদি পাকিস্তানৰ এজেন্ট হওঁ মোক এদিনৰ বাবেও বাহিৰত ৰাখি পাকিস্তানক সহায় কৰি থাকিবলৈ দিব নেকি? অথচ গৌৰৱ বাহিৰত ঘূৰি আছে। মই কাৰাৰুদ্ধ হৈ থাকোতে ‘বেহাৰবাৰী আউটপ’ষ্ট’ চাইছিলো। হিমন্ত বিশ্ব শর্মাই যোৱা দুবছৰ ধৰি একেবোৰ কথাই কৈ আছে। নতুনত্ব নাই।
‘বেহাৰবাৰী আউটপ’ষ্ট’ৰ দৰে কথা। চিনেমাখনৰ কাহিনী একেই। চৰিত্ৰসমূহৰ বুদ্ধিদীপ্ততা নাই। অভিযোগটো ছিৰিয়াছ। যদিহে বিষয়টো কেন্দ্রলৈ আগবঢ়ায় তেন্তে ই ‘বেহাৰবাৰী আউটপ’ষ্ট’ ছিৰিয়েলহে!’ গগৈয়ে লগতে কয় যে মুখ্যমন্ত্ৰীয়ে আজিৰ সংবাদমেলৰ বাতৰি সংগ্ৰহৰ বাবে দিল্লীৰ পৰা এটা ৩০ জনীয়া সাংবাদিকৰ দল আনি গুৱাহাটীত পঞ্চতাৰকাযুক্ত হোটেলত ৰাখিলে। সাংবাদিকৰ দলটোক খোৱাৰ সুবিধাও দিলে বুলি উল্লেখ কৰি তেওঁ লগতে কয়, ‘পইচাও দিব পাৰে। পীযুষ হাজৰিকাই টেলিভিছন চেনেলসমূহলৈ ফোন কৰি সংবাদমেলৰ চলন্ত সম্প্ৰচাৰ কৰিবলৈ ক’লে। অমিত শ্বাহে চাব, গৃহ মন্ত্রণালয়ে চাব, এনআইএ-য়ে চাব বুলি মুখ্যমন্ত্রীয়ে ক’লে। গতিকে কথাবোৰ ওলট-পালট।’
আনহাতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ পাকিস্তানৰে সম্পৰ্ক থকা বুলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই এক সংবাদমেলত সদৰী কৰা ভাষ্যক ফটা ঢোল আখ্যা দিলে অসম জাতীয় পৰিষদ (অজাপ)ৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে। গগৈয়ে দলৰ পাঠশালাৰ এক বুথ সম্মিলনত অংশগ্রহণ কৰে। সভাত অংশগ্ৰহণৰ সময়ত তেওঁ সাংবাদিকৰ আগত কয়, ‘হিমন্ত বিশ্ব শর্মাই প্ৰথমৰে পৰা মানুহৰ মাজত বিভ্রান্তিকৰ পৰিৱেশ সৃষ্টি কৰিবলৈ চেষ্ট কৰি আহিছে। কেন্দ্ৰীয় গৃহমন্ত্রী, বৈদেশিক মন্ত্রীয়ে গৌৰৱৰ বিৰুদ্ধে এই কথা কোৱা নাই। মুখ্যমন্ত্ৰী ৰাজ্যৰ সাংবিধানিক মুৰব্বী। সাংবিধানিক মুৰব্বীয়ে এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। মানুহৰ মাজত বিভ্রান্তিৰ সৃষ্টি কৰিবলৈ মুখ্যমন্ত্রীয়ে নতুন নতুন বাগধাৰা সৃষ্টি কৰি আহিছে। ফটা ঢোল বেছিকৈ বাজে। এইটো আজি প্রমাণ হ’ল যে তেওঁ প্রলাপ বকিছে।’
ৰাজ্যত বিৰোধীৰ ঐক্যবদ্ধ শক্তিৰ উত্থান দেখি বিৰোধীৰ চৰিত্ৰ হনন কৰিবলৈ অপচেষ্টা কৰা বুলিও লুবীণে অভিযোগ উত্থাপন কৰে। তেওঁ কয়, ‘বিৰোধীৰ চৰিত্ৰ হনন কৰিবলৈ উঠি পৰি লাগিছে। কিন্তু বিজেপিক উৎখাত কৰাৰ আমাৰ যি যাত্রা তাক বাধা দিব নোৱাৰে।’ একেদৰে অজাপ নেতৃত্বই অভিযোগ উত্থাপন কৰে যে মুখ্যমন্ত্ৰীয়ে অসম আৰক্ষীৰ বিশেষ অনুসন্ধানকাৰী গোট (এছআইটি) ক ৰাজনৈতিক প্রয়োজনত ব্যৱহাৰ কৰি আৰক্ষীকো হাঁহিয়াতৰ পাত্ৰ কৰিলে। অজাপই লগতে কয় যে আৰক্ষীৰ ৰাজনৈতিক ব্যৱহাৰে আৰক্ষীৰ ওপৰত বিশ্বাসযোগ্যতা আৰু ৰাইজৰ আস্থা হ্রাস কৰিব।
আনহাতে, অজাপ সভাপতি গগৈক প্রাক্তন মন্ত্রী বৃন্দাবন গোস্বামী, ডাঃ কমলা কলিতা, উৎপল দত্ত আদিৰ ফলত যোগদানৰ সম্পৰ্কত প্রশ্ন কৰাত তেওঁ দাবী কৰে যে অচিৰে অগপ-বিজেপিৰ একাংশ নেতাই অজাপত যোগদান কৰিব। শীঘ্ৰে এইসকলৰ নাম ঘোষণা কৰা হ’ব বুলিও অজাপ নেতাজনে সদৰী কৰে।
ইপিনে, বিৰোধী ঐক্যমঞ্চত অজাপৰ আসন বুজাবুজিৰ ক্ষেত্ৰত ৮৫ শতাংশ বুজাবুজি সম্পন্ন হৈছে বুলি উল্লেখ কৰি গগৈয়ে লগতে কয় যে সাতদিনৰ ভিতৰত এশ শতাংশই স্পষ্টহ’ব। আগন্তুক নির্বাচনত অজাপই কি কি ইছ্যু লৈ ৰাইজৰ ওচৰলৈ যাব বুলি প্রশ্ন কৰাত তেওঁ কয়, ‘বিজেপি নেতাৰ পৰিয়ালকেন্দ্ৰিক ৰাজনীতি, মুখ্যমন্ত্রী পত্নীৰ মাটিৰ বিষয়, মুখ্যমন্ত্ৰীৰ পুত্ৰৰ ১৭টাকৈ কোম্পানী, জুবিন গাৰ্গৰ ন্যায়, উন্নয়নৰ ফোঁপোলা স্বৰূপ আদিয়ে বিৰোধীৰ মূল নির্বাচনী ইছ্যু হ’ব।’




































